--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তী উপলক্ষে , ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব দি কাৰ্গিল বীৰসকলক শ্ৰদ্ধাঞ্জলি জনায়

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শনিবাৰে কয় যে কাৰ্গিল বিজয় দিৱসে দেশৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব আৰু অটল দৃঢ়তাৰ প্ৰতীক, লগতে তেওঁ ১৯৯৯ চনৰ সংঘাতৰ সময়ত প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


জাতিটোৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু পৰম ত্যাগে ইয়াৰ নাগৰিকসকলক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব বুলিও তেওঁ দৃঢ়তাৰে কয়।১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সেনাই “অপাৰেচন বিজয়”ৰ সফল শিখৰত উপনীত হোৱাৰ কথা ঘোষণা কৰিছিল । লাডাখৰ কাৰ্গিলৰ বৰফৰ উচ্চতাত প্ৰায় তিনিমাহজোৰা যুদ্ধৰ অন্তত এই বিজয় সাব্যস্ত হৈছিল।



কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তী উপলক্ষে , ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব দি কাৰ্গিল বীৰসকলক শ্ৰদ্ধাঞ্জলি জনায়।


তাৰোপৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে এক্সৰ এটা পোষ্টত এনেদৰে কয় যে "কাৰ্গিল বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো।এই দিনটো আমাৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব, সাহস, আৰু অটল দৃঢ়তাৰ প্ৰতীক।জাতিটোৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু পৰম ত্যাগে চিৰদিনৰ বাবে ইয়াৰ নাগৰিকসকলক অনুপ্ৰাণিত কৰিব।“জয় হিন্দ! জয় ভাৰত!”


লগতে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰধামন্ত্ৰী মোদী ৰাষ্ট্ৰপতি মূর্মুৰ সৈতে উপস্থিত থাকে । ১৯৯৯ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ উপলক্ষে প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এই অনুষ্ঠানে দেশৰ গৌৰৱ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা দেশক সোঁৱৰাই দিয়ে।



কাৰ্গিল যুদ্ধৰ সময়ত অপাৰেচন বিজয়ৰ লক্ষ্য আছিল লাডাখৰ কাৰ্গিল অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে পাকিস্তানী সৈনিক আৰু উগ্ৰপন্থীয়ে দখল কৰা ভাৰতীয় ভূমি পুনৰ দখল কৰা। ভাৰতীয় সেনাই তেওঁলোকক বাহিৰলৈ ঠেলি দিয়াৰ লগতে গুৰুত্বপূৰ্ণ পাহাৰীয়া স্থানসমূহ পুনৰ নিয়ন্ত্ৰণ কৰি অঞ্চলটোৰ ওপৰত ভাৰতৰ কৰ্তৃত্ব পুনৰ ঘূৰাই অনাৰ কাম কৰিছিল।


উল্লেখনীয় যে ভাৰতৰ ভিন্ন মন্ত্ৰী আৰু উচ্চ বিষয়াই দেশৰ এই বীৰ সকলক শ্ৰদ্ধাঞ্জলি জনাইছে


কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়- "কঠিন কাৰ্গিল অঞ্চলত আমাৰ দেশক ৰক্ষা কৰাৰ লগতে অতি সাহস আৰু শক্তি প্ৰদৰ্শন কৰা আমাৰ বীৰ জোৱানসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ এই ত্যাগে আমাক আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তিশালী মনোভাৱৰ কথা মনত পেলাই দিয়ে। ভাৰত তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব।"


কাৰ্গিল বিজয় দিৱসৰ দিনা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক্স পোষ্টত তেওঁ কয়- “কাৰগিল যুদ্ধৰ সময়ত আমাৰ দেশক ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক আমি স্মৰণ আৰু প্ৰণাম জনাইছো।আমাৰ আন্তৰিক শুভেচ্ছা সশস্ত্ৰ বাহিনী, প্ৰাক্তন সেনাবাহিনী, তেওঁলোকৰ পৰিয়াল, আৰু সকলো ভাৰতীয়লৈ আজিৰ দিনটোত আমাৰ আন্তৰিক শুভেচ্ছা।”


ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ গীত ধামীয়ে লিখিছে যে এই অনুষ্ঠানটো কেৱল যুদ্ধত বিজয় উদযাপনৰ দিন নহয়, বৰঞ্চ পাহৰিব নোৱাৰা ভাৰতৰ বীৰ পুত্ৰসকলৰ বীৰত্ব, ত্যাগ, আৰু জাতীয় সেৱাৰ এক “চিৰন্তন কাহিনী”।


শনিবাৰে ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰতীয় বায়ুসেনাই ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বীৰ জোৱানসকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতৰ হৈ যুঁজ দিয়া বীৰসকলৰ সাহস, ত্যাগ, দৃঢ়তাক সন্মান জনায়।



পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে শনিবাৰে কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তীত ১৯৯৯ চনৰ কাৰ্গিল সংঘাতৰ সময়ত প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোষ্টত লিখিছে "অসীম সাহস, বীৰত্বৰে দেশমাতৃৰ সুৰক্ষাৰ বাবে যুঁজ দিয়া কাৰ্গিল যুদ্ধৰ মহান বীৰ জোৱানসকলক চেল্যুট জনালোঁ। মাতৃভূমিৰ প্ৰতি থকা কৰ্তব্যবোধ, শ্ৰদ্ধা প্ৰতিফলিত কৰি শত্ৰুপক্ষক উচিত প্ৰত্যুত্তৰ দিয়া এইসকল মহান সেনাৰ দেশপ্ৰেমৰ গাথাই নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাব।"



দেশ আৰু দহৰ কাৰণে প্ৰাণ ত্যাগ কৰা এইসকল জোৱান চিৰযুগমীয়া। তেওঁলোকৰ ত্যাগ আৰু অহোপুৰুষাৰ্থই দেশক চিৰদিনলৈ জাকত জিলিকা কৰি ৰাখিব। যুদ্ধত বীৰত্বৰ এক অতুলনীয় অধ্যায় লিখা সকলো বীৰ জোৱানৰ বীৰ আৰু ত্যাগক আমি প্ৰণাম জনাইছো। তেওঁলোকৰ বীৰত্বৰ কথা ইতিহাসৰ পাতত সদায় সন্নিবিষ্ট হৈ থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা