--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেমৰ বাবে মানুহে কি কি যে কৰিব নোৱাৰে! কি কি নকৰে! এইবাৰ প্ৰেমৰ তীব্ৰতা বঢ়োৱাৰ বাবে এগৰাকী মহিলাই কৰা কামে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। প্ৰেমৰ আকৰ্ষণ বঢ়োৱা আৰু পতিক নিজৰ হাতৰ মুঠিতে ৰখাৰ বাবে এগৰাকী মহিলাই কৰা কামে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। মহিলাগৰাকীয়ে নিজৰ পতিৰ ডিঙিত শিকলি লগাই, এটা কুকুৰ মুখা পিন্ধাই এটা জনসমাগমপূৰ্ণ ৰে’ল ষ্টেচনত ঘূৰাই লৈ ফুৰোঁৱা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে ৰাজহুৱা স্থানত কৰা এই উদ্ভট কাণ্ডক লৈ এতিয়া চলিছে সৰৱ চৰ্চাও। এই পতি-পত্নীৰ নাম হৈছে লুৱানা কাজাকী আৰু আৰ্থাৰ অ’ উৰছো। তেওঁলোকে প্ৰকাশ কৰিছে যে, কামশক্তি বৃদ্ধি কৰা আৰু পৰস্পৰৰ প্ৰতি প্ৰেমৰ আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে তেওঁলোকে ৰাজহুৱাকৈ dominatrix fantasy প্ৰদৰ্শন কৰা বুলি সদৰি কৰিছে। ইয়াক থূলমূলকৈ বুজাব লাগিলে ক’ব পাৰি যে, ই কোনো সম্পৰ্কত পত্নী বা প্ৰেয়সীৰ দমনীয় ভূমিকাক প্ৰতিফলিত কৰে।


এই ৰীতিক প্ৰতিফলিত কৰাৰ বাবে দুয়ো ৰাজহুৱা স্থানত আত্মপ্ৰকাশ কৰে। দুয়ো বিশেষ ধৰণৰ সাজ-পোছাক পৰিধানৰ লগতে পতিৰ ডিঙিত বান্ধি দিয়া লোহাৰ শিকলি। ব্ৰাজিলৰ এটা ৰে’ল ষ্টেচনত এনে ৰূপত দুয়ো ভাগ লয় ফটোশ্বুটত। এখন ফটোত দেখা গৈছে যে, পত্নী লুৱানাই পতি আৰ্থাৰক ডিঙিৰ শিকলিত ধৰি টানি লৈ ফুৰিছে। কোনোবাটোত প্ৰভুভক্ত সাৰমেয়ৰ দৰে পত্নীৰ পিছে পিছে পতিয়ে খোজ দিছে। আৰ্থাৰে এই অভিজ্ঞতাৰ কথা ব্যক্ত কৰি কয়, ‘সকলো মানুহ আমাৰ এই কাৰ্যক লৈ আশ্বৰ্যন্বিত হৈ পৰিছিল। আমিও এই কাম কৰি শিহৰণ অনুভৱ কৰিছিলোঁ।’ কেৱল ৰে’ল ষ্টেচনতে নহয়, তেওঁলোকে বজাৰ আৰু বেকাৰীৰ দৰে স্থানতো এনে এডভেন্সাৰ কৰা দেখিবলৈ পোৱা গ’ল। লুৱানা আৰ্থাৰৰ এই ব্যতিক্ৰমী এডভেন্সাৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।


পিছে ই বহুতকে আমোদ দিয়াৰ লগতে বহুতেই এয়া সকলো বিবাহিত লোকৰে অৱধাৰিত পৰিণতি বুলি বহুতেই সৰস মন্তব্য কৰিছে। পত্নীৰ হাতৰ মুঠিতেই নিজৰ জীৱনৰ গতি-প্ৰকৃতি আৰু বিচৰণৰ পৰিৰ নিৰ্ধাৰিত হৈ পৰাটো একো নতুন কথা নহয় বুলিও বহুতেই হুমুনিয়াহ কাঢ়িছে।

কাইলৈ আপোনাৰ ডিঙিতো শিকলি লগাই পত্নীয়ে যদি প্ৰেমৰ আকৰ্ষণ বৃদ্ধিৰ চেষ্টা কৰে তেন্তে সেয়া বিনা বাক্য ব্যয়ে মানি লোৱাৰ বাবে আপুনিও এতিয়া সাজু হ’ব লাগিব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু