--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুর্নীতি আৰু পশ্চিমবংগ  বৰ্তমান যেন সমার্থক শব্দ হৈ পৰিছে৷ এইবাৰ পশ্চিমবংগত  নৱম-দশম শ্রেণীৰ শিক্ষক নিয়োগৰ  ক্ষেত্ৰত দুর্নীতিৰ অভিযোগ উত্থাপন হৈছে৷ নতুনকৈ শুনানি গ্ৰহণ কৰিব লগীয়া হ’ল কলিকতা উচ্চ ন্যায়ালয়ে৷ 

যোৱা ১৪ জুলাই তাৰিখে স্কুল চাৰ্ভিছ  কমিচনে  নৱম-দশম শ্রেণীৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ নম্বৰ  ঘোষণাৰ লগতে মেধাৰ তালিকাও  প্রকাশ কৰিছিল। বৰ্তমান  সেই তালিকাক লৈ বহুতে আপত্তি প্ৰকাশ কৰিছে। অভিযোগ উঠিছে যে  ভাৰত চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাৰ ভিত্তিত এই মেধাৰ তালিকা প্ৰস্তুত হোৱা নাই। কেৱল এইয়াই নহয়,   মেধা তালিকাত অন্তভূক্ত নোহোৱা লোককো  চাকৰি দিয়াৰ অভিযোগ উঠিছে।


দুর্নীতিৰ তদন্তৰ বাবে বৃহস্পতিবাৰে  কলিকতা উচ্চ ন্যায়ালয়ত  অভিযোগ দাখিল কৰা হয়। ন্যায়াধীশ অভিজিৎ গঙ্গোপাধ্যায়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ  ইতিমধ্যে অনুমতি দিছে। জানিব পৰা গৈছে যে, শুক্রবাৰ অৰ্থাৎ আজিৰ ভিতৰত এই গোচৰৰ  শুনানি লোৱাৰ সম্ভাৱনা আছে৷

অভিযোগকাৰী সকলৰ মতে, প্ৰকাশিত মেধাৰ তালিকাত সংৰক্ষণৰ নিয়ম উলংঘা কৰা হৈছে।এই মেধা তালিকাত নাম নথকা বহুতেই   চাকৰিও লাভ কৰিছে ৷ ইয়াৰোপৰি স্কুল চার্ভিছ কমিচনৰ  বিৰুদ্ধে  একাধিক অভিযোগ উঠিছিল। নৱম-দশম শ্ৰেণী আৰু প্রাথমিক শ্ৰেণীৰ  শিক্ষক নিযুক্তিৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰ্যন্ত  প্রায় সকলো নিযুক্তিতেই  ধনৰ  বিনিময় হৈছে বুলি জনা গৈছে। একাধিক দুৰ্নীতিৰ বিচাৰৰ বাবে চিবিআই তদন্তৰ নির্দেশো প্ৰদান কৰিছে  আদালতে। এছ এছছিৰ  বিৰুদ্ধে হোৱা এই নতুন গোচৰৰ  শুনানিৰ ৰায় কোন দিনা প্ৰকাশ হ’ব তাক  বৰ্তমান সকলো কৌতূহলী হৈ পৰিছে৷ 

নিযুক্তি সম্পৰ্কীয় তদন্তৰ  বাবে চিবিআইয়ে পার্থ চট্টোপাধ্যায়কো সোধাপোছা কৰিছে৷ একেসময়তে এছএছছিৰ চাৰিজন প্রাক্তন আৰু  বৰ্তমানৰ কেইজনমান  চিবিআই বিষয়াকো সোধাপোছা কৰিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান