--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে তেওঁ পদত্যাগ কৰি ২০২৪ চনৰ আগষ্টত ভাৰতলৈ পলাই আহিছিল।

ডিজিটেল ডেস্ক: ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই নিজ দেশলৈ ঘূৰি যোৱাৰ মন মেলিছে আৰু এখন নতুন পাছপ'ৰ্ট বিচাৰিছে। নতুন দিল্লীত থকা বাংলাদেশৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ পৰা তেওঁ এখন নতুন পাছপ'ৰ্ট আৰু এখন ৰাষ্ট্ৰীয় পৰিচয়-পত্র (এন আই ডি) বিচাৰিছে। প্রাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে ডিচেম্বৰত নিজ দেশলৈ ঘুৰি যোৱাৰ আঁচনি লৈছে। প্রায় ১৫ বছৰীয়া শাসনৰ অন্তত বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্ৰীগৰাকী ভাৰতলৈ অহাৰ পাছত নিজ দেশৰ কর্তৃপক্ষৰে এইটো হৈছে তেওঁৰ প্রথম যোগাযোগ। 


বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে তেওঁ পদত্যাগ কৰি ২০২৪ চনৰ আগষ্টত ভাৰতলৈ পলাই আহিছিল। হাছিনাৰ অধিবক্তাই নতুন দিল্লীস্থিত বাংলাদেশৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূতৰ ওচৰত তেওঁক নতুন পাছপ'ৰ্ট প্রদানৰ বাবে আৱেদন দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে হাছিনাৰ বাংলাদেশী নাগৰিকত্ব আৰু লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিষয়ক আইনৰ অধীনত প্রাক্তন প্রধানমন্ত্ৰীগৰাকীক অনতি পলমে নতুন পাছপ'ৰ্ট আৰু এন আই ডি প্ৰদানৰ আহ্বান জনাইছে।


 ৰয়টাৰ্ছৰ তথ্য অনুসৰি, শ্বেখ হাছিনাই বাংলাদেশলৈ ঘুৰি গৈ আদালতত আত্মসমর্পণ কৰিব বিচাৰিছে। ইফালে, বাংলাদেশ চৰকাৰে সোমবাৰে স্পষ্ট কৰি দিয়ে যে শ্বেখ হাছিনাক নতুন পাছপ'র্ট যোগানৰ পৰিৱৰ্তে দেশখনে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰতৰ পৰা প্রত্যর্পণহে কৰিব বিচাৰিছে। বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী হুমায়ুন কবিৰে কয় যে হাছিনাক পাছপ'ৰ্ট যোগান ধৰাৰ কোনো আঁচনি বাংলাদেশ চৰকাৰৰ নাই। তেওঁক পলাতক অপৰাধী বুলিও কয়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পূৰ্বে জ্বলিছে বাংলাদেশ
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত