--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, ‘ইণ্ডিয়া টুডে’ৰ কনছাল্টিং এডিটৰ ৰাজদীপ সৰদেশাই বিপদৰ সন্মুখীন হৈছে। টুইটাৰত ভুল তথ্য প্ৰকাশ কৰি বিপদত পৰিছে সৰদেশাই। দিল্লীত গণৰাজ্য দিৱসৰ দিনা হোৱা প্ৰতিবাদৰ সময়ত এগৰাকী কৃষক আৰক্ষীৰ গুলীত নিহত হোৱা বুলি উল্লেখ কৰি টুইট কৰিছিল সৰদেশায়ে। কিন্তু প্ৰকৃততে কৃষকগৰাকী ট্ৰেক্টৰ বাগৰি মৃত্যুমুখত পৰা বুলিহে প্ৰমাণিত হয়।

আৰু পঢ়িব পাৰিব : কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

সত্যতা নথকা খবৰ প্ৰচাৰ কৰাৰ পাছত সৰদেশাই বিৰুদ্ধে ‘ইণ্ডিয়া টু়ডে’ গ্ৰুপে ব্যৱস্থা গ্ৰহণ কৰিছে। সৰদেশাইক দুসপ্তাহৰ বাবে টিভিত অনুষ্ঠান কৰাত বাধা দিয়া হৈছে আৰু তেওঁৰ এমাহৰ দৰমহা কৰ্তন কৰা হৈছে। সাংবাদিকগৰাকীয়ে পিছত বাতৰি শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁ শাস্তিমূলক ব্যৱস্থাৰ পৰা হাত সাৰিব নোৱাৰিলে।

কেৱল এয়াই নহয়, সৰদেশাইকে ধৰি কেইবাগৰাকীও সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈছে দেশদ্ৰোহৰ গোচৰ। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ছগৰাকী সাংবাদিকৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে। যাৰ ভিতৰত আছে দেশদ্ৰোহ, অপৰাধিক ষড়যন্ত্ৰ আৰু বিদ্বেষ বিয়পোৱাৰ অভিযোগ।

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা আন্না হাজাৰেৰ

ৰাজদ্বীপ সৰদেশাই, বিনোদ জোছে, জাফৰ আঘা, পৰেশ নাথ আৰু অনন্ত নাথৰ বিৰুদ্ধে দুয়োখন ৰাজ্যত এই গোচৰ ৰুজু কৰা হৈছে। দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অপৰাধতে ৰুজু হৈছে এই গোচৰ। ইফালে, এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াই আৰক্ষীৰ এই ভূমিকাক সমালোচনা কৰি সাংবাদিকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কাৰ্যক গৰিহনা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ