--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহিলা চিকিৎসকসহ ৪জন লোকে। প্ৰয়াগৰাজৰ কুম্ভমেলাৰ পৰা উভতি ঘৰলৈ আহি থাকোতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 

বিহাৰৰ পুৰ্ণিয়াৰ বাৰাণসী-গোৰখপুৰ ফ’ৰলেন ঘাইপথৰ গাজীপুৰৰ বীৰন থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। ডাঃ ছোনী যাদৱসহ চাৰিজন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে গাড়ীত অহা এজন ব্যক্তিক সংকটজনক অৱস্থাত গাজীপুৰৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত গাজীপুৰ জিলাৰ বীৰন থানা এলেকাৰ সমীপৱৰ্তী বাৰাণসী-গোৰখপুৰ চাৰিলেন ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন ৰৈ থকা ট্ৰাকত খুণ্ডা মাৰে তেওঁলোকৰ বলেনো গাড়ীখনে। ফলত থিতাতে নিহত হয় চাৰিজন আৰু এজন গুৰুতৰভাৱে আহত হয়। ডাঃ ছোনী যাদৱৰ আছে দুবছৰীয়া যমজ পুত্ৰ সন্তান। 

পৰিয়ালে জনোৱা মতে যোৱা বুধবাৰে সন্ধিয়া ৬ বজাত ডাঃ ছোনী যাদৱ, দীপক কুমাৰ, বিপিন সাহ আৰু পেহীয়েক গায়ত্ৰী দেৱী বলেনো গাড়ীৰে পূৰ্ণিয়াৰ পৰা প্ৰয়াগৰাজলৈ কুম্ভমেলালৈ ৰাওনা হৈছিল। গাড়ীখন চালক মাল্লুৱে চলাইছিল। বৃহস্পতিবাৰে কুম্ভ স্নানৰ পিছত পূৰ্ণিয়ালৈ উভতি আহোঁতে গাজীপুৰৰ চাৰিলেনযুক্ত পথত ৰখাই থোৱা এখন ট্ৰাকত গাড়ীয়ে খুন্দা মৰাৰ ফলত ডাঃ ছোনী যাদৱকে ধৰি চাৰিজন লোকৰ মৃত্যু হয়। যমজ পুত্ৰ সন্তানৰ চোৱাচিতাৰ বাবে আৰু ক্লিনিকত ৪-৫ জন ৰোগীৰ অপাৰেচনৰ বাবে ডাঃ ছোনী যাদৱৰ স্বামী ডাঃ মুকেশ কুমাৰ যাদৱ কুম্ভমেলালৈ যোৱাৰ পৰা বিৰত আছিল। 

এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। চালকজনে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, ৰৈ নোযোৱাকৈ অবিৰতভাৱে গাড়ী চলোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। প্ৰায় তিনি ঘণ্টা ধৰি চলোৱা অভিযানত জেচিবি আৰু ট্ৰেক্টৰৰ সহায়ত গাড়ীখনত আবদ্ধ হৈ থকা মৃতদেহবোৰ উলিয়াই অনা হয় আৰু আহতজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী