--°C
Loading...
Listen to Article
2 min read
80%

আহমেদনগৰ : কৃষি আইনবিৰোধী প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা কৰিলে সমাজকৰ্মী আন্না হাজাৰেই। বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে, শনিবাৰৰ পৰা তেওঁ নিজৰ গৃহ চহৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিব। তেওঁ নিজৰ সমৰ্থকসকলকো কৃষকৰ সমৰ্থনত নিজৰ নিজৰ ঠাইৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰিবলৈ আহ্বান জনায়।

আৰু পঢ়িব পাৰিব : গিবন অভয়াৰণ্যত তাঁৰৰ বেৰা নিৰ্মাণৰ নামত ৩৩লাখ টকা আত্মসাতৰ ফন্দি

এটা বিজ্ঞপ্তিযোগে ৮৪ বছৰীয়া সংগ্ৰামীগৰাকীয়ে কয় যে, কৃষকসকলৰ ভালেমান গুৰুত্বপূৰ্ণ দাবীক লৈ বিগত ৪ বছৰে মই প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। কৃষকৰ সমস্যাক লৈ চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ নকৰা যেন বোধ হয়। কৃষকক লৈ চৰকাৰ সংবেদনশীল নহয়।’ তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি বহুবাৰ আমাৰ দাবী উত্থাপন কৰিছোঁ। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰীলৈ বিগত তিনিমাহত পাঁচবাৰকৈ পত্ৰ লিখিছোঁ।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু চৰকাৰে বিষয়বোৰ সম্পৰ্কে আলোচনা কৰি আছে কিন্তু তেওঁলোকে সঠিক সিদ্ধান্তলৈ আহিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, ২৬ জানুৱাৰীত দিল্লীত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কৃষক আন্দোলনৰ প্ৰতি চৰকাৰ কঠোৰ হোৱা দেখা গৈছে। কিন্তু দাবী পূৰণ নোহোৱাপৰ্যন্ত আন্দোলনৰ পৰা পিছ হুঁহকি নাযাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা কৃষকসকলেও নিজৰ স্থিতিত অটল হৈ আছে। এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ