--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পানীপটৰ দিশৰ পৰা তীব্ৰবেগেৰে আহি থকা যুৱককেইজনৰ বাহনখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। খুন্দাৰ প্ৰচণ্ড আঘাতত বাহনখন পথৰ বিপৰীত দিশৰ লেনত বাগৰি পৰে। ইয়াৰ পিছতে বাহনখনত জুইৰ সূত্ৰপাত ঘটে আৰু নিমিষতে সমগ্ৰ বাহনখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

ডিজিটেল ডেস্ক: গংগাত পৱিত্ৰ স্নান কৰিবলৈ গৈ আধাবাটতে অকাল মৃত্যুক সাবটিলে ৬জন যুৱকে। এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুই সহোদৰসহ ৬ যুৱকে চিৰদিনলৈ চকু মুদিলে। 


হৰিদ্বাৰলৈ যোৱাৰ পথতে মৃত্যুৰ কোলাত শুই পৰিল ছয় বন্ধু। বাহনত জুই লগাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু যুৱককেইজনৰ। ধৰ্মীয় বিশ্বাস আৰু ভক্তিৰে পৱিত্ৰ গংগাত স্নান কৰিবলৈ ওলাইছিল ছয়জন যুৱক। কিন্তু হৰিদ্বাৰ পোৱাৰ পূৰ্বেই তেওঁলোকৰ জীৱনযাত্ৰাৰ কৰুণ সমাপ্তি ঘটিল এক ভয়ংকৰ পথ দুৰ্ঘটনাত। 


সোমৱতী অমাৱস্যা উপলক্ষে গংগা স্নানৰ উদ্দেশ্যে হৰিদ্বাৰ অভিমুখে যাত্ৰা কৰা হাৰিয়ানাৰ ছয় বন্ধুৰ মৃত্যু হ'ল উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত। নিহতসকলৰ ভিতৰত আছে দুজন সহোদৰ ভাতৃ। সোমবাৰে পুৱতি নিশা প্ৰায় ৫ বজাত মুজফ্ফৰনগৰ ঘাইপথৰ জগ্গাহেড়ী টোল প্লাজাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। 


জানিব পৰা মতে, পানীপটৰ দিশৰ পৰা তীব্ৰবেগেৰে আহি থকা যুৱককেইজনৰ বাহনখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। খুন্দাৰ প্ৰচণ্ড আঘাতত বাহনখন পথৰ বিপৰীত দিশৰ লেনত বাগৰি পৰে। ইয়াৰ পিছতে বাহনখনত জুইৰ সূত্ৰপাত ঘটে আৰু নিমিষতে সমগ্ৰ বাহনখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে।


দুৰ্ঘটনাৰ তীব্ৰতা ইমানেই ভয়ংকৰ আছিল যে পথৰ কাষৰ এটা বৈদ্যুতিক খুঁটা দুটুকুৰা হৈ যায়। আনহাতে, ডিভাইডাৰৰ প্ৰায় দহ মিটাৰ অংশও বিধ্বস্ত হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ পিছত বাহনখনৰ ভিতৰৰ পৰা ছয়জন যুৱকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসকে আটাইকেইজনকে মৃত ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ তদন্ত আৰু প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


এই শোকাৱহ ঘটনাই এতিয়া হাৰিয়ানাৰ হিছাৰ জিলাৰ ৰাখীগড়ী আৰু মোঠ গাঁৱত গভীৰ শোকৰ ছাঁ পেলাইছে। নিহত ছয়জনক চিনাক্ত কৰা হৈছে ৰাখীগড়ী গাঁৱৰ ছাহিল (২০), অমন (২১), অংকিত (২১) আৰু ৰাহুল (২৩) তথা মোঠ গাঁৱৰ অজয় আৰু অংকিত হিচাপে।


আটাইতকৈ হৃদয়বিদাৰক কথাটো হ'ল, নিহতসকলৰ ভিতৰত থকা অংকিত আৰু ৰাহুল আছিল সহোদৰ ভাতৃ। একেটা দুৰ্ঘটনাতে দুই পুত্ৰক হেৰুৱাই শোকত ম্ৰিয়মাণ হৈ পৰিছে পৰিয়ালটো। যি ঘৰখনত এদিন দুয়ো ভাতৃৰ হাঁহি-ধেমালিৰে পৰিৱেশ মুখৰিত হৈ আছিল, সেই ঘৰখনলৈ এতিয়া নামি আহিছে গভীৰ অন্ধকাৰ।


জানিব পৰা মতে, নিহত ছাহিল পেছাত এজন গাড়ীচালক আছিল। অমন, অজয় আৰু অংকিত আছিল শিক্ষাৰ্থী। আনহাতে, আনজন অংকিতে এচি আৰু ফ্ৰীজ মেৰামতিৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। ৰাহুল জড়িত আছিল গেছ ৱেল্ডিং আৰু ৰাজমিস্ত্ৰীৰ কামৰ সৈতে।


এটা পৱিত্ৰ ধৰ্মীয় উদ্দেশ্যৰে ঘৰৰ পৰা ওলাই যোৱা ছয়জন যুৱকৰ অকাল বিয়োগে দুয়োখন গাঁৱৰ লগতে অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক