--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ডায়েবেটিচ এতিয়া ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে মামাৰীৰ ৰূপত বিয়পি পৰিছে। ডায়েবেটিচ ধৰা পৰাৰ লগে লগে বহু খাদ্যই বাদ দিবলগীয়া হয়।মিঠাই, আইচক্ৰীমৰ কথা বাদেই দিয়ক, ভাত-চাহ আৰু পাচলিৰ ওপৰত বহুতো প্ৰতিবন্ধকতা আহি পৰে। বহু নিয়ম মানি চলাৰ পিছতো বহুতৰে তেজত শৰ্কৰাৰ পৰিমাণ কমক চাৰি বাঢ়িহে গৈ থাকে।  

নিশা পলমকৈ শুলে আৰু  পুৱা সোনকালে উঠিব লগীয়া হ’লে চোপনিত ব্যাঘাতজন্মে। ফলত তেজৰ শৰ্কৰাৰ স্তৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।   যিসকলে কাৰ্যালয়ত নিশাৰ শ্বিফ্টত কাম কৰে তেওঁলোকৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু যদি নিশা শুবলৈ যোৱাৰ আগতে কিছুমান নিয়ম অনুসৰণ কৰিব পাৰি, তেনেহ'লে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ।কি সেই নিয়ম জানো আহক

১) মাজনিশা একো নাখাব

ৰাতি সাৰ পোৱাৰ ফলত প্ৰাকৃতিক কাৰণত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ  পিছতো বহুতৰে ভোক লাগে। কিন্তু নিশা  গধুৰ খাদ্য খোৱাৰ পিছত টোপনিৰ পৰা সাৰ পালে ভোক অনুভৱ কৰিলেও একো খাব নালাগে।  এই অভ্যাসটো কৰিব পাৰিলে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাৰ আশংকা দূৰ হ’ব। 

২) কেমোমাইল চাহ

পুষ্টিবিদসকলৰ মতে এণ্টিঅক্সিডেণ্ট সমৃদ্ধ কেমোমাইল চাহ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত বিশেষভাৱে কাৰ্যকৰী। ৰাতি শুবলৈ যোৱাৰ কমেও আধা ঘণ্টা আগতে এই চাহ পান কৰিব পাৰিলে ভাল। 

৩) তিয়াই থোৱা কাঠবাদাম

যদি আপোনাৰ ৰাতি ভোক লাগে, তেন্তে ৭ টামান তিয়াই থোৱা  কাঠবাদাম খাব পাৰে। মেগনেছিয়াম আৰু ট্ৰিপ্টোফেন নামৰ দুটা যৌগ সমৃদ্ধ এই বাদামে মাজনিশাৰ ভোক দূৰ কৰাৰ লগতে   ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) মেথি গুটি 

ৰাতি শুবলৈ যোৱাৰ আগতে  আধা চামুচ মেথি গুৰি বা মেথি তিয়াই থোৱা পানী খালে  ডায়েবেটিচৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে।

৫) বজ্ৰাসন

ৰাতিৰ আহাৰৰ পিছত ১০  মিনিটৰ বাবে বজ্ৰাসন কৰিব পাৰিলে   খাদ্য হজম হোৱাৰ উপৰি ৰক্ত শৰ্কৰাৰ স্তৰো নিয়ন্ত্ৰণত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন