--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে ৰমজান আলীৰ পৰা এটা পলিথিন ভৰ্তি হেৰ’ইন, ১৮টা হেৰ’ইনভৰ্তি কণ্টেইনাৰ আৰু নগদ ১৬২৭০ টকা জব্দ কৰে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছবিৰোধী অভিযানৰ মাজতে মুকালমুৱা আৰক্ষীয়ে এক সফল অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। 

গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে বালিকুছি গাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰমজান আলীৰ ঘৰত তালাচী চলায়। অভিযানত ৰমজান আলীৰ পত্নী আৰিফি বেগমক আটক কৰে।

আৰক্ষীয়ে ৰমজান আলীৰ পৰা ১৮টা হেৰ’ইনভৰ্তি কণ্টেইনাৰ, এটা পলিথিন ভৰ্তি হেৰ’ইন আৰু নগদ ১৬২৭০ টকা জব্দ কৰে । ইফালে আৰক্ষীয়ে আন এক পৃথক অভিযানত লাৰকুছি অঞ্চলৰ পৰা ৬১.১৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে।

এই কাৰ্যত জড়িত থকাৰ অভিযোগত ৰুবুল হক, আয়ন আলী আৰু ৰকিবুল নামৰ তিনিজন যুৱকক কৰায়ত্ত কৰা হয়।

আৰক্ষীৰ এই তৎপৰতাক স্থানীয় ৰাইজে আদৰণি জনাইছে। ধৃত লোককেইজনক বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক