--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক্ৰমাৎ অধিক উত্তপ্ত হ’বলৈ আৰম্ভ কৰিছে কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদস্থলী। আৰক্ষী-প্ৰশাসনে প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে প্ৰতিবাদস্থলীৰ স্থানীয় লোকেও প্ৰতিবাদী কৃষকসকলৰ সৈতে সংঘাতত লিপ্ত হৈছে। দিল্লী-হাৰিয়ানা সীমাৰ সিংঘুত একাংশ স্থানীয় বুলি দাবী কৰা লোকে আজি প্ৰতিবাদী কৃষকলৈ শিলগুটি নিক্ষেপ কৰে।

আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

এইসকল লোকে কৃষকসকলৰ তম্বু লণ্ডভণ্ড কৰাৰো চেষ্টা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত প্ৰতিবাদস্থলীত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে আৰু কৃষকসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে, আজি পুৱাৰে পৰা দিল্লীৰ সীমাৱৰ্তী টিক্ৰী আৰু সিংঘুত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। অৱস্থানকাৰী প্ৰতিবাদী কৃষকক বল প্ৰয়োগৰে প্ৰতিবাদস্থলীৰ পৰা উচ্ছেদ কৰাৰ সম্ভাৱনাৰ বিষয়েও এতিয়া গুণা-গথা চলিছে।

আৰু পঢ়িব পাৰিব : কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

দিল্লীত ট্ৰেক্টৰ সমদলৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছতে আৰক্ষী-প্ৰশাসনৰ এই তৎপৰতা তথা কঠোৰতা পৰিলক্ষিত হৈছে। ইফালে দিল্লী-উত্তৰপ্ৰদেশৰ গাজিপুৰ অঞ্চলৰ প্ৰতিবাদস্থলীতো উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক উচ্ছেদ কৰাৰ চেষ্টা কৰে কিন্তু কৃষকসকলে তাৰ পৰা লৰচৰ কৰিবলৈ অমান্তি হয়। ফলত এক সংঘৰ্ষপ্ৰৱণ অৱস্থাৰ সৃষ্টি হয় সীমাৱৰ্তী অঞ্চলটোত। কৃষক নেতা ৰাকেশ টিকাইটে কৃষকৰ প্ৰতিবাদ তথা অৱস্থান অব্যাহত থাকিব


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ