--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে বাংলাদেশৰ চট্টগ্ৰামত এটা উন্মত্ত জনতাৰ দলে হিন্দু মন্দিৰ ভাঙিলণ্ডভণ্ড কৰে । উল্লেখ্য যে এগৰাকী প্ৰাক্তন ইস্কন সদস্যৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰাৰ পিছৰে পৰা প্ৰতিবাদ আৰু হিংসাৰ সাক্ষী হৈ আছে বাংলাদেশ । এক প্ৰতিবেদন অনুসৰি, এই আক্ৰমণটো বন্দৰ চহৰখনৰ হৰিশ চন্দ্ৰ মুনচিফ লেনত দুপৰীয়া প্ৰায় ২.৩০ বজাত সংঘটিত হয় । 

উক্ত অঞ্চলটোৰ শান্তনেশ্বৰী মাতৃ মন্দিৰ, ওচৰৰ শনি মন্দিৰ আৰু শান্তানেশ্বৰী কালীবাৰী মন্দিৰক লক্ষ্য কৰি লোৱা হয় । মন্দিৰৰ কৰ্তৃপক্ষসকলে জনোৱা মতে, কেইবাশ লোকৰ এটা দলে শ্ল’গান দি মন্দিৰসমূহত ইটা-শিল নিক্ষেপ কৰাৰ ফলত শনি মন্দিৰৰ লগতে আন দুটা মন্দিৰৰ ক্ষতিসাধন হয়। কোতৱালি আৰক্ষী থানাৰ মুৰব্বী আব্দুল কৰিমে এই আক্ৰমণ নিশ্চিত কৰি কয় যে আক্ৰমণকাৰীয়ে মন্দিৰসমূহৰ ক্ষতিসাধন কৰাৰ চেষ্টা চলাইছিল। অৱশ্যে দুয়োপক্ষৰ সংঘৰ্ষত মন্দিৰৰ বিশেষ ক্ষতি হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুয়োটা দলে ইটা-পাথৰ নিক্ষেপ কৰিছিল ইজনে সিজনৰ ওপৰত।

উল্লেখ্য যে বাংলাদেশৰ আন্তৰাষ্ট্ৰীয় কৃষ্ণ চেতনা সমাজ (ইস্কন)ৰ প্ৰাক্তন সদস্য তথা আধ্যাত্মিক নেতা চিন্ময়কৃষ্ণ দাসক সোমবাৰে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে তেওঁৰ জামিন নাকচ কৰে । ইয়াৰ ফলত ৰাজধানী ঢাকা আৰু চট্টগ্ৰামকে ধৰি বাংলাদেশৰ বিভিন্ন স্থানত হিন্দু সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ আৰম্ভ কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদক কয় যে ভাৰতে বাংলাদেশত সংখ্যালঘুসকলৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি গুৰুত্বসহকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা সুৰক্ষিত কৰাটো ঢাকাৰ প্ৰাথমিক দায়িত্ব ।

৩০ অক্টোবৰত চট্টগ্ৰামৰ কোতৱালী আৰক্ষী থানাত দাসকে ধৰি ১৯ জন লোকৰ বিৰুদ্ধে চট্টগ্ৰামৰ নতুন বজাৰ এলেকাত হিন্দু সম্প্ৰদায়ৰ এক সমদলৰ সময়ত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰাৰ অভিযোগত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক