--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ডায়েবেটিচ এতিয়া ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে মামাৰীৰ ৰূপত বিয়পি পৰিছে। ডায়েবেটিচ ধৰা পৰাৰ লগে লগে বহু খাদ্যই বাদ দিবলগীয়া হয়।মিঠাই, আইচক্ৰীমৰ কথা বাদেই দিয়ক, ভাত-চাহ আৰু পাচলিৰ ওপৰত বহুতো প্ৰতিবন্ধকতা আহি পৰে। বহু নিয়ম মানি চলাৰ পিছতো বহুতৰে তেজত শৰ্কৰাৰ পৰিমাণ কমক চাৰি বাঢ়িহে গৈ থাকে।  

নিশা পলমকৈ শুলে আৰু  পুৱা সোনকালে উঠিব লগীয়া হ’লে চোপনিত ব্যাঘাতজন্মে। ফলত তেজৰ শৰ্কৰাৰ স্তৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।   যিসকলে কাৰ্যালয়ত নিশাৰ শ্বিফ্টত কাম কৰে তেওঁলোকৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা অধিক। কিন্তু যদি নিশা শুবলৈ যোৱাৰ আগতে কিছুমান নিয়ম অনুসৰণ কৰিব পাৰি, তেনেহ'লে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ।কি সেই নিয়ম জানো আহক

১) মাজনিশা একো নাখাব

ৰাতি সাৰ পোৱাৰ ফলত প্ৰাকৃতিক কাৰণত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ  পিছতো বহুতৰে ভোক লাগে। কিন্তু নিশা  গধুৰ খাদ্য খোৱাৰ পিছত টোপনিৰ পৰা সাৰ পালে ভোক অনুভৱ কৰিলেও একো খাব নালাগে।  এই অভ্যাসটো কৰিব পাৰিলে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাৰ আশংকা দূৰ হ’ব। 

২) কেমোমাইল চাহ

পুষ্টিবিদসকলৰ মতে এণ্টিঅক্সিডেণ্ট সমৃদ্ধ কেমোমাইল চাহ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত বিশেষভাৱে কাৰ্যকৰী। ৰাতি শুবলৈ যোৱাৰ কমেও আধা ঘণ্টা আগতে এই চাহ পান কৰিব পাৰিলে ভাল। 

৩) তিয়াই থোৱা কাঠবাদাম

যদি আপোনাৰ ৰাতি ভোক লাগে, তেন্তে ৭ টামান তিয়াই থোৱা  কাঠবাদাম খাব পাৰে। মেগনেছিয়াম আৰু ট্ৰিপ্টোফেন নামৰ দুটা যৌগ সমৃদ্ধ এই বাদামে মাজনিশাৰ ভোক দূৰ কৰাৰ লগতে   ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) মেথি গুটি 

ৰাতি শুবলৈ যোৱাৰ আগতে  আধা চামুচ মেথি গুৰি বা মেথি তিয়াই থোৱা পানী খালে  ডায়েবেটিচৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে।

৫) বজ্ৰাসন

ৰাতিৰ আহাৰৰ পিছত ১০  মিনিটৰ বাবে বজ্ৰাসন কৰিব পাৰিলে   খাদ্য হজম হোৱাৰ উপৰি ৰক্ত শৰ্কৰাৰ স্তৰো নিয়ন্ত্ৰণত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে