--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ছোৱালীজনীৰ মেডিকেলৰ পৰীক্ষা আছিল। পৰীক্ষা আছিল মেডিকেলৰ।  NEET পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়তে ৰাতিপুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল ছোৱালীজনীৰ পিতৃয়ে। পিতৃৰ আশা আছিল তেওঁৰ কন্যা এদিন এগৰাকী সফল চিকিৎসক হ’ব।

পিতৃৰ  ইচ্ছা পূৰণৰ  বাবে মেডিকেলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল ছোৱালীজনীয়ে। কিন্তু পৰীক্ষা দিনাই শেষ নিশ্বাস ত্যাগ কৰিলে তাইৰ ৰুগীয়া পিতৃয়ে।

দূৰ্যোগৰ সময়তো ধৈৰ্য্য নেহেৰুৱালে তাই। পিতৃৰ ইচ্ছাৰ কথা মনত পেলাই মন সবল কৰি, চকুৰ চকুলো ধৰি ৰাখি ঘৰৰে এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষাত বহিলগৈ। সুকলমে পৰীক্ষা দি পৰীক্ষা কেন্দ্ৰৰ পৰা কান্দি কান্দি ওলাই আহিল তাই। পৰীক্ষা দি ঘৰলৈ আহি শ্মশানলৈ লৈ গৈ পিতৃৰ মৃতদেহৰ চৰণত শেষবাৰৰ বাবে সেৱা আগবঢ়াই মুখাগ্নি কৰিলে।

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ঘোষপাৰা খুদিৰামপল্লীত।প্ৰয়াত ব্যক্তিগৰাকীৰ নাম হৰধন ভট্টাচাৰ্য। তেওঁ আছিল স্থানীয় বলিয়া কামদেৱপুৰ জুনিয়ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। অসুস্থতাৰ বাবে দেওবাৰে ঘৰতে তেওঁৰ মৃত্যু হয়। হৰধনৰ পত্নী কবিতা সিং ৰায় বৰ্তমান চকদহ বাপুজী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।

হৰধন ভট্টাচাৰ্য আৰু কবিতা সিং ৰায়ৰ একমাত্ৰ কন্যা মহৰ। মেডিকেলৰ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ তেওঁ ৰাজস্থানৰ কোটাৰ এটা বিখ্যাত প্ৰশিক্ষক কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

দেউতাকৰ বেমাৰৰ খবৰ লাভ কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ৰাজস্থানৰ পৰা ঘৰলৈ আহিছিল মহৰ। এপ্ৰিল মাহতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল হৰধন ভট্টাচাৰ্যক। কিন্তু পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক ঘৰলৈ লৈ অনা হৈছিল।শনিবাৰে নিশা হঠাতে পুনৰ অসুস্থ হৈ পৰিছিল হৰধন ভট্টাচাৰ্য। পিছদিনা পৰীক্ষা থকা সত্বেও মাতৃৰ সৈতে গোটেই নিশা সাৰে আছিল মহৰ। কিন্তু ৰাতিপুৱা চিকিৎসাৰ ব্যৱস্থা কৰাৰ আগতেই সংসাৰৰ অধ্যায় সামৰি নেদেখা দেশলৈ গুচি গ’ল প্ৰাক্তন শিক্ষকগৰাকী।

শেষকৃত সমাপন কৰি আহি মহৰে ক’লে, ‘‘দেউতা সুস্থ হৈ থকা হ’লে মোক পৰীক্ষা কেন্দ্ৰলৈ লৈ গ’লহেঁতেন। দেউতাৰ সপোন আৰু ইচ্ছাক সন্মান জনাব খুজিয়েই মই পৰীক্ষা দিবলৈ গ’লোঁ। পৰীক্ষাৰ ফলাফল কি হ’ব নাজানো। প্ৰয়োজন হ’লে অহাবাৰ আকৌ এই পৰীক্ষাত অৱতীৰ্ণ হ’ম।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান