--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ জুলাইৰ নিশা ১২.০৭ বজাত দেখিবলৈ পোৱা যাব ছুপাৰমুন। ইয়াৰ পিছত অহাবৰ্ষত অৰ্থাৎ ২০২৩ চনত ৩ জুলাইত পৃথিৱীত বিয়পি পৰিব গোলাপী চন্দ্ৰৰ পোহৰ।

১৩ জুলাইত ছুপাৰমুনৰ দিনা দেখা যাব বছৰৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ। ছুপাৰমুনক ডীয়েৰ মুন,  থাণ্ডাৰ মুন, হে মুন আৰু উইৰ্ট মুন বুলিও জনা যায়। আমেৰিকাত ইয়াক ছেল্মন মুন, ৰাস্পবেৰী মুন আৰু কেলমিং মুন বুলি জনা যায়।

১৯৭৯ চনত ছুপাৰমুন শব্দটো সৰ্বত্ৰে জনাজাত হৈ পৰে। ইয়াৰ আৱিষ্কাৰ কৰিছিল জ্যোতিষী ৰিচাৰ্ড নোৱেলে। যেতিয়া চন্দ্ৰ পৃথিৱীৰ প্ৰায় ৯০% কাষত অৱস্থান কৰে তেতিয়া এই জ্যোতিৰ্বিজ্ঞানৰ ঘটনাটোক ছুপাৰমুন বুলি কোৱা হয়।

ছুপাৰমুন হৈছে বছৰত তিনিবাৰকৈ সংঘটিত হোৱা এক সাধাৰণ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা। এই দিনটোত চন্দ্ৰত কিছুমান বিশেষ শক্তি আহে বুলি তেনে কোনো কথা নাই। আজিৰ দিনটোত চন্দ্ৰই পৃথিৱীৰ অতি ওচৰত থকাৰ বাবে দৈনন্দিনতকৈ ডাঙৰ হৈ পৰে ইয়াৰ আকাৰ। জ্যোতিৰ্বিজ্ঞানৰ এই ঘটনাটোক পেৰীজী বুলিও কোৱা হয়।

ছুপাৰমুনে হাই টাইড হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। এই দিনটোত সাগৰীয় জোৱাৰৰ এক বৃহৎ পৰিসৰ দেখা যায়। ছুপাৰমুনৰ বাবে সাগৰত ধুমুহা আৰু পাৰত বানপানীৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা দেখিবলৈ পোৱা যায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ