--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ দৈনন্দিন খাদ্য তালিকাত ফলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ফল-মূল মানুহৰ কাৰণে প্ৰকৃতিৰ অনুপম দান৷ আমাৰ শৰীৰৰ শক্তি আৰু নিৰাপত্তাৰ কাৰণে বহুতো পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হ’য় আৰু সেই পুষ্টিৰ বাবে ভালেখিনি উপাদান আমাক ফলে যোগান ধৰে৷ গতিকে আমাৰ দৈনন্দিন আহাৰত ফল-মূলৰ সংযোজন অতি প্ৰয়োজনীয় কথা ।

মূল আহাৰৰ পিছতহে অথবা যিকোনো আহাৰ খোৱাৰ পিছতহে ফল-মূল খোৱাটো বেছি ভাল বুলি বিশেষজ্ঞসকলে ক’য়৷ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো বয়সৰ লোকে ফল-মূল খাই ভাল পায় । ফল এনে এবিধ খাদ্য, যাক কোনো প্ৰস্তুত নকৰাকৈ কেঁচা বা পকা যিকোনো প্ৰকাৰে খাব পাৰি । ফলৰ সুন্দৰ ৰং আৰু মনোমোহা গোন্ধে আৰু ভিন ভিন স্বাদে সকলোকে লালায়িত কৰে।


কিন্তু ভিন্ন সময়ত ফল-মূলৰ আকাশলংঘী দামে সৰ্বসাধাৰণক সৰ্বস্বান্ত্ৰ কৰি আহিছে৷ ফলৰ সৰ্বাধিক দাম বৃদ্ধিয়ে সাধাৰণ জনতাই বহু সময়ত ফল-মূল কিনিবলৈও ভাবিব লগা হ’য়৷ অৱশ্যে ফলৰ গুণাগুণ ইমানেই বেছি আছে যে মানুহে দাম-বৃদ্ধি স্বৰ্তেও ফল-মুল কিনি খায়৷ আপুনিও হয়তো বহু সময়ত অতিৰিক্ত দাম ভৰিও ফল কিনিছে৷ কিন্তু আপোনাক যদি লাখ টকাৰ মূল্যও ফল আছে বুলি কওঁ, নিশ্চয় আপোনাৰ চকু কপালত উঠিব৷

২০ লাখ টকীয়া বিশেষ ফলবিধ

হ’য়, অবিশ্বাস্য যদিও এইটো সত্য৷ এই সুস্বাদু ফলবিধৰ নাম ইউবাৰী মেলন আৰু ই জাপানত উপলব্ধ। তৰমূজ আকৃতিৰ এই ফলবিধৰ এক কেজিৰ দাম ভাৰতীয় হিচাপত প্ৰায় ২০ লাখ টকা৷ জাপানৰ নিদিষ্ট কেইটামান স্থানতহে এই বিশেষ ফলবিধ পোৱা যায়৷ এই বিশেষ ফলবিধ পৰিপক্কতা হব’লৈ প্ৰায় ৮০ ৰ পৰা ১০০ দিন সময় লাগে৷ আগ্নেয়গিৰিৰ মাটি আৰু অত্যাধিক বৰষুণ এই ফলখেতিৰ বাবে উপযুক্ত পৰিৱেশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক