--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে বাংলাদেশৰ চট্টগ্ৰামত এটা উন্মত্ত জনতাৰ দলে হিন্দু মন্দিৰ ভাঙিলণ্ডভণ্ড কৰে । উল্লেখ্য যে এগৰাকী প্ৰাক্তন ইস্কন সদস্যৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰাৰ পিছৰে পৰা প্ৰতিবাদ আৰু হিংসাৰ সাক্ষী হৈ আছে বাংলাদেশ । এক প্ৰতিবেদন অনুসৰি, এই আক্ৰমণটো বন্দৰ চহৰখনৰ হৰিশ চন্দ্ৰ মুনচিফ লেনত দুপৰীয়া প্ৰায় ২.৩০ বজাত সংঘটিত হয় । 

উক্ত অঞ্চলটোৰ শান্তনেশ্বৰী মাতৃ মন্দিৰ, ওচৰৰ শনি মন্দিৰ আৰু শান্তানেশ্বৰী কালীবাৰী মন্দিৰক লক্ষ্য কৰি লোৱা হয় । মন্দিৰৰ কৰ্তৃপক্ষসকলে জনোৱা মতে, কেইবাশ লোকৰ এটা দলে শ্ল’গান দি মন্দিৰসমূহত ইটা-শিল নিক্ষেপ কৰাৰ ফলত শনি মন্দিৰৰ লগতে আন দুটা মন্দিৰৰ ক্ষতিসাধন হয়। কোতৱালি আৰক্ষী থানাৰ মুৰব্বী আব্দুল কৰিমে এই আক্ৰমণ নিশ্চিত কৰি কয় যে আক্ৰমণকাৰীয়ে মন্দিৰসমূহৰ ক্ষতিসাধন কৰাৰ চেষ্টা চলাইছিল। অৱশ্যে দুয়োপক্ষৰ সংঘৰ্ষত মন্দিৰৰ বিশেষ ক্ষতি হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুয়োটা দলে ইটা-পাথৰ নিক্ষেপ কৰিছিল ইজনে সিজনৰ ওপৰত।

উল্লেখ্য যে বাংলাদেশৰ আন্তৰাষ্ট্ৰীয় কৃষ্ণ চেতনা সমাজ (ইস্কন)ৰ প্ৰাক্তন সদস্য তথা আধ্যাত্মিক নেতা চিন্ময়কৃষ্ণ দাসক সোমবাৰে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে তেওঁৰ জামিন নাকচ কৰে । ইয়াৰ ফলত ৰাজধানী ঢাকা আৰু চট্টগ্ৰামকে ধৰি বাংলাদেশৰ বিভিন্ন স্থানত হিন্দু সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ আৰম্ভ কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদক কয় যে ভাৰতে বাংলাদেশত সংখ্যালঘুসকলৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি গুৰুত্বসহকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা সুৰক্ষিত কৰাটো ঢাকাৰ প্ৰাথমিক দায়িত্ব ।

৩০ অক্টোবৰত চট্টগ্ৰামৰ কোতৱালী আৰক্ষী থানাত দাসকে ধৰি ১৯ জন লোকৰ বিৰুদ্ধে চট্টগ্ৰামৰ নতুন বজাৰ এলেকাত হিন্দু সম্প্ৰদায়ৰ এক সমদলৰ সময়ত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰাৰ অভিযোগত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন