--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ মেছেজে এগৰাকী ডাক্তৰক হতভম্ব কৰি তুলিলে৷ মহিলাগৰাকীয়ে মেছেজত লিখিছিল- ‘‘মোক এনেকুৱা দৰৱ দিয়ক যাতে শাহুআইক খুৱাই মাৰি পেলাব পাৰোঁ।’’ মহিলাৰ এই বাৰ্তাই ডাক্তৰক স্তম্ভিত কৰি তুলিছে। ঘটনাটো বেংগালুৰুৰ।

বেংগালুৰুৰ সঞ্জয় নগৰৰ ডাঃ সুনীল কুমাৰৰ ফোনত আহিছিল মহিলাগৰাকীৰ মেছেজ। সেই আচৰিত মেছেজটো পাই চিকিৎসকগৰাকী থানাত উপস্থিত হয়। তেওঁ আৰক্ষীক অদ্ভুত মেছেজ প্ৰেৰণ কৰা মহিলাগৰাকীৰ বিষয়ে জনায়। ডাঃ সুনীলে কয়, ‘‘এইটো বৰ আশ্চৰ্যজনক কথা৷ আমি কেনেধৰণৰ সময়ত বাস কৰি আছোঁ, মোৰ মনত দুখ লাগিছে। শাহুৱেকক হত্যা কৰিবলৈ চিকিৎসকৰ পৰা ঔষধ বিচাৰিছে বোৱাৰীয়ে, এয়া বৰ ভয়ংকৰ আৰু দুখৰ কথা। মই মহিলাগৰাকীক ক’লোঁ, ডাক্তৰসকল মানুহৰ জীৱন বচাবলৈহে আছে, জীৱন ল’বলৈ নহয়। মই যেতিয়া তেওঁক নাকচ কৰিলোঁ, তেতিয়া তেওঁ সকলো মেছেজ ডিলিট কৰি দিলে, অৱশ্যে মই স্ক্ৰীণশ্বটবোৰ মোৰ লগত ৰাখি পুলিচক দিলোঁ।’’

ডাঃ সুনীল কুমাৰে কয় মহিলাগৰাকীয়ে প্ৰথমে মেছেজত লিখিছিল যে ‘‘তেওঁ মোৰ পৰা কিবা এটা বিচাৰিব খুজিছে। তাৰপাছতেই মহিলাগৰাকীয়ে এই কথাৰ বাবে মই গালি পাৰিম নেকি বুলিও সুধিলে। মই মহিলাগৰাকীক গোটেই কাহিনীটো ক’বলৈ ক’লোঁ। তেতিয়া মহিলাগৰাকীয়ে ক’লে যে তেওঁৰ ৭০ বছৰীয়া শাহুৱেকক হত্যা কৰিবলৈ কিছু টেবলেট লাগে। শাহুৱে বোলে তেওঁক আমনি কৰে।’’

সঞ্জয় নগৰ আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি মহিলাগৰাকীৰ সন্ধান উলিয়ায়। মহিলাগৰাকীক থানালৈ মাতি অনা হয়। স্বামীৰ সৈতে অহা ৪০ বছৰীয়া মহিলাগৰাকীয়ে শাহুৱেকক হত্যা কৰাৰ পৰিৱৰ্তে নিজে আত্মহত্যা কৰিব বিচাৰিছোঁ বুলি ক’লে। মহিলাগৰাকীয়ে কয় যে যদি ডাক্তৰৰ ওচৰত আত্মহত্যা কৰিবলৈ টেবলেট বিচাৰিলেহেঁতেন তেন্তে ডাক্তৰে নাকচ কৰিলেহেঁতেন। ডাক্তৰে যদি ঔষধটো দিলেহেঁতেন তেন্তে সেই ঔষধ সেৱন কৰি তেওঁ আত্মহত্যা কৰিলেহেঁতেন। 

মহিলাগৰাকীৰ স্বামী এগৰাকী ড্ৰাইভাৰ আৰু তেওঁলোকৰ এজনী সৰু ছোৱালী আছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ