--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত ৪০৭৮ দিন সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে ইন্দিৰা গান্ধীয়ে একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখ ভংগ কৰে

ডিজিটেল ডেস্ক : নৰেন্দ্র মোদীয়ে একেৰাহে আটাইতকৈ দীঘলীয়া সময় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত থকা দ্বিতীয়জন নেতাৰূপে পৰিগণিত হৈছে। তেওঁ প্রাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰে।


মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত ৪০৭৮ দিন সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে ইন্দিৰা গান্ধীয়ে একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখ ভংগ কৰে। ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা একেৰাহে ১৯৭৭চনৰ ২৪ মাৰ্চলৈকে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল।


একেৰাহে আটাইতকৈ বেছি দিন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখ প্রাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ। নেহৰুৱে ১৯৪৭চনৰ ১৫ আগষ্টৰ পৰা একেৰাহে ১৯৬৪ চনৰ ২৭ মে'লৈকে মুঠ ৬১২৬ দিন দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল। অৱশ্যে একেৰাহে তিনিবাৰ লোকসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ নেহৰুৰ অভিলেখ যোৱা বছৰ মোদীয়ে স্পর্শ কৰে।


আনহাতে মোদী দেশৰ আটাইতকৈ দীঘলীয়া সময় পদত থকা নেতাৰূপে পৰিগণিত হৈছে। তেওঁ ২০০১ৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তাৰ পাছত ২০১৪ চনৰ ২৬ মে'ৰ পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ পদত আছে। তেওঁ একেৰাহে ২৪ বছৰতকৈও অধিক সময়ত ৰাজ্য আৰু দেশৰ চৰকাৰৰ মুৰব্বীৰ পদত আছে। ইয়াৰ লগতে তেওঁ স্বাধীনতাৰ পাছত জন্মগ্রহণ কৰা প্ৰথমজন আৰু একেৰাতে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথমজন অ-কংগ্রেছী প্রধানমন্ত্রী।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক