--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ছোৱালীজনীৰ মেডিকেলৰ পৰীক্ষা আছিল। পৰীক্ষা আছিল মেডিকেলৰ।  NEET পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়তে ৰাতিপুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল ছোৱালীজনীৰ পিতৃয়ে। পিতৃৰ আশা আছিল তেওঁৰ কন্যা এদিন এগৰাকী সফল চিকিৎসক হ’ব।

পিতৃৰ  ইচ্ছা পূৰণৰ  বাবে মেডিকেলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল ছোৱালীজনীয়ে। কিন্তু পৰীক্ষা দিনাই শেষ নিশ্বাস ত্যাগ কৰিলে তাইৰ ৰুগীয়া পিতৃয়ে।

দূৰ্যোগৰ সময়তো ধৈৰ্য্য নেহেৰুৱালে তাই। পিতৃৰ ইচ্ছাৰ কথা মনত পেলাই মন সবল কৰি, চকুৰ চকুলো ধৰি ৰাখি ঘৰৰে এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষাত বহিলগৈ। সুকলমে পৰীক্ষা দি পৰীক্ষা কেন্দ্ৰৰ পৰা কান্দি কান্দি ওলাই আহিল তাই। পৰীক্ষা দি ঘৰলৈ আহি শ্মশানলৈ লৈ গৈ পিতৃৰ মৃতদেহৰ চৰণত শেষবাৰৰ বাবে সেৱা আগবঢ়াই মুখাগ্নি কৰিলে।

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ঘোষপাৰা খুদিৰামপল্লীত।প্ৰয়াত ব্যক্তিগৰাকীৰ নাম হৰধন ভট্টাচাৰ্য। তেওঁ আছিল স্থানীয় বলিয়া কামদেৱপুৰ জুনিয়ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। অসুস্থতাৰ বাবে দেওবাৰে ঘৰতে তেওঁৰ মৃত্যু হয়। হৰধনৰ পত্নী কবিতা সিং ৰায় বৰ্তমান চকদহ বাপুজী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।

হৰধন ভট্টাচাৰ্য আৰু কবিতা সিং ৰায়ৰ একমাত্ৰ কন্যা মহৰ। মেডিকেলৰ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ তেওঁ ৰাজস্থানৰ কোটাৰ এটা বিখ্যাত প্ৰশিক্ষক কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

দেউতাকৰ বেমাৰৰ খবৰ লাভ কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ৰাজস্থানৰ পৰা ঘৰলৈ আহিছিল মহৰ। এপ্ৰিল মাহতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল হৰধন ভট্টাচাৰ্যক। কিন্তু পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক ঘৰলৈ লৈ অনা হৈছিল।শনিবাৰে নিশা হঠাতে পুনৰ অসুস্থ হৈ পৰিছিল হৰধন ভট্টাচাৰ্য। পিছদিনা পৰীক্ষা থকা সত্বেও মাতৃৰ সৈতে গোটেই নিশা সাৰে আছিল মহৰ। কিন্তু ৰাতিপুৱা চিকিৎসাৰ ব্যৱস্থা কৰাৰ আগতেই সংসাৰৰ অধ্যায় সামৰি নেদেখা দেশলৈ গুচি গ’ল প্ৰাক্তন শিক্ষকগৰাকী।

শেষকৃত সমাপন কৰি আহি মহৰে ক’লে, ‘‘দেউতা সুস্থ হৈ থকা হ’লে মোক পৰীক্ষা কেন্দ্ৰলৈ লৈ গ’লহেঁতেন। দেউতাৰ সপোন আৰু ইচ্ছাক সন্মান জনাব খুজিয়েই মই পৰীক্ষা দিবলৈ গ’লোঁ। পৰীক্ষাৰ ফলাফল কি হ’ব নাজানো। প্ৰয়োজন হ’লে অহাবাৰ আকৌ এই পৰীক্ষাত অৱতীৰ্ণ হ’ম।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে