--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ দৈনন্দিন খাদ্য তালিকাত ফলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ফল-মূল মানুহৰ কাৰণে প্ৰকৃতিৰ অনুপম দান৷ আমাৰ শৰীৰৰ শক্তি আৰু নিৰাপত্তাৰ কাৰণে বহুতো পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হ’য় আৰু সেই পুষ্টিৰ বাবে ভালেখিনি উপাদান আমাক ফলে যোগান ধৰে৷ গতিকে আমাৰ দৈনন্দিন আহাৰত ফল-মূলৰ সংযোজন অতি প্ৰয়োজনীয় কথা ।

মূল আহাৰৰ পিছতহে অথবা যিকোনো আহাৰ খোৱাৰ পিছতহে ফল-মূল খোৱাটো বেছি ভাল বুলি বিশেষজ্ঞসকলে ক’য়৷ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো বয়সৰ লোকে ফল-মূল খাই ভাল পায় । ফল এনে এবিধ খাদ্য, যাক কোনো প্ৰস্তুত নকৰাকৈ কেঁচা বা পকা যিকোনো প্ৰকাৰে খাব পাৰি । ফলৰ সুন্দৰ ৰং আৰু মনোমোহা গোন্ধে আৰু ভিন ভিন স্বাদে সকলোকে লালায়িত কৰে।


কিন্তু ভিন্ন সময়ত ফল-মূলৰ আকাশলংঘী দামে সৰ্বসাধাৰণক সৰ্বস্বান্ত্ৰ কৰি আহিছে৷ ফলৰ সৰ্বাধিক দাম বৃদ্ধিয়ে সাধাৰণ জনতাই বহু সময়ত ফল-মূল কিনিবলৈও ভাবিব লগা হ’য়৷ অৱশ্যে ফলৰ গুণাগুণ ইমানেই বেছি আছে যে মানুহে দাম-বৃদ্ধি স্বৰ্তেও ফল-মুল কিনি খায়৷ আপুনিও হয়তো বহু সময়ত অতিৰিক্ত দাম ভৰিও ফল কিনিছে৷ কিন্তু আপোনাক যদি লাখ টকাৰ মূল্যও ফল আছে বুলি কওঁ, নিশ্চয় আপোনাৰ চকু কপালত উঠিব৷

২০ লাখ টকীয়া বিশেষ ফলবিধ

হ’য়, অবিশ্বাস্য যদিও এইটো সত্য৷ এই সুস্বাদু ফলবিধৰ নাম ইউবাৰী মেলন আৰু ই জাপানত উপলব্ধ। তৰমূজ আকৃতিৰ এই ফলবিধৰ এক কেজিৰ দাম ভাৰতীয় হিচাপত প্ৰায় ২০ লাখ টকা৷ জাপানৰ নিদিষ্ট কেইটামান স্থানতহে এই বিশেষ ফলবিধ পোৱা যায়৷ এই বিশেষ ফলবিধ পৰিপক্কতা হব’লৈ প্ৰায় ৮০ ৰ পৰা ১০০ দিন সময় লাগে৷ আগ্নেয়গিৰিৰ মাটি আৰু অত্যাধিক বৰষুণ এই ফলখেতিৰ বাবে উপযুক্ত পৰিৱেশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ