--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহিলা চিকিৎসকসহ ৪জন লোকে। প্ৰয়াগৰাজৰ কুম্ভমেলাৰ পৰা উভতি ঘৰলৈ আহি থাকোতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 

বিহাৰৰ পুৰ্ণিয়াৰ বাৰাণসী-গোৰখপুৰ ফ’ৰলেন ঘাইপথৰ গাজীপুৰৰ বীৰন থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। ডাঃ ছোনী যাদৱসহ চাৰিজন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে গাড়ীত অহা এজন ব্যক্তিক সংকটজনক অৱস্থাত গাজীপুৰৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত গাজীপুৰ জিলাৰ বীৰন থানা এলেকাৰ সমীপৱৰ্তী বাৰাণসী-গোৰখপুৰ চাৰিলেন ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন ৰৈ থকা ট্ৰাকত খুণ্ডা মাৰে তেওঁলোকৰ বলেনো গাড়ীখনে। ফলত থিতাতে নিহত হয় চাৰিজন আৰু এজন গুৰুতৰভাৱে আহত হয়। ডাঃ ছোনী যাদৱৰ আছে দুবছৰীয়া যমজ পুত্ৰ সন্তান। 

পৰিয়ালে জনোৱা মতে যোৱা বুধবাৰে সন্ধিয়া ৬ বজাত ডাঃ ছোনী যাদৱ, দীপক কুমাৰ, বিপিন সাহ আৰু পেহীয়েক গায়ত্ৰী দেৱী বলেনো গাড়ীৰে পূৰ্ণিয়াৰ পৰা প্ৰয়াগৰাজলৈ কুম্ভমেলালৈ ৰাওনা হৈছিল। গাড়ীখন চালক মাল্লুৱে চলাইছিল। বৃহস্পতিবাৰে কুম্ভ স্নানৰ পিছত পূৰ্ণিয়ালৈ উভতি আহোঁতে গাজীপুৰৰ চাৰিলেনযুক্ত পথত ৰখাই থোৱা এখন ট্ৰাকত গাড়ীয়ে খুন্দা মৰাৰ ফলত ডাঃ ছোনী যাদৱকে ধৰি চাৰিজন লোকৰ মৃত্যু হয়। যমজ পুত্ৰ সন্তানৰ চোৱাচিতাৰ বাবে আৰু ক্লিনিকত ৪-৫ জন ৰোগীৰ অপাৰেচনৰ বাবে ডাঃ ছোনী যাদৱৰ স্বামী ডাঃ মুকেশ কুমাৰ যাদৱ কুম্ভমেলালৈ যোৱাৰ পৰা বিৰত আছিল। 

এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। চালকজনে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, ৰৈ নোযোৱাকৈ অবিৰতভাৱে গাড়ী চলোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। প্ৰায় তিনি ঘণ্টা ধৰি চলোৱা অভিযানত জেচিবি আৰু ট্ৰেক্টৰৰ সহায়ত গাড়ীখনত আবদ্ধ হৈ থকা মৃতদেহবোৰ উলিয়াই অনা হয় আৰু আহতজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ