--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত প্রশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি কালি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা উক্ত বেদখলকৃত ভূমিত ৰঙা কাপোৰ লগাই খুঁটা পুতি চৰকাৰী ভূমি হিচাপত নিৰ্দিষ্ট পৰিসীমা বান্ধি দিয়ে।

ডিজিটেল ডেস্ক: ৰাজ্যত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা অভিযানৰ অংশ হিচাপে লখিমপুৰ জিলাত উচ্ছেদ অভিযান অব্যাহত আছে। লখিমপুৰ জিলাৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰ বজাৰৰ পিছত জিলাখনৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত মঙলবাৰ সাপ্তাহিক বজাৰৰ সমীপৰ ১নং পি জি আৰত এইবাৰ উচ্ছেদ চলিব। এই সন্দৰ্ভত কদম ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা যোৱা ১২ জুনতেই লিখিত নির্দেশনা জাৰি কৰা হৈছিল। 


প্ৰশাসনৰ তথ্য অনুসৰি, উক্ত ১নং পি জি আৰৰ ভূমিত দীর্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰি আছে ১৩২টা পৰিয়ালে। চৰকাৰী ভূমি এনেদৰে বেদখল কৰি ৰখাৰ অভিযোগত স্থানীয় ৰাইজে বাৰে বাৰে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰি আহিছিল। অৱশেষত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত প্রশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি কালি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা উক্ত বেদখলকৃত ভূমিত ৰঙা কাপোৰ লগাই খুঁটা পুতি চৰকাৰী ভূমি হিচাপত নিৰ্দিষ্ট পৰিসীমা বান্ধি দিয়ে। 


অহা ১৪ নৱেম্বৰৰ ভিতৰত উক্ত ভূমি বেদখলমুক্ত কৰিবলৈ ১৩২টা পৰিয়াললৈ বেদখল উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। জাননী লাভৰ পিছতে বহু অবৈধ দখলকাৰীয়ে নিজৰ বাসগৃহ নিজেই ভাঙি আচবাব-পত্র লৈ অন্য স্থানলৈ গমন কৰা দেখা গৈছে। উল্লেখযোগ্য যে, লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলত দীর্ঘদিন ধৰি চৰকাৰী ভূমি ভোগ-দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলা প্রশাসনেও চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে ধাৰাবাহিক অভিযান চলাই আছে বুলি জিলা প্ৰশাসনৰ এক সূত্রে জানিব পৰা গৈছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল