--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ প্ৰতিৰক্ষা বিভাগত চলা দুৰ্নীতিয়ে শংকিত কৰি তুলিছে ৰাষ্ট্ৰপতি জি জিনপিংক৷ সেনাবাহিনীৰ দুৰ্নীতি সন্দৰ্ভত চলি থকা দুৰ্নীতি বিৰোধী অভিযানত তদন্তৰ আওতালৈ আহিছে চিনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ নাম। আশ্চৰ্যজনক যে ডং জুন দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা  চীনৰ তৃতীয়জন প্ৰতিৰক্ষা মন্ত্ৰী।

পিপলছ লিবাৰেশ্যন আৰ্মীত দুৰ্নীতিৰ সৈতে জড়িত বহু গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ডং জুন। অৱশ্যে চীনৰ বৈদেশিক মন্ত্র্যালয়ৰ মুখপাত্ৰ মাও নিঙে ইয়াক ভিত্তিহীন বুলি অভিহিত কৰিছে৷ 

চীনা সেনাবাহিনীত বিগত বছৰৰ পৰা চলি থকা দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে এতিয়ালৈকে পিএলএৰ ৯ জন জেনেৰেল আৰু প্ৰতিৰক্ষা উদ্যোগৰ ৪ জন বিষয়াক ৰাষ্ট্ৰীয় বিধানসভাৰ পৰা অপসাৰণ কৰা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে চীনৰ সামৰিক কূটনীতিৰ দায়িত্বত থকা ডং জুনে শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ সামৰিক সম্পৰ্ক তদাৰকৰ দায়িত্ব পালন কৰি আছিল। আৰু ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ পোষকতা কৰিছিল।

উল্লেখযোগ্য যে ডঙৰ পূৰ্বেও চীনৰ আন দুজন প্ৰতিৰক্ষা মন্ত্ৰীও একেধৰণৰ অভিযোগৰ সন্মুখীন হৈছিল। প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী লি শ্বাংফু এই পদত মাত্ৰ ৭ মাহহে কাৰ্যভাৰ পালন কৰিছিল আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত যোৱা বছৰ এটা অনুষ্ঠানত ভাষণ প্ৰদানৰ পিছৰে পৰা তেওঁ নিৰুদ্দেশ হৈছিল। উৎকোচ লোৱাকে ধৰি বহুকেইটা অভিযোগত লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

লি শ্বাংফুৰ পূৰ্বে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কৰ্মৰত ৱেই ফেংগেৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল আৰু ৱেই ফেংগেক দলৰ পৰা বহিষ্কাৰ কৰি দুৰ্নীতিৰ গোচৰৰ তদন্তৰ ব্যৱস্থা কৰিছিল। ৱেই আৰু লিৰ সন্দৰ্ভত কমিউনিষ্ট পাৰ্টিয়ে পূৰ্বৰ বিবৃতিত উল্লেখ কৰিছিল যে, ‘দুয়ো নেতাই পাৰ্টি আৰু কেন্দ্ৰীয় সামৰিক আয়োগৰ আস্থা ভংগ কৰাৰ লগতে ৰাজনৈতিক আৰু সামৰিক পৰিৱেশ প্ৰদূষিত কৰিলে আৰু জ্যেষ্ঠ নেতাৰ ভাবমূৰ্তিও ক্ষতিগ্ৰস্ত কৰিলে। বিশেষজ্ঞসকলৰ মতে চীনৰ কমিউনিষ্ট পাৰ্টিৰ বাবে এয়া এক ডাঙৰ আঘাত। তথ্য অনুসৰি  চীনা সেনাৰ ৰকেট বাহিনীৰ আন দুজন উচ্চ পদস্থ বিষয়াকো দুৰ্নীতিৰ অভিযোগত অপসাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা