--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইতিহাস সাক্ষী আছে যেতিয়াই দেশ এখনত আভ্যন্তৰতে হওক বা বহিৰতে হওক, দেশখনত হোৱা পাৰস্পৰিক সংঘাত সংঘৰ্ষৰ ফলত আটাইতকৈ অধিক ক্ষতি হয় সাধাৰণ জনতাৰ৷ সমান্তৰালভৱে ক্ষতিসাধন হয় দেশখনৰ সাংস্কৃতিক, ভৌগোলিক পৰিস্থিতিৰো৷ সম্প্ৰতি বিশ্ববাসী এনে এক পৰিৱৰ্তনৰ সাক্ষী হৈছে লেবাননত৷

ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাতৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে লেবাননৰ সাধাৰণ জনতা। ইজৰাইলে লেবাননৰ হিজবুল্লাহৰ ঘাটি সমূহত অবিৰতভাৱে চলাই বিমান আক্ৰমণত হিজবুল্লাহৰ সন্ত্ৰাসবাদীৰ উপৰিও যথেষ্টসংখ্যক সাধাৰণ লোকো নিহত হৈছে৷ যিসকল লোক কোনো ধৰণে ইজৰাইল বা হিজবুল্লাহৰ সৈতে সম্পৰ্ক নাই। উল্লেখনীয় যে  ইজৰাইলৰ বোমা বিস্ফোৰণত হিজবুল্লাহৰ শীর্ষ বিষয়া হাছান নাছৰল্লা নিহত হৈছে৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে হাছান নছৰল্লাহৰ মৃত্যুৰ পাছত এই সংঘাতৰ অন্ত পৰিবনে, নে লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ কৰিয়ে থাকিব। 

উল্লেখযোগ্য যে বেইৰুট চহৰখন এসময়ত মধ্যপ্ৰাচ্যৰ আটাইতকৈ উন্নত আৰু সমৃদ্ধীশালী চহৰ হিচাপে পৰিগণিত আছিল। বিগত কেইবছৰমানৰ সংঘাত আৰু শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণৰ পাছত এই চহৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত হৈছে। ১৯৭৫ চনৰ সয়চোৱাত ইয়াক ‘পূবৰ পেৰিছ’ বুলি কোৱা হৈছিল। ইউৰোপীয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই চহৰ। জনসাধাৰণৰ সংস্কৃতি, চিনেমা আৰু জীৱন-ধাৰণৰ কৌশল প্ৰতিধ্বনি বহু দূৰলৈ বিয়পি পৰিছিল। কিন্তু আজি সেই সময়ো নাই সেই বেইৰুটো নাই৷ সম্প্ৰতি মৰাশ ৰে ঢাকখাই পৰিছে এই ঠাই৷ 

উল্লেখযোগ্য যে লেবাননৰ ইতিহাসলৈ চালে দেখা যায় যে কোনটো ধৰ্মই ক্ষমতাত আধিপত্য বিস্তাৰ কৰিব লাগে সেই সম্পৰ্কে যোৱা ১০০ বছৰ ধৰি সংগ্ৰাম চলি আহিছে। ১৯২০ চনত লেবাননত প্ৰায় ৭৫-৮০ শতাংশ খ্ৰীষ্টান লোক উপস্থিত আছিল। কিন্তু ফ্ৰান্সৰ পৰা স্বাধীনতাৰ পিছত জনসংখ্যাৰ গাঁথনি সলনি হ’বলৈ ধৰে। পেলেষ্টাইন আৰু ছিৰিয়াৰ পৰা বৃহৎ সংখ্যক শৰণাৰ্থী দেশখনলৈ আহিবলৈ ধৰে। ক্ষমতাৰ ভাগ-বতৰাক লৈ খ্ৰীষ্টান, চুন্নী মুছলমান আৰু ছিয়াসকলৰ মাজত পাৰস্পৰিক সংঘাতৰ সৃষ্টি হৈছিল৷ ১৯৭৫ চনৰ পৰা ১৯৯০ চনলৈ চলা এই গৃহযুদ্ধই লেবাননক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। খ্ৰীষ্টান আৰু মুছলমানৰ আধিপত্যক লৈ চলা এই গৃহযুদ্ধত এক লাখ খ্ৰীষ্টান লোক নিহত হয় আৰু প্ৰায় ১০ লাখ খ্ৰীষ্টান লোক দেশ এৰি পলায়ন কৰে। দেশত যেতিয়া গৃহযুদ্ধ আৰম্ভ হৈছিল তেতিয়া খ্ৰীষ্টানধৰ্মীলোক ৫০ শতাংশ আৰু প্ৰায় ৩৭ শতাংশ মুছলমান আছিল, গৃহযুদ্ধ শেষ হোৱাৰ পাছত ৪৭ শতাংশ খ্ৰীষ্টান আৰু ৫৩ শতাংশ মুছলমান আছিল। বৰ্তমান লেবাননত খ্ৰীষ্টানৰ সংখ্যা প্ৰায় ১৫ শতাংশলৈ হ্ৰাস হয়৷

বিগত কিছুদিনত ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহকে ধৰি বহু নেতাৰ মৃত্যুৱে লেবাননত অস্থিৰতা বৃদ্ধি পইছে৷উল্লেখনীয় যে হিজবুল্লাহ এনে এটা মৌলবাদী সংগঠন যিয়ে লেবাননৰ সংসদ আৰু চৰকাৰৰ সৈতেও সম্পৰ্ক ৰাখিছিল। এই সংগঠনটো সদায় ইজৰাইল বিৰোধী আছিল।ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পাছতে হিজবুল্লাই ইজৰাইলকো আক্ৰমণ কৰে, যাৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যতে যুদ্ধময় পৰিৱেশৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব