--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পশু ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা এচিক্ল’ফেনাক আৰু কিট’প্ৰফেনৰ নিৰ্মাণ,বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰিছে।চৰকাৰৰ মতে এই ঔষধ দুবিধ গৰু-ম’হৰ বাবে ক্ষতিকাৰক আৰু মৃত জীৱ-জন্তুৰ দেহ খালে শগুন মৃত্যুমুখত পৰে, যাৰ ফলত পৰিৱেশগত ভাৰসাম্যহীনতা সৃষ্টি হয় বুলি একাধিক বাতৰি প্ৰকাশ পাইছে।এই সন্দৰ্ভত কেন্দ্ৰীয় ড্ৰাগছ কণ্ট্ৰল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেচন (চিডিচিএছঅ’)ৰ অধীনস্থ সংস্থা ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ডৰ (ডিটিএবি) ৮৯ সংখ্যক বৈঠকৰ সময়ত আলোচনা হয়।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰালয়ে এই প্ৰস্তাৱ সন্দৰ্ভত পশুপালন আৰু দুগ্ধ বিভাগ (DAHD) আৰু কৃষি মন্ত্ৰালয়ৰ পৰা মতামত বিচাৰিছিল। চিডিচিএছঅ’ৰ অধীনত কাম কৰা ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ডৰ ৮৯ সংখ্যক বৈঠকত এই বিষয়ে আলোচনা কৰা হয়।

সযতনে বিবেচনাৰ অন্তত ডিটিএবিয়ে কেট’প্ৰফেন আৰু এচিক্ল’ফেনাকৰ লগতে পশুৰ ব্যৱহাৰৰ বাবে উদ্দেশ্য কৰা নিজ নিজ প্ৰস্তুতিৰ উৎপাদন, বিক্ৰী আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰাৰ একমতত উপনীত হয়।ইয়াৰ পূৰ্বে বাংলাদেশে কেট’প্ৰফেন ব্যৱহাৰ নিষিদ্ধ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল।

শগুন সংৰক্ষণৰ বাবে বিষয়টো বিশেষজ্ঞসকলে পৰীক্ষা কৰিছিল আৰু পশুধনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ নিষিদ্ধ কৰাৰ পৰামৰ্শ দিয়া হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস