ডিজিটেল ডেস্ক: ছোনীয়া গান্ধীৰ ‘Belonging: A Journey of Love’ শীৰ্ষক স্মৃতিগ্ৰন্থত স্মৃতি, প্ৰেম, পৰিয়াল, জীৱনৰ অভিজ্ঞতা আৰু ভাৰতীয় সমাজ-সংস্কৃতিৰ সৈতে জড়িত বহু অনুভৱ প্ৰকাশ পাইছে। এই গ্ৰন্থত তেওঁ পুত্ৰ ৰাহুল গান্ধীৰ শৈশৱৰ সৈতে জড়িত বহুতো নুশুনা স্মৃতি আৰু আকৰ্ষণীয় ঘটনা প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে যে ৰাহুলৰ সৈতে তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ সম্পৰ্ক আছিল অতি ঘনিষ্ঠ।
ইন্দিৰাই নাতিৰ সৈতে খেলিছিল আৰু ৰাহুল অসুস্থ হ'লে তেওঁৰ স্বাস্থ্যক লৈ যথেষ্ট চিন্তিত হৈ পৰিছিল। আনহাতে, ৰাহুলৰ নামকৰণ অনুষ্ঠানৰ প্ৰস্তুতিক লৈও এটা আমোদজনক ঘটনা বৰ্ণনা কৰিছে ছোনীয়া গান্ধীয়ে। এবাৰ এক ঘটনাক লৈ ছোনীয়া ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল। পিছত ইন্দিৰা গান্ধীয়ে নিজৰ ভুল স্বীকাৰ কৰি বোৱাৰীৰ ওচৰত ক্ষমা বিচাৰিছিল।
জন্মৰ সময়ত ৰাহুল গান্ধী আছিল ক্ষীণকায় শিশু। কিন্তু ডাঙৰ হোৱাৰ লগে লগে তেওঁ নোদোকা হৈ পৰিছিল। ৰাহুল আছিল সমগ্ৰ গান্ধী পৰিয়ালৰ বাবে, বিশেষকৈ তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ বাবে অপাৰ আনন্দৰ উৎস। দিনটোৰ ব্যস্ততা আৰু ভাগৰ সামৰি ঘৰলৈ উভতি অহাৰ পিছত ৰাহুলক দেখিলেই ইন্দিৰাৰ মুখত হাঁহি বিৰিঙি উঠিছিল। ছোনীয়া গান্ধীয়ে তেওঁৰ স্মৃতিগ্ৰন্থ ‘Belonging: A Journey of Love’ত এই স্মৃতিবোৰৰ কথা উল্লেখ কৰিছে।
ছোনীয়া গান্ধীয়ে লিখিছে যে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নাতি ৰাহুলক সদায় কোলাত তুলি লৈছিল আৰু তেওঁৰ সৈতে খেলিছিল। খেলাৰ সময়ত ৰাহুলে কেতিয়াবা আইতাকক খামুচি ধৰিছিল, কেতিয়াবা তেওঁৰ শাৰী বা চুলি টানিছিল। নাতিৰ এনে ধেমালিত ইন্দিৰাই হাঁহিত ফাটি পৰিছিল।
গ্ৰন্থখনত ছোনীয়াই লিখিছে, ‘‘ৰাহুল আমাৰ সকলোৰে বাবে, বিশেষকৈ তেওঁৰ আইতাকৰ বাবে আছিল আনন্দৰ উৎস। ইন্দিৰা গান্ধী যদি ভাগৰুৱা বা মানসিক চাপত থকা অৱস্থাত ঘৰলৈ উভতি আহিছিল, তেন্তে ৰাহুলৰ এটা হাঁহি বা কলকলনিয়েই তেওঁৰ মনটো তৎক্ষণাৎ ভাল কৰি তুলিছিল। তেওঁৰ মুখত বিৰিঙি উঠিছিল মৰমভৰা হাঁহি।’’
ৰাহুল অসুস্থ হ'লে চিন্তিত হৈ পৰিছিল আইতাক ইন্দিৰা গান্ধী। ছোনীয়াই লিখিছে, ‘‘ৰাহুলে যেতিয়া আঁঠুৰে বগুৱা বাই ফুৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া আইতাক ইন্দিৰা গান্ধীয়ে আনকি নিজেও হাত-আঁঠুৰে বগুৱা বাই নাতিৰ সৈতে খেলিছিল। ৰাহুল অসুস্থ হ'লে ইন্দিৰা যথেষ্ট চিন্তিত হৈ পৰিছিল। কামৰ মাজতো খবৰ পঠিয়াই নাতিৰ স্বাস্থ্যৰ বুজ লৈছিল আৰু তেওঁক কেনেকৈ সুস্থ কৰি তুলিব পাৰি, তাৰ পৰামৰ্শ দিছিল।’’
উল্লেখযোগ্য যে ৰাজীৱ গান্ধী আৰু ছোনীয়া গান্ধীৰ প্ৰথম সন্তানৰ মৃত্যুৰ এবছৰতকৈ কিছু অধিক সময়ৰ পিছত ৰাহুলৰ জন্ম হৈছিল। জন্মৰ পিছতে ৰাহুল অতি কম সময়ৰ ভিতৰতে গান্ধী পৰিয়ালৰ সকলোৰে অতি মৰমৰ সদস্য হৈ পৰিছিল।
ৰাহুলৰ নামকৰণ অনুষ্ঠানৰ প্ৰস্তুতিক লৈ ছোনীয়া গান্ধীৰ উঠিছিল খং
ৰাহুলৰ আনুষ্ঠানিক নামকৰণ অনুষ্ঠানৰ প্ৰস্তুতি চলি থকাৰ সময়ত এটা ঘটনা ঘটিছিল। ছোনীয়াই লক্ষ্য কৰিছিল যে তেওঁৰ শাহুৱেক ইন্দিৰা গান্ধীয়ে নিজৰ সচিব উষা ভগতক অনুষ্ঠানটো কেনেদৰে আয়োজন কৰিব লাগে আৰু ৰাহুলক কি পোছাক পিন্ধাব লাগে, সেই বিষয়ে নিৰ্দেশনা দি আছিল। এই ঘটনাত ছোনীয়াই নিজকে উপেক্ষিত অনুভৱ কৰিছিল। তেওঁ ভাবিছিল, এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানৰ নামকৰণ অনুষ্ঠানৰ প্ৰস্তুতিত তেওঁৰো সমান ভূমিকা থকা উচিত।
ছোনীয়াই স্মৃতিগ্ৰন্থত লিখিছে, ‘‘এনে লাগিছিল যেন এই বিষয়টোত এগৰাকী মাতৃ হিচাপে মোৰ কোনো ভূমিকাই নাই। মই এদিন-দুদিন নিজৰ অসন্তুষ্টি মনতে সামৰি ৰাখিছিলোঁ। কিন্তু অৱশেষত আৰু মনে মনে থাকিব নোৱাৰিলোঁ। মই মোৰ স্বামী ৰাজীৱ গান্ধীক স্পষ্টকৈ কৈছিলোঁ যে এই সকলোবোৰ মই সহ্য নকৰোঁ। শিশুটি আপোনাৰ মাতৃৰ নাতি হ'ব পাৰে, কিন্তু সৰ্বপ্ৰথমে সি মোৰ সন্তান।’’ ৰাজীৱ গান্ধীয়ে যেতিয়া তেওঁৰ মাতৃ ইন্দিৰা গান্ধীক ছোনীয়াৰ অসন্তুষ্টিৰ কথা জনাইছিল, তেতিয়া ইন্দিৰা গান্ধী কিছু বিব্ৰত হৈ পৰিছিল।
ছোনীয়াৰ স্মৃতিচাৰণ অনুসৰি, তেওঁ ইন্দিৰা গান্ধীক স্পষ্টকৈ জনাইছিল যে তেওঁ যথেষ্ট অসন্তুষ্ট হৈছিল আৰু নিজৰ সন্তানৰ বাবে কি কি প্ৰস্তুতি চলোৱা হৈছে, সেই কথা জনাৰ সম্পূৰ্ণ অধিকাৰ তেওঁৰ আছিল।
ইয়াৰ উত্তৰত ইন্দিৰাই কৈছিল যে তেওঁ সদায় সকলো কামৰ দায়িত্ব নিজে লোৱাত অভ্যস্ত হৈ পৰিল। সেই অভ্যাসৰ বাবেই এইবাৰো তেওঁ ছোনীয়াৰ অনুভূতিৰ কথা নাভাবি নিজেই সকলো প্ৰস্তুতিত লাগি গৈছিল।
ইন্দিৰা গান্ধীয়ে ছোনীয়াক কৈছিল, ‘‘তোমাক দুখ দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল। মোক ক্ষমা কৰি দিয়া।’’ এই কথাখিনি কৈ ইন্দিৰা গান্ধীয়ে মৰমেৰে ছোনীয়াৰ গালত এটা চুমা খাইছিল।
এগৰাকী শাহুৱেক আৰু বোৱাৰীৰ মাজৰ অভিমান, মৰম, বুজাবুজি আৰু সম্পৰ্কৰ মধুৰ দিশটো কিদৰে প্ৰতিফলিত হয়, সেই কথা নিশ্চয় পাঠকে পঢ়ি অনুধাৱন কৰিব পাৰিব।