--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইতিহাস সাক্ষী আছে যেতিয়াই দেশ এখনত আভ্যন্তৰতে হওক বা বহিৰতে হওক, দেশখনত হোৱা পাৰস্পৰিক সংঘাত সংঘৰ্ষৰ ফলত আটাইতকৈ অধিক ক্ষতি হয় সাধাৰণ জনতাৰ৷ সমান্তৰালভৱে ক্ষতিসাধন হয় দেশখনৰ সাংস্কৃতিক, ভৌগোলিক পৰিস্থিতিৰো৷ সম্প্ৰতি বিশ্ববাসী এনে এক পৰিৱৰ্তনৰ সাক্ষী হৈছে লেবাননত৷

ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাতৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে লেবাননৰ সাধাৰণ জনতা। ইজৰাইলে লেবাননৰ হিজবুল্লাহৰ ঘাটি সমূহত অবিৰতভাৱে চলাই বিমান আক্ৰমণত হিজবুল্লাহৰ সন্ত্ৰাসবাদীৰ উপৰিও যথেষ্টসংখ্যক সাধাৰণ লোকো নিহত হৈছে৷ যিসকল লোক কোনো ধৰণে ইজৰাইল বা হিজবুল্লাহৰ সৈতে সম্পৰ্ক নাই। উল্লেখনীয় যে  ইজৰাইলৰ বোমা বিস্ফোৰণত হিজবুল্লাহৰ শীর্ষ বিষয়া হাছান নাছৰল্লা নিহত হৈছে৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে হাছান নছৰল্লাহৰ মৃত্যুৰ পাছত এই সংঘাতৰ অন্ত পৰিবনে, নে লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ কৰিয়ে থাকিব। 

উল্লেখযোগ্য যে বেইৰুট চহৰখন এসময়ত মধ্যপ্ৰাচ্যৰ আটাইতকৈ উন্নত আৰু সমৃদ্ধীশালী চহৰ হিচাপে পৰিগণিত আছিল। বিগত কেইবছৰমানৰ সংঘাত আৰু শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণৰ পাছত এই চহৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত হৈছে। ১৯৭৫ চনৰ সয়চোৱাত ইয়াক ‘পূবৰ পেৰিছ’ বুলি কোৱা হৈছিল। ইউৰোপীয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই চহৰ। জনসাধাৰণৰ সংস্কৃতি, চিনেমা আৰু জীৱন-ধাৰণৰ কৌশল প্ৰতিধ্বনি বহু দূৰলৈ বিয়পি পৰিছিল। কিন্তু আজি সেই সময়ো নাই সেই বেইৰুটো নাই৷ সম্প্ৰতি মৰাশ ৰে ঢাকখাই পৰিছে এই ঠাই৷ 

উল্লেখযোগ্য যে লেবাননৰ ইতিহাসলৈ চালে দেখা যায় যে কোনটো ধৰ্মই ক্ষমতাত আধিপত্য বিস্তাৰ কৰিব লাগে সেই সম্পৰ্কে যোৱা ১০০ বছৰ ধৰি সংগ্ৰাম চলি আহিছে। ১৯২০ চনত লেবাননত প্ৰায় ৭৫-৮০ শতাংশ খ্ৰীষ্টান লোক উপস্থিত আছিল। কিন্তু ফ্ৰান্সৰ পৰা স্বাধীনতাৰ পিছত জনসংখ্যাৰ গাঁথনি সলনি হ’বলৈ ধৰে। পেলেষ্টাইন আৰু ছিৰিয়াৰ পৰা বৃহৎ সংখ্যক শৰণাৰ্থী দেশখনলৈ আহিবলৈ ধৰে। ক্ষমতাৰ ভাগ-বতৰাক লৈ খ্ৰীষ্টান, চুন্নী মুছলমান আৰু ছিয়াসকলৰ মাজত পাৰস্পৰিক সংঘাতৰ সৃষ্টি হৈছিল৷ ১৯৭৫ চনৰ পৰা ১৯৯০ চনলৈ চলা এই গৃহযুদ্ধই লেবাননক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। খ্ৰীষ্টান আৰু মুছলমানৰ আধিপত্যক লৈ চলা এই গৃহযুদ্ধত এক লাখ খ্ৰীষ্টান লোক নিহত হয় আৰু প্ৰায় ১০ লাখ খ্ৰীষ্টান লোক দেশ এৰি পলায়ন কৰে। দেশত যেতিয়া গৃহযুদ্ধ আৰম্ভ হৈছিল তেতিয়া খ্ৰীষ্টানধৰ্মীলোক ৫০ শতাংশ আৰু প্ৰায় ৩৭ শতাংশ মুছলমান আছিল, গৃহযুদ্ধ শেষ হোৱাৰ পাছত ৪৭ শতাংশ খ্ৰীষ্টান আৰু ৫৩ শতাংশ মুছলমান আছিল। বৰ্তমান লেবাননত খ্ৰীষ্টানৰ সংখ্যা প্ৰায় ১৫ শতাংশলৈ হ্ৰাস হয়৷

বিগত কিছুদিনত ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহকে ধৰি বহু নেতাৰ মৃত্যুৱে লেবাননত অস্থিৰতা বৃদ্ধি পইছে৷উল্লেখনীয় যে হিজবুল্লাহ এনে এটা মৌলবাদী সংগঠন যিয়ে লেবাননৰ সংসদ আৰু চৰকাৰৰ সৈতেও সম্পৰ্ক ৰাখিছিল। এই সংগঠনটো সদায় ইজৰাইল বিৰোধী আছিল।ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পাছতে হিজবুল্লাই ইজৰাইলকো আক্ৰমণ কৰে, যাৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যতে যুদ্ধময় পৰিৱেশৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক