--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ৰ নিয়ম অনুসৰি ২০ অভাৰ বা ১২০ বলৰ ইয়াত খেল নহয়। এই ফৰ্মেটত ক্ৰিকেট চুটি। মাত্ৰ ১০০ বলৰ মেচ। ক্ৰিকেটৰ নিয়ম অনুসৰি ৬টা বল এক অভাৰ হিচাপে ইয়াত গণ্য কৰা নহয়। ইয়াত ১০টা বলক এটা অভাৰ ধৰা হয়। প্ৰতিযোগিতাখনৰ নাম- ‘দ্য হাণ্ড্ৰেড’।

২০১৬ চনত এই প্ৰতিযোগিতাৰ পৰিকল্পনা কৰা হৈছিল। ২০২১ চনত এই প্ৰতিযোগিতা আৰম্ভ হৈছিল, তথাপিও পাঁচ বছৰৰ আগতেই এই প্ৰতিযোগিতাৰ পৰিকল্পনা কৰা হৈছিল। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে প্ৰথমে এই প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰথম বিভাগৰ ১৮টা কাউন্টি দল, প্ৰফেচনেল ক্ৰিকেটাৰ্ছ এছ’চিয়েশ্যন আৰু মেৰিলব’ন ক্ৰিকেট ক্লাবৰ মাজত প্ৰাৰম্ভিক আলোচনাৰ পিছতে এই ভোটদান কৰা হয়। ভোটৰ ফলত দেখা যায় যে গৰিষ্ঠসংখ্যকে পৰিকল্পনাটো আগুৱাই নিয়াৰ সপক্ষে আছিল। পিছত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ সদস্যসকলৰ মাজত হোৱা ভোটেও প্ৰতিযোগিতাখনৰ সপক্ষে ভোটদান কৰে ।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ তেতিয়াৰ মুখ্য বাণিজ্যিক বিষয়া সঞ্জয় পেটেলে প্ৰথমে এই প্ৰতিযোগিতাখনৰ কল্পনা কৰিছিল। যদিও তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, তথাপিও কাৰ্যকৰী হ’বলৈ সময় লাগিছিল। কাৰণ, covid মহামাৰী। ফলত ২০২১ চনৰ পৰাই এই প্ৰতিযোগিতা আৰম্ভ হয়।

এই ফৰ্মেট ক্ৰিকেটৰ আন ফৰ্মেটতকৈ সম্পূৰ্ণ পৃথক। দুয়োটা দলে ১০০ বলৰ ইনিংছ খেলে। অৰ্থাৎ মুঠ ২০০টা বল খেলা হয়। এই প্ৰতিযোগিতাৰ ফৰ্মেট এনেধৰণৰ –

· প্ৰতি ইনিংছত ১০০টা বল।

· ১০ বলৰ পিছত অভাৰ হয়। অৰ্থাৎ বেটছমেনে শেষ সলনি কৰে।

· এজন বলাৰ এজনে একেৰাহে ১০টা বল বল কৰিব পাৰে। ইচ্ছা কৰিলে ৫টা বলৰ পিছত ৰৈ যাব পাৰে। ইয়াক হাফ অভাৰ বুলি কোৱা হয়। সেই ক্ষেত্ৰত আন এজন বলাৰে বাকী ৫টা বল বলিং কৰিবলগীয়া হয়।

· এজন বলাৰে সৰ্বাধিক ২০টা বল বল কৰিব পাৰে।

· পাৱাৰ প্লে ২৫ বল। এই সময়ছোৱাত ৩০ গজৰ বৃত্তৰ বাহিৰত মাত্ৰ দুজন ফিল্ডাৰহে থাকিব পাৰে।

· বেটিং দলটোক ন’ বলৰ বাবে ২ ৰান দিয়া হয়। আৰু পৰৱৰ্তী বলটো ফ্ৰী হিট।

· লেহেমীয়া বলিং কৰাৰ বাবে বলিং দলৰ শাস্তি। শেষৰ অভাৰত অৰ্থাৎ শেষৰ ১০টা বলৰ বাবে ৩০ গজৰ বৃত্তৰ বাহিৰত এজন কম ফিল্ডাৰ থাকিব লাগিব।

এই প্ৰতিযোগিতাত আঠটা দলে খেলে। প্ৰতিটো দলতে পুৰুষ আৰু মহিলাৰ দল থাকে। প্ৰতিটো দলে পুনৰ আঠখন খেল খেলে। চাৰিটা ঘৰ আৰু চাৰিটা আঁতৰত। ইয়াৰে সাতখনৰ বিৰুদ্ধে এখনকৈ মেচৰ বাহিৰেও তেওঁলোকে ওচৰৰ চহৰৰ এটা দলৰ বিৰুদ্ধে অতিৰিক্ত মেচ খেলে। লীগ পৰ্যায়ত মুঠ ৩২খন ৬৪খন মেচ।

লীগ পৰ্যায়ত শীৰ্ষস্থান দখল কৰা দলটোৱে ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত দ্বিতীয় আৰু তৃতীয় স্থানৰ দলৰ মাজত খেল অনুষ্ঠিত হয়। তাৰ পৰা এটা দলে ফাইনেললৈ আগবাঢ়ি যায়।

দুই বিপক্ষ পুৰুষ আৰু মহিলা দলৰ মাজত এদিনতে দুখন মেচ বেক টু বেক খেলা হয়। অৰ্থাৎ পুৰুষৰ মেচ প্ৰথমে খেলা হয়। ইয়াৰ পিছত একেখন খেলপথাৰতে মহিলাৰ খেলখন অনুষ্ঠিত হয়। এটা টিকটে দুখন খেল সামৰি লয়।

এই প্ৰতিযোগিতাত এতিয়ালৈকে খেলা আঠটা দল হ’ল - বাৰ্মিংহাম ফিনিক্স, লণ্ডন স্পিৰিট, মানচেষ্টাৰ অৰিজিনেলছ, নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰছ, অভাল ইনভিনচিবলছ, চাউদাৰ্ণ ব্ৰেভছ, ট্ৰেণ্ট ৰকেটছ আৰু ৱেলছ ফায়াৰ।

পুৰুষ আৰু মহিলা দলত মুঠ ১৫ গৰাকী ক্ৰিকেটাৰ আছে। তাৰ ভিতৰত চাৰিজন বিদেশীক নিব পাৰি। খেলুৱৈ ক্ৰয় কৰা হয় ড্ৰাফ্ট ব্যৱস্থাৰ জৰিয়তে। প্ৰতিটো দলৰ অন্ততঃ এজনকৈ ক্ৰিকেটাৰ থাকিব লাগিব যিয়ে ইংলেণ্ড জাতীয় দলৰ হৈ খেলিছে।

২০২১ চনৰ পুৰুষৰ চেম্পিয়ন  চাউদাৰ্ণ ব্ৰেভছ। ৰানাৰ্ছ আপ বাৰ্মিংহাম ফিনিক্স। মহিলা চেম্পিয়ন অভাল ইনভিনচিবলছ, ৰানাৰ্ছ আপ চাউদাৰ্ণ ব্ৰেভছ।

২০২২ চনৰ পুৰুষৰ চেম্পিয়ন ট্ৰেণ্ট ৰকেটছ। ৰানাৰ্ছ মানচেষ্টাৰ অৰিজিনেলছ। মহিলা চেম্পিয়ন অভাল ইনভিনচিবলছ, ৰানাৰ্ছ আপ চাউদাৰ্ণ ব্ৰেভছ।

অহা ২৭ আগষ্টত অনুষ্ঠিত হ’ব ২০২৩ চনৰ ফাইনেল।

ভাৰতৰ চ’নী চেনেলত উপলব্ধ হ’ব The Hundred। ইয়াৰ উপৰিও এই প্ৰতিযোগিতা ফেনকোড এপতো চাব পাৰিব। চাৰি বছৰৰ বাবে এই গেমটো সম্প্ৰচাৰৰ অধিকাৰ লৈছে Fancode App য়ে। প্ৰতিখন খেল স্কাই স্প’ৰ্টছত দেখুওৱা হয়। বিবিচিয়ে পুৰুষৰ ১০খন আৰু মহিলাৰ ৮খন খেলো দেখুৱাইছে। আন কেইখনমান দেশত এই খেলখন স্কাই স্প’ৰ্টছৰ সম্প্ৰচাৰৰ অধিকাৰৰ সৈতে দেখুওৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক