--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত মানাস নেচাৰ কনজাৰভেচন ৱেলফাৰ চচাইটি (চমুকৈ ‘বাবা বন্ধু’)ৰ কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত এই পক্ষীটো উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্ক: বিজনীৰ বিষ্ণুপুৰত অচিনাকি প্ৰব্ৰজিত চৰাই উদ্ধাৰ। এনজিঅ’ৰ তৎপৰতাত ৰক্ষা পৰে অচিনাকি পক্ষীটো। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং বিষ্ণুপুৰত এটা অচিনাকি প্ৰব্ৰজিত পক্ষী উদ্ধাৰ হোৱা ঘটনাই স্থানীয় ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। 


মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত মানাস নেচাৰ কনজাৰভেচন ৱেলফাৰ চচাইটি (চমুকৈ ‘বাবা বন্ধু’)ৰ কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত এই পক্ষীটো উদ্ধাৰ কৰা হয়।


জানিব পৰা মতে, বৃহস্পতিবাৰে ‘বাবা বন্ধু’ আৰু মানাস মাউজীগেন্দ্ৰী ইকো টুৰিজিম ছচাইটিৰ সদস্যসকলে হাতী সুৰক্ষাৰ বাবে স্থাপন কৰা বৈদ্যুতিক বেৰৰ পেট্ৰলিং ডিউটি পালন কৰি থকা সময়তে হঠাতে এই অচিনাকি পক্ষীটো লক্ষ্য কৰে। তাৰ পিছতে তেওঁলোকে তৎপৰতাৰে পক্ষীটো উদ্ধাৰ কৰি সুৰক্ষিতভাৱে এনজিঅ’ৰ কাৰ্যালয়লৈ লৈ আনে।


প্ৰাথমিকভাৱে এই পক্ষীটো বহিঃদেশীয় প্ৰজাতিৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছিল যদিও পিছত নিশ্চিত কৰা হয় যে ইয়াৰ নাম Brown-headed Gull, অৰ্থাৎ এটা প্ৰব্ৰজিত জলচৰ পক্ষী। অনুমান কৰা হৈছে যে, যোৱা নিশাৰ বতাহৰ লগত উৰি আহি এই অঞ্চলত উপস্থিত হৈছে।


ইফালে, বিষয়টো সন্দৰ্ভত বন বিভাগৰ সৈতে যোগাযোগ কৰাৰ পিছত সন্ধিয়াত ১৫ নং বি.এন এছ এছ বি, কাজলগাঁৱৰ সহকাৰী কামাণ্ডেণ্ট ৰহন সিং আৰু বিষ্ণুপুৰ বিওপিৰ এছ এছ বিৰ সহকাৰী ইনছপেক্টৰসহ জোৱানসকলৰ উপস্থিতিত এই Brown-headed Gull পক্ষীটো কুকলুঙ ফৰেষ্ট অফিচৰ বনকৰ্মীসকলৰ হাতত গতাই দিয়ে মানাস নেচাৰ কনজাৰভেচন ৱেলফাৰ চচাইটি (‘বাবা বন্ধু’)ৰ সদস্যসকলে।


ঘটনাটোৱে পুনৰ এটা কথা স্পষ্ট কৰিলে যে স্থানীয় এনজিঅ’ আৰু বন বিভাগৰ যৌথ তৎপৰতাই বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ