--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুর্নীতি আৰু পশ্চিমবংগ  বৰ্তমান যেন সমার্থক শব্দ হৈ পৰিছে৷ এইবাৰ পশ্চিমবংগত  নৱম-দশম শ্রেণীৰ শিক্ষক নিয়োগৰ  ক্ষেত্ৰত দুর্নীতিৰ অভিযোগ উত্থাপন হৈছে৷ নতুনকৈ শুনানি গ্ৰহণ কৰিব লগীয়া হ’ল কলিকতা উচ্চ ন্যায়ালয়ে৷ 

যোৱা ১৪ জুলাই তাৰিখে স্কুল চাৰ্ভিছ  কমিচনে  নৱম-দশম শ্রেণীৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ নম্বৰ  ঘোষণাৰ লগতে মেধাৰ তালিকাও  প্রকাশ কৰিছিল। বৰ্তমান  সেই তালিকাক লৈ বহুতে আপত্তি প্ৰকাশ কৰিছে। অভিযোগ উঠিছে যে  ভাৰত চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাৰ ভিত্তিত এই মেধাৰ তালিকা প্ৰস্তুত হোৱা নাই। কেৱল এইয়াই নহয়,   মেধা তালিকাত অন্তভূক্ত নোহোৱা লোককো  চাকৰি দিয়াৰ অভিযোগ উঠিছে।


দুর্নীতিৰ তদন্তৰ বাবে বৃহস্পতিবাৰে  কলিকতা উচ্চ ন্যায়ালয়ত  অভিযোগ দাখিল কৰা হয়। ন্যায়াধীশ অভিজিৎ গঙ্গোপাধ্যায়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ  ইতিমধ্যে অনুমতি দিছে। জানিব পৰা গৈছে যে, শুক্রবাৰ অৰ্থাৎ আজিৰ ভিতৰত এই গোচৰৰ  শুনানি লোৱাৰ সম্ভাৱনা আছে৷

অভিযোগকাৰী সকলৰ মতে, প্ৰকাশিত মেধাৰ তালিকাত সংৰক্ষণৰ নিয়ম উলংঘা কৰা হৈছে।এই মেধা তালিকাত নাম নথকা বহুতেই   চাকৰিও লাভ কৰিছে ৷ ইয়াৰোপৰি স্কুল চার্ভিছ কমিচনৰ  বিৰুদ্ধে  একাধিক অভিযোগ উঠিছিল। নৱম-দশম শ্ৰেণী আৰু প্রাথমিক শ্ৰেণীৰ  শিক্ষক নিযুক্তিৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰ্যন্ত  প্রায় সকলো নিযুক্তিতেই  ধনৰ  বিনিময় হৈছে বুলি জনা গৈছে। একাধিক দুৰ্নীতিৰ বিচাৰৰ বাবে চিবিআই তদন্তৰ নির্দেশো প্ৰদান কৰিছে  আদালতে। এছ এছছিৰ  বিৰুদ্ধে হোৱা এই নতুন গোচৰৰ  শুনানিৰ ৰায় কোন দিনা প্ৰকাশ হ’ব তাক  বৰ্তমান সকলো কৌতূহলী হৈ পৰিছে৷ 

নিযুক্তি সম্পৰ্কীয় তদন্তৰ  বাবে চিবিআইয়ে পার্থ চট্টোপাধ্যায়কো সোধাপোছা কৰিছে৷ একেসময়তে এছএছছিৰ চাৰিজন প্রাক্তন আৰু  বৰ্তমানৰ কেইজনমান  চিবিআই বিষয়াকো সোধাপোছা কৰিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি