--°C
Loading...
Listen to Article
2 min read
80%

আহমেদনগৰ : কৃষি আইনবিৰোধী প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা কৰিলে সমাজকৰ্মী আন্না হাজাৰেই। বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে, শনিবাৰৰ পৰা তেওঁ নিজৰ গৃহ চহৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিব। তেওঁ নিজৰ সমৰ্থকসকলকো কৃষকৰ সমৰ্থনত নিজৰ নিজৰ ঠাইৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰিবলৈ আহ্বান জনায়।

আৰু পঢ়িব পাৰিব : গিবন অভয়াৰণ্যত তাঁৰৰ বেৰা নিৰ্মাণৰ নামত ৩৩লাখ টকা আত্মসাতৰ ফন্দি

এটা বিজ্ঞপ্তিযোগে ৮৪ বছৰীয়া সংগ্ৰামীগৰাকীয়ে কয় যে, কৃষকসকলৰ ভালেমান গুৰুত্বপূৰ্ণ দাবীক লৈ বিগত ৪ বছৰে মই প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। কৃষকৰ সমস্যাক লৈ চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ নকৰা যেন বোধ হয়। কৃষকক লৈ চৰকাৰ সংবেদনশীল নহয়।’ তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি বহুবাৰ আমাৰ দাবী উত্থাপন কৰিছোঁ। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰীলৈ বিগত তিনিমাহত পাঁচবাৰকৈ পত্ৰ লিখিছোঁ।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু চৰকাৰে বিষয়বোৰ সম্পৰ্কে আলোচনা কৰি আছে কিন্তু তেওঁলোকে সঠিক সিদ্ধান্তলৈ আহিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, ২৬ জানুৱাৰীত দিল্লীত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কৃষক আন্দোলনৰ প্ৰতি চৰকাৰ কঠোৰ হোৱা দেখা গৈছে। কিন্তু দাবী পূৰণ নোহোৱাপৰ্যন্ত আন্দোলনৰ পৰা পিছ হুঁহকি নাযাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা কৃষকসকলেও নিজৰ স্থিতিত অটল হৈ আছে। এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু