--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১ আগষ্টত পালন কৰা হ’ব ৰাখী। ৰক্ষাবন্ধনৰ দিনা ভগ্নীয়ে ককায়েক-ভায়েকৰ হাতৰ ৰাখী বান্ধে। ৰাখীক ৰক্ষাসূত্ৰ বুলিও কোৱা হয়। যদিও এই উৎসৱ ভাই-ভনীয়েকৰ সম্পৰ্কৰ বাবে উৎসৰ্গিত, কিন্তু প্ৰথমবাৰৰ বাবে ভনীয়েকে ভাতৃৰ হাতত নহয় এগৰাকী পত্নীয়েহে স্বামীৰ হাতত বান্ধিছিল ৰক্ষাসূত্ৰ। হিন্দু ধৰ্ম-পুৰাণত এই বিষয়ে এক কাহিনী বৰ্ণিত আছে।

পৌৰাণিক কাহিনী অনুসৰি প্ৰথমবাৰৰ বাবে ৰক্ষাসূত্ৰ ইন্দ্ৰৰ হাতত বান্ধি দিছিল তেওঁৰ পত্নী শচীয়ে। আচলতে এবাৰ দেৱতা আৰু দানৱৰ মাজত তীব্ৰ যুদ্ধ চলি আছিল। দানৱ সকলে দেৱতাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু ভয়তে দেৱতাবোৰ পলাই যাবলৈ ধৰিছিল। 

দেৱতাকলৰ জীৱন বিপদত পৰাত ইন্দ্ৰৰ পত্নী শচীয়ে দেৱগুৰু বৃহস্পতিৰ ওচৰলৈ গৈ সহায় বিচাৰিছিল। তেতিয়া দেৱগুৰু বৃহস্পতিয়ে ক’লে, ''মই মন্ত্ৰ জপ কৰি এডাল ৰক্ষাসূত্ৰ প্ৰস্তুত কৰিছো, আপুনি শ্ৰাৱণী পূৰ্ণিমাৰ দিনা দেৱৰাজ ইন্দ্ৰৰ হাতত এই সূতা বান্ধি দিব। এই ৰক্ষাসূত্ৰই তেওঁক ৰক্ষা কৰাই নহয়, যুদ্ধত বিজয়ো কঢ়িয়াই আনিব।'' ইয়াৰ পিছত শচীয়ে এই কাম কৰিলে আৰু দেৱতাসকলে যুদ্ধত জয়ী হ’ল। এইদৰেই প্ৰথম ৰক্ষাসূত্ৰ পত্নীয়ে স্বামীৰ হাতত বান্ধি দিছিল।

দ্ৰৌপদীয়ে তেওঁৰ কাপোৰৰ এটুকুৰা কৃষ্ণক বান্ধি দিছিল

ৰক্ষাবন্ধনৰ আন এক অনুৰূপ কাহিনী প্ৰচলিত যিটো পাণ্ডৱৰ পত্নী দ্ৰৌপদী আৰু ভগৱান কৃষ্ণৰ সৈতে জড়িত। এই কাহিনী অনুসৰি ৰাজসুয়যজ্ঞত যেতিয়া পাণ্ডৱসকলে পূজাৰ বাবে ভগৱান কৃষ্ণক বাছি লৈছিল, তেতিয়া ৰজা শিশুপালৰ খং উঠিছিল। তেওঁ ভগৱান শ্ৰীকৃষ্ণক গালি-গালাজ কৰিবলৈ ধৰিলে। শিশুপালৰ ১০০ ভুল ক্ষমা কৰিব বুলি ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মাতৃক প্ৰতিশ্ৰুতি দিছিল যদিও এয়া আছিল ১০১ সংখ্যক ভুল। 

সেয়ে শ্ৰীকৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰৰে শিশুপালক বধ কৰিলে। এই সময়ত ভগৱান শ্ৰীকৃষ্ণেও আঙুলিত আঘাত পাইছিল, তাৰ পিছত দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ এটুকুৰা ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। তেতিয়াৰ পৰা ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক নিজৰ ভনীয়েক বুলি গণ্য কৰিছিল আৰু যেতিয়া হস্তিনাপুৰৰ দৰবাৰত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰা হৈছিল তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক ৰক্ষা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ