--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিভিন্ন প্ৰকাৰৰ কেন্সাৰ বিষয়ে শুনি আহিছো তাৰ ভিতৰত পুৰুষৰ ক্ষেত্ৰত বিশেষকৈ ৫০ বছৰৰ ওপৰৰ পুৰুষৰ ক্ষেত্ৰত দেখিবলৈ পোৱা এটা হ’ল প্ৰষ্টেট কেন্সাৰ। যদিও প্ৰষ্টেট কেন্সাৰৰ চিকিৎসা অতিশয় যটিল৷ ৰোগটো কোনটো পৰ্যায়ত আছে সেই বিষয়ে জানিলে চিকিৎসাৰ বিকল্পসমূহৰ বিষয়েও জনাত সহায়ক হয় বুলি বিশেষজ্ঞসকলে কয়।

আপুনি জানেনে প্ৰষ্টেট কেন্সাৰ কি? প্ৰষ্টেট হৈছে মূত্ৰাশয়ৰ তলত অৱস্থিত বীৰ্য্য উৎপাদনকাৰী গ্ৰন্থি। যেতিয়া প্ৰষ্টেটৰ ভিতৰৰ কোষবোৰ নিয়ন্ত্ৰণৰ বাহিৰত বৃদ্ধি পাবলৈ আৰম্ভ হ’লে বা মিউটেচন হ’লে প্ৰষ্টেট কেন্সাৰ আৰম্ভ হয়৷ ইয়াক দুটা ৰূপত দেখাপোৱা যায়৷ বিশেষজ্ঞ সকলৰ মতে কিছুমান প্ৰষ্টেট কেন্সাৰ সোনকালে বিয়পিব পাৰে আৰু স্বাস্থ্যৰ অৱনতি ঘটাব , আনহাতে কিছুমানৰ বিকাশ লাহে লাহে হয় আৰু ইয়াৰ ফলত পুৰুষৰ স্বাস্থ্যৰ ওপৰত বছৰ বছৰ ধৰি কোনো প্ৰভাৱ পৰিলক্ষিত নহয়। সেয়ে পৰ্যায়টো জানিলে চিকিৎসকসকলে চিকিৎসাৰ উত্তম পন্থা নিৰ্ণয় কৰাত সহায় কৰে।আৰু টিউমাৰ, ন’ড আৰু মেটাষ্টেছিছৰ অৰ্থ বহন কৰা টিএনএম ষ্টেজিং পদ্ধতিটোৱেই হৈছে প্ৰষ্টেট কেন্সাৰ ষ্টেজিংৰ বাবে আটাইতকৈ বেছি ব্যৱহৃত পদ্ধতি বুলি উল্লেখ কৰে৷

বিশেষজ্ঞসকলে প্ৰষ্টেট কেন্সাৰৰ চাৰিটা পৰ্যায়ৰ বিষয়ে কয় যে, প্ৰাৰম্ভিক পৰ্যায়ত  প্ৰষ্টেটৰ ভিতৰৰ সৰু অংশত সীমাবদ্ধ হৈ থাকে। পি এছ এ বা প্ৰষ্টেট-নিৰ্দিষ্ট এন্টিজেনৰ মাত্ৰা বৃদ্ধিৰ বাবে বায়’প্সিৰ জৰিয়তে টিউমাৰটো সঘনাই পোৱা যায় কাৰণ ই অতি সুক্ষ্মহোৱা বাবে ডিজিটেল ৰেক্টাল পৰীক্ষা (ডি আৰ ই)ৰ সময়ত ধৰিব নোৱাৰি।এই পৰ্যায়ত ৰেডিয়চন থেৰাপী, অস্ত্ৰোপচাৰ(প্ৰষ্টেটেক্টমী), বা সক্ৰিয় চোৱাচিতা (সতৰ্ক হৈ অপেক্ষা কৰা) চিকিৎসাৰ সম্ভাৱ বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে।

ইয়াৰ দ্বিতীয় পৰ্যায়ত অধিক স্পষ্ট হয়৷ এই পৰ্যায়ত কেন্সাৰ প্ৰষ্টেটত সীমাবদ্ধ হৈ থকে যদিও গ্ৰন্থিৰ আন অংশলৈ বিয়পি পৰিব পাৰে উল্লেখ কৰে। এই পৰ্যায়ৰ চিকিৎসাৰ ভিতৰত প্ৰায়ে স্বতন্ত্ৰ বা অস্ত্ৰোপচাৰৰ সংমিশ্ৰণ, ৰেডিয়’থেৰাপী অন্তৰ্ভুক্ত কৰা হয় আৰু টিউমাৰৰ আকাৰ হ্ৰাস কৰিবলৈ হৰম’ন থেৰাপীও বিবেচনা কৰিব পাৰি বুলি বিশেষজ্ঞসকলে কয়৷

তৃতীয় পৰ্যায়ত কেন্সাৰ প্ৰষ্টেটৰ উপৰিও মূত্ৰাশয়ৰ ডিঙি আৰু বীৰ্য্যৰ ভেচিকলকে ধৰি কাষৰীয়া কলালৈ সম্প্ৰসাৰিত হয়। কিন্তু কেন্সাৰ স্থানীয়ভাৱে বিয়পি পৰাৰ পিছতো আন অংগলৈ সম্প্ৰসাৰিত নহয়। এই পৰ্যায়ত হৰম’ন থেৰাপী, বিকিৰণ আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা কেন্সাৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰা হয় বুলি কয়৷


এই ৰোগৰ অন্তিম পৰ্যায় অৰ্থাৎ চতুৰ্থ পৰ্যায়ত এই ৰোগ আন আন অংগ লিম্ফ ন’ড বা হাড়লৈ আগবাঢ়ি যায়। এই পৰ্যায়ত নিৰাময় কৰাটো অধিক কঠিন হৈ পৰে৷ এই পৰ্যায়ত কেমোথেৰাপি, উন্নত হৰম’ন চিকিৎসা, ইমিউন’থেৰাপি বা ক্লিনিকেল ট্ৰায়েল আদিৰে আৰোগ্য কৰাৰ চেষ্টা কৰে। এই পৰ্যায়ত চিকিৎসাৰ কেন্সাৰ নিয়ন্ত্ৰণ কৰা, লক্ষণসমূহ হ্ৰাস কৰা আৰু জীৱনৰ মান বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হয় বুলি উল্লেখ কৰে৷

প্ৰষ্টেট কেন্সাৰৰ সৈতে জড়িত আন কিছুমান গুৰুত্বপূৰ্ণ দিশো বিশেষজ্ঞসকলে সদৰি কৰিছে৷ এই দিশ সমূহ এনেধৰণৰ-

প্ৰষ্টেট কেন্সাৰ কিমান আক্ৰমণাত্মকতাক অৰ্থাৎ ক্ষতিকাৰক গ্লিছন স্ক’ৰ ব্যৱহাৰ কৰি ৰেটিং কৰা হয়। এই স্ক’ৰ ৬ৰ পৰা ১০ৰ ভিতৰত থাকে৷  উচ্চ নম্বৰে অধিক মাৰাত্মকতাক সূচায়। ৬ বা ৭ নম্বৰ স্ক’ৰক মধ্যমীয়া বুলি গণ্য কৰা হয় যদিও ৮ বা তাতকৈ অধিক স্ক’ৰে অধিক মাৰাত্মকতাক বুজায়।

পি এছ এৰ মাত্ৰা অৰ্থাৎ প্ৰষ্টেটত প্ৰষ্টেট-স্পেচিফিক এন্টিজেন নামৰ প্ৰটিন উৎপন্ন হয়। যদিও বেনিন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া(BPH)ৰ দৰে বিনাইন প্ৰষ্টেটৰ সমস্যাই কেতিয়াবা পি এছ এৰ মান বৃদ্ধি কৰিব পাৰে, পি এছ এৰ মাত্ৰা অধিক হোৱাটোৱে প্ৰষ্টেট কেন্সাৰ বা অন্যান্য প্ৰষ্টেট ৰোগৰ লক্ষণো হ’ব পাৰে বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে চিকিৎসকে প্ৰষ্টেট কেন্সাৰক শ্ৰেণীভুক্ত কৰিবলৈ কম, মধ্যম আৰু উচ্চ বিপদজনক শ্ৰেণীও ব্যৱহাৰ কৰিব পাৰে। এই বিভাজনক গ্লিছনৰ স্ক’ৰ, টিউমাৰৰ আকাৰ বা পৰিসৰ, আৰু পিএছএ মানে বিবেচনা কৰে।

যিহেতু প্ৰষ্টেট কেন্সাৰ লাহে লাহে হয় গতিকে বহু পুৰুষৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি কোনো লক্ষণ নেদেখিবও পাৰে। যদি আগতীয়াকৈ ধৰা পৰে তেতিয়া লগে লগে প্ৰষ্টেট কেন্সাৰৰ আৰোগ্যৰ হাৰ অধিক হৈ পৰে৷ সেয়ে পি এছ এ পৰীক্ষা আৰু ডিজিটেল ৰেক্টাল পৰীক্ষাৰ দ্বাৰা নিয়মীয়া পৰীক্ষা কৰাটো অতিশয় বাঞ্ছনীয় বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে৷

প্ৰষ্টেট কেন্সাৰৰ বিপদজনক হোৱা কাৰকসমূহৰ ভিতৰত বয়স বৃদ্ধি, নিৰ্দিষ্ট জাতিৰ পুৰুষ সাধাৰণতে আফ্ৰিকান আমেৰিকান পুৰুষৰ প্ৰৱণতা বেছি, আৰু পৰিয়ালৰ ইতিহাস আদি অন্তৰ্ভুক্ত বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে আৰু এই বিষয়ত চিকিৎসকৰ সৈতে আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

এই ৰোগ সন্দৰ্ভত আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে গৱেষণা চলি থকাৰ লগতে আৰু চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়ে ৰোগৰ প্ৰতিকাৰত আধিক উন্নত ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ