--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ মেছেজে এগৰাকী ডাক্তৰক হতভম্ব কৰি তুলিলে৷ মহিলাগৰাকীয়ে মেছেজত লিখিছিল- ‘‘মোক এনেকুৱা দৰৱ দিয়ক যাতে শাহুআইক খুৱাই মাৰি পেলাব পাৰোঁ।’’ মহিলাৰ এই বাৰ্তাই ডাক্তৰক স্তম্ভিত কৰি তুলিছে। ঘটনাটো বেংগালুৰুৰ।

বেংগালুৰুৰ সঞ্জয় নগৰৰ ডাঃ সুনীল কুমাৰৰ ফোনত আহিছিল মহিলাগৰাকীৰ মেছেজ। সেই আচৰিত মেছেজটো পাই চিকিৎসকগৰাকী থানাত উপস্থিত হয়। তেওঁ আৰক্ষীক অদ্ভুত মেছেজ প্ৰেৰণ কৰা মহিলাগৰাকীৰ বিষয়ে জনায়। ডাঃ সুনীলে কয়, ‘‘এইটো বৰ আশ্চৰ্যজনক কথা৷ আমি কেনেধৰণৰ সময়ত বাস কৰি আছোঁ, মোৰ মনত দুখ লাগিছে। শাহুৱেকক হত্যা কৰিবলৈ চিকিৎসকৰ পৰা ঔষধ বিচাৰিছে বোৱাৰীয়ে, এয়া বৰ ভয়ংকৰ আৰু দুখৰ কথা। মই মহিলাগৰাকীক ক’লোঁ, ডাক্তৰসকল মানুহৰ জীৱন বচাবলৈহে আছে, জীৱন ল’বলৈ নহয়। মই যেতিয়া তেওঁক নাকচ কৰিলোঁ, তেতিয়া তেওঁ সকলো মেছেজ ডিলিট কৰি দিলে, অৱশ্যে মই স্ক্ৰীণশ্বটবোৰ মোৰ লগত ৰাখি পুলিচক দিলোঁ।’’

ডাঃ সুনীল কুমাৰে কয় মহিলাগৰাকীয়ে প্ৰথমে মেছেজত লিখিছিল যে ‘‘তেওঁ মোৰ পৰা কিবা এটা বিচাৰিব খুজিছে। তাৰপাছতেই মহিলাগৰাকীয়ে এই কথাৰ বাবে মই গালি পাৰিম নেকি বুলিও সুধিলে। মই মহিলাগৰাকীক গোটেই কাহিনীটো ক’বলৈ ক’লোঁ। তেতিয়া মহিলাগৰাকীয়ে ক’লে যে তেওঁৰ ৭০ বছৰীয়া শাহুৱেকক হত্যা কৰিবলৈ কিছু টেবলেট লাগে। শাহুৱে বোলে তেওঁক আমনি কৰে।’’

সঞ্জয় নগৰ আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি মহিলাগৰাকীৰ সন্ধান উলিয়ায়। মহিলাগৰাকীক থানালৈ মাতি অনা হয়। স্বামীৰ সৈতে অহা ৪০ বছৰীয়া মহিলাগৰাকীয়ে শাহুৱেকক হত্যা কৰাৰ পৰিৱৰ্তে নিজে আত্মহত্যা কৰিব বিচাৰিছোঁ বুলি ক’লে। মহিলাগৰাকীয়ে কয় যে যদি ডাক্তৰৰ ওচৰত আত্মহত্যা কৰিবলৈ টেবলেট বিচাৰিলেহেঁতেন তেন্তে ডাক্তৰে নাকচ কৰিলেহেঁতেন। ডাক্তৰে যদি ঔষধটো দিলেহেঁতেন তেন্তে সেই ঔষধ সেৱন কৰি তেওঁ আত্মহত্যা কৰিলেহেঁতেন। 

মহিলাগৰাকীৰ স্বামী এগৰাকী ড্ৰাইভাৰ আৰু তেওঁলোকৰ এজনী সৰু ছোৱালী আছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু