--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক্ৰমাৎ অধিক উত্তপ্ত হ’বলৈ আৰম্ভ কৰিছে কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদস্থলী। আৰক্ষী-প্ৰশাসনে প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে প্ৰতিবাদস্থলীৰ স্থানীয় লোকেও প্ৰতিবাদী কৃষকসকলৰ সৈতে সংঘাতত লিপ্ত হৈছে। দিল্লী-হাৰিয়ানা সীমাৰ সিংঘুত একাংশ স্থানীয় বুলি দাবী কৰা লোকে আজি প্ৰতিবাদী কৃষকলৈ শিলগুটি নিক্ষেপ কৰে।

আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

এইসকল লোকে কৃষকসকলৰ তম্বু লণ্ডভণ্ড কৰাৰো চেষ্টা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত প্ৰতিবাদস্থলীত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে আৰু কৃষকসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে, আজি পুৱাৰে পৰা দিল্লীৰ সীমাৱৰ্তী টিক্ৰী আৰু সিংঘুত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। অৱস্থানকাৰী প্ৰতিবাদী কৃষকক বল প্ৰয়োগৰে প্ৰতিবাদস্থলীৰ পৰা উচ্ছেদ কৰাৰ সম্ভাৱনাৰ বিষয়েও এতিয়া গুণা-গথা চলিছে।

আৰু পঢ়িব পাৰিব : কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

দিল্লীত ট্ৰেক্টৰ সমদলৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছতে আৰক্ষী-প্ৰশাসনৰ এই তৎপৰতা তথা কঠোৰতা পৰিলক্ষিত হৈছে। ইফালে দিল্লী-উত্তৰপ্ৰদেশৰ গাজিপুৰ অঞ্চলৰ প্ৰতিবাদস্থলীতো উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক উচ্ছেদ কৰাৰ চেষ্টা কৰে কিন্তু কৃষকসকলে তাৰ পৰা লৰচৰ কৰিবলৈ অমান্তি হয়। ফলত এক সংঘৰ্ষপ্ৰৱণ অৱস্থাৰ সৃষ্টি হয় সীমাৱৰ্তী অঞ্চলটোত। কৃষক নেতা ৰাকেশ টিকাইটে কৃষকৰ প্ৰতিবাদ তথা অৱস্থান অব্যাহত থাকিব


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু