--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত ৪০৭৮ দিন সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে ইন্দিৰা গান্ধীয়ে একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখ ভংগ কৰে

ডিজিটেল ডেস্ক : নৰেন্দ্র মোদীয়ে একেৰাহে আটাইতকৈ দীঘলীয়া সময় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত থকা দ্বিতীয়জন নেতাৰূপে পৰিগণিত হৈছে। তেওঁ প্রাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰে।


মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত ৪০৭৮ দিন সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে ইন্দিৰা গান্ধীয়ে একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখ ভংগ কৰে। ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা একেৰাহে ১৯৭৭চনৰ ২৪ মাৰ্চলৈকে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল।


একেৰাহে আটাইতকৈ বেছি দিন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখ প্রাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ। নেহৰুৱে ১৯৪৭চনৰ ১৫ আগষ্টৰ পৰা একেৰাহে ১৯৬৪ চনৰ ২৭ মে'লৈকে মুঠ ৬১২৬ দিন দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল। অৱশ্যে একেৰাহে তিনিবাৰ লোকসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ নেহৰুৰ অভিলেখ যোৱা বছৰ মোদীয়ে স্পর্শ কৰে।


আনহাতে মোদী দেশৰ আটাইতকৈ দীঘলীয়া সময় পদত থকা নেতাৰূপে পৰিগণিত হৈছে। তেওঁ ২০০১ৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তাৰ পাছত ২০১৪ চনৰ ২৬ মে'ৰ পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ পদত আছে। তেওঁ একেৰাহে ২৪ বছৰতকৈও অধিক সময়ত ৰাজ্য আৰু দেশৰ চৰকাৰৰ মুৰব্বীৰ পদত আছে। ইয়াৰ লগতে তেওঁ স্বাধীনতাৰ পাছত জন্মগ্রহণ কৰা প্ৰথমজন আৰু একেৰাতে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথমজন অ-কংগ্রেছী প্রধানমন্ত্রী।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা