--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ প্ৰতিৰক্ষা বিভাগত চলা দুৰ্নীতিয়ে শংকিত কৰি তুলিছে ৰাষ্ট্ৰপতি জি জিনপিংক৷ সেনাবাহিনীৰ দুৰ্নীতি সন্দৰ্ভত চলি থকা দুৰ্নীতি বিৰোধী অভিযানত তদন্তৰ আওতালৈ আহিছে চিনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ নাম। আশ্চৰ্যজনক যে ডং জুন দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা  চীনৰ তৃতীয়জন প্ৰতিৰক্ষা মন্ত্ৰী।

পিপলছ লিবাৰেশ্যন আৰ্মীত দুৰ্নীতিৰ সৈতে জড়িত বহু গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ডং জুন। অৱশ্যে চীনৰ বৈদেশিক মন্ত্র্যালয়ৰ মুখপাত্ৰ মাও নিঙে ইয়াক ভিত্তিহীন বুলি অভিহিত কৰিছে৷ 

চীনা সেনাবাহিনীত বিগত বছৰৰ পৰা চলি থকা দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে এতিয়ালৈকে পিএলএৰ ৯ জন জেনেৰেল আৰু প্ৰতিৰক্ষা উদ্যোগৰ ৪ জন বিষয়াক ৰাষ্ট্ৰীয় বিধানসভাৰ পৰা অপসাৰণ কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে চীনৰ সামৰিক কূটনীতিৰ দায়িত্বত থকা ডং জুনে শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ সামৰিক সম্পৰ্ক তদাৰকৰ দায়িত্ব পালন কৰি আছিল। আৰু ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ পোষকতা কৰিছিল।

উল্লেখযোগ্য যে ডঙৰ পূৰ্বেও চীনৰ আন দুজন প্ৰতিৰক্ষা মন্ত্ৰীও একেধৰণৰ অভিযোগৰ সন্মুখীন হৈছিল। প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী লি শ্বাংফু এই পদত মাত্ৰ ৭ মাহহে কাৰ্যভাৰ পালন কৰিছিল আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত যোৱা বছৰ এটা অনুষ্ঠানত ভাষণ প্ৰদানৰ পিছৰে পৰা তেওঁ নিৰুদ্দেশ হৈছিল। উৎকোচ লোৱাকে ধৰি বহুকেইটা অভিযোগত লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

লি শ্বাংফুৰ পূৰ্বে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কৰ্মৰত ৱেই ফেংগেৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল আৰু ৱেই ফেংগেক দলৰ পৰা বহিষ্কাৰ কৰি দুৰ্নীতিৰ গোচৰৰ তদন্তৰ ব্যৱস্থা কৰিছিল। ৱেই আৰু লিৰ সন্দৰ্ভত কমিউনিষ্ট পাৰ্টিয়ে পূৰ্বৰ বিবৃতিত উল্লেখ কৰিছিল যে, ‘দুয়ো নেতাই পাৰ্টি আৰু কেন্দ্ৰীয় সামৰিক আয়োগৰ আস্থা ভংগ কৰাৰ লগতে ৰাজনৈতিক আৰু সামৰিক পৰিৱেশ প্ৰদূষিত কৰিলে আৰু জ্যেষ্ঠ নেতাৰ ভাবমূৰ্তিও ক্ষতিগ্ৰস্ত কৰিলে। বিশেষজ্ঞসকলৰ মতে চীনৰ কমিউনিষ্ট পাৰ্টিৰ বাবে এয়া এক ডাঙৰ আঘাত। তথ্য অনুসৰি  চীনা সেনাৰ ৰকেট বাহিনীৰ আন দুজন উচ্চ পদস্থ বিষয়াকো দুৰ্নীতিৰ অভিযোগত অপসাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক