--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তী উপলক্ষে , ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব দি কাৰ্গিল বীৰসকলক শ্ৰদ্ধাঞ্জলি জনায়

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শনিবাৰে কয় যে কাৰ্গিল বিজয় দিৱসে দেশৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব আৰু অটল দৃঢ়তাৰ প্ৰতীক, লগতে তেওঁ ১৯৯৯ চনৰ সংঘাতৰ সময়ত প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


জাতিটোৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু পৰম ত্যাগে ইয়াৰ নাগৰিকসকলক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব বুলিও তেওঁ দৃঢ়তাৰে কয়।১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সেনাই “অপাৰেচন বিজয়”ৰ সফল শিখৰত উপনীত হোৱাৰ কথা ঘোষণা কৰিছিল । লাডাখৰ কাৰ্গিলৰ বৰফৰ উচ্চতাত প্ৰায় তিনিমাহজোৰা যুদ্ধৰ অন্তত এই বিজয় সাব্যস্ত হৈছিল।



কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তী উপলক্ষে , ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব দি কাৰ্গিল বীৰসকলক শ্ৰদ্ধাঞ্জলি জনায়।


তাৰোপৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে এক্সৰ এটা পোষ্টত এনেদৰে কয় যে "কাৰ্গিল বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো।এই দিনটো আমাৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব, সাহস, আৰু অটল দৃঢ়তাৰ প্ৰতীক।জাতিটোৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু পৰম ত্যাগে চিৰদিনৰ বাবে ইয়াৰ নাগৰিকসকলক অনুপ্ৰাণিত কৰিব।“জয় হিন্দ! জয় ভাৰত!”


লগতে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰধামন্ত্ৰী মোদী ৰাষ্ট্ৰপতি মূর্মুৰ সৈতে উপস্থিত থাকে । ১৯৯৯ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ উপলক্ষে প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এই অনুষ্ঠানে দেশৰ গৌৰৱ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা দেশক সোঁৱৰাই দিয়ে।



কাৰ্গিল যুদ্ধৰ সময়ত অপাৰেচন বিজয়ৰ লক্ষ্য আছিল লাডাখৰ কাৰ্গিল অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে পাকিস্তানী সৈনিক আৰু উগ্ৰপন্থীয়ে দখল কৰা ভাৰতীয় ভূমি পুনৰ দখল কৰা। ভাৰতীয় সেনাই তেওঁলোকক বাহিৰলৈ ঠেলি দিয়াৰ লগতে গুৰুত্বপূৰ্ণ পাহাৰীয়া স্থানসমূহ পুনৰ নিয়ন্ত্ৰণ কৰি অঞ্চলটোৰ ওপৰত ভাৰতৰ কৰ্তৃত্ব পুনৰ ঘূৰাই অনাৰ কাম কৰিছিল।


উল্লেখনীয় যে ভাৰতৰ ভিন্ন মন্ত্ৰী আৰু উচ্চ বিষয়াই দেশৰ এই বীৰ সকলক শ্ৰদ্ধাঞ্জলি জনাইছে


কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়- "কঠিন কাৰ্গিল অঞ্চলত আমাৰ দেশক ৰক্ষা কৰাৰ লগতে অতি সাহস আৰু শক্তি প্ৰদৰ্শন কৰা আমাৰ বীৰ জোৱানসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ এই ত্যাগে আমাক আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তিশালী মনোভাৱৰ কথা মনত পেলাই দিয়ে। ভাৰত তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব।"


কাৰ্গিল বিজয় দিৱসৰ দিনা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক্স পোষ্টত তেওঁ কয়- “কাৰগিল যুদ্ধৰ সময়ত আমাৰ দেশক ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক আমি স্মৰণ আৰু প্ৰণাম জনাইছো।আমাৰ আন্তৰিক শুভেচ্ছা সশস্ত্ৰ বাহিনী, প্ৰাক্তন সেনাবাহিনী, তেওঁলোকৰ পৰিয়াল, আৰু সকলো ভাৰতীয়লৈ আজিৰ দিনটোত আমাৰ আন্তৰিক শুভেচ্ছা।”


ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ গীত ধামীয়ে লিখিছে যে এই অনুষ্ঠানটো কেৱল যুদ্ধত বিজয় উদযাপনৰ দিন নহয়, বৰঞ্চ পাহৰিব নোৱাৰা ভাৰতৰ বীৰ পুত্ৰসকলৰ বীৰত্ব, ত্যাগ, আৰু জাতীয় সেৱাৰ এক “চিৰন্তন কাহিনী”।


শনিবাৰে ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰতীয় বায়ুসেনাই ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ জোৱানসকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতৰ হৈ যুঁজ দিয়া বীৰসকলৰ সাহস, ত্যাগ, দৃঢ়তাক সন্মান জনায়।



পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে শনিবাৰে কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তীত ১৯৯৯ চনৰ কাৰ্গিল সংঘাতৰ সময়ত প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোষ্টত লিখিছে "অসীম সাহস, বীৰত্বৰে দেশমাতৃৰ সুৰক্ষাৰ বাবে যুঁজ দিয়া কাৰ্গিল যুদ্ধৰ মহান বীৰ জোৱানসকলক চেল্যুট জনালোঁ। মাতৃভূমিৰ প্ৰতি থকা কৰ্তব্যবোধ, শ্ৰদ্ধা প্ৰতিফলিত কৰি শত্ৰুপক্ষক উচিত প্ৰত্যুত্তৰ দিয়া এইসকল মহান সেনাৰ দেশপ্ৰেমৰ গাথাই নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাব।"



দেশ আৰু দহৰ কাৰণে প্ৰাণ ত্যাগ কৰা এইসকল জোৱান চিৰযুগমীয়া। তেওঁলোকৰ ত্যাগ আৰু অহোপুৰুষাৰ্থই দেশক চিৰদিনলৈ জাকত জিলিকা কৰি ৰাখিব। যুদ্ধত বীৰত্বৰ এক অতুলনীয় অধ্যায় লিখা সকলো বীৰ জোৱানৰ বীৰ আৰু ত্যাগক আমি প্ৰণাম জনাইছো। তেওঁলোকৰ বীৰত্বৰ কথা ইতিহাসৰ পাতত সদায় সন্নিবিষ্ট হৈ থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement