--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাঁওবাসীৰ এই প্রকৃতিপ্রেমক সন্মান জনাই প্ৰতি বছৰে দীপাৱলীৰ সময়ত তামিলনাডু বন বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে গাঁওসমূহলৈ গৈ প্রতিটো পৰিয়ালক মিঠাই বিতৰণ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

ডিজিটেল ডেস্ক: সমগ্র দেশে আতচবাজী আৰু ফটকাৰ শব্দৰ মাজেৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰাৰ বিপৰীতে তামিলনাডুৰ ১২ খনতকৈও অধিক গাঁৱে পৰিৱেশ আৰু বন্যপ্রাণী সংৰক্ষণৰ এক অনন্য নিদর্শন দাঙি ধৰিছে। ৰাজ্যখনৰ ইৰোড জিলাৰ ভেলোড পক্ষী অভয়াৰণ্য আৰু শিৱগংগা জিলাৰ ভেটাংগুড়ি পক্ষী অভয়াৰণ্যৰ কাষৰীয়া গাঁওসমূহে পৰিভ্ৰমী চৰাইসমূহক সুৰক্ষা দিয়াৰ স্বাৰ্থত ফটকা নুফুটোৱাকৈয়ে নীৰৱে দীপাৱলী উদযাপন কৰে। 


উল্লেখযোগ্য যে ইৰোড জিলাৰ গাঁওসমূহে এই বছৰ একেৰাহে ২১ সংখ্যক বৰ্ষৰ বাবে এই ব্যতিক্ৰমী পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। প্ৰতি বছৰে শীতকালৰ আৰম্ভণিতে ছাইবেৰিয়া, ৰাছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ইউৰোপৰ বিভিন্ন দেশৰ পৰা হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই প্ৰজনন আৰু খাদ্যৰ সন্ধানত তামিলনাডুৰ এই জলাশয়সমূহলৈ আহে। 


ভেলোড অভয়াৰণ্যত ১৪৮টা প্রজাতি আৰু ভেটাংগুড়ি অভয়াৰণ্যত প্রায় ২১৭টা প্ৰজাতিৰ চৰাইৰ আগমন ঘটে। এই আলহী আৰু থলুৱা চৰাইসমূহৰ ভিতৰত পেইণ্টেড ষ্টর্ক, এছিয়ান অ'পেনবিল, বাৰ-হেডেড গুজ, ইউৰেছিয়ান স্পুনবিল, স্পট-বিল্ড পেলিকান, ব্লেক-টেইল্ড গডউইট, গ্রে হেৰন, হোৱাইট আইবিছ আৰু কমন টিল আদি অন্যতম। 


দীপাৱলীৰ সময়ত ফটকাৰ প্ৰচণ্ড শব্দ আৰু ধোঁৱাই এই চৰাইসমূহক আতংকিত কৰি তোলাৰ লগতে সিহঁতৰ কণী আৰু পোৱালিসমূহৰ ক্ষতি কৰাৰ আশংকা থাকে। সেয়েহে, ভেলোড অভয়াৰণ্যৰ কাষৰীয়া ভাদামুগাম ভেলোড, চেল্লাপ্পামপালায়ম, পুংগাম্বাডী, মেট্টুপালায়ম, ইল্লাপালায়ম, চেম্মান্দামপালায়মকে ধৰি ১০খনতকৈও অধিক গাঁও আৰু ভেটাংগুড়ি অভয়াৰণ্যৰ সমীপৰ কল্লুকুডীপট্টি, ভেটাংগুড়িপট্টি আৰু এছ মাম্পট্টি আদি গাঁৱৰ শ শ পৰিয়ালে স্বেচ্ছাই ফটকা বৰ্জন কৰি আহিছে। আনকি কইম্বাটুৰৰ কিট্টাম্পালায়ম আৰু মায়িলাদুথুৰাইৰ পেৰাম্বুৰ গাঁৱৰ বাসিন্দাসকলেও বাদুলীৰ সুৰক্ষাৰ বাবে দীপাৱলীত ফটকা নুফুটোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।


কোনো চৰকাৰী নিষেধাজ্ঞা অবিহনেই গাঁওবাসীয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত এতিয়া এটা সামাজিক পৰম্পৰাত পৰিণত হৈছে। দীপাৱলীৰ নিশা এই গাঁওসমূহত কেৱল মাটিৰ চাকি জ্বলাই, নতুন কাপোৰ পিন্ধি আৰু মিঠাই বিতৰণ কৰি শান্তিপূর্ণভাৱে উৎসৱ পালন কৰা হয়। স্থানীয় কৃষকসকলৰ মতে, এই চৰাইসমূহৰ আগমনে ভাল বৰষুণৰ ইংগিত দিয়ে আৰু চৰাইৰ বিষ্ঠাই পথাৰৰ মাটি সাৰুৱা কৰি কৃষি উৎপাদন বৃদ্ধিত সহায় কৰে। গাঁওবাসীৰ এই প্রকৃতিপ্রেমক সন্মান জনাই প্ৰতি বছৰে দীপাৱলীৰ সময়ত তামিলনাডু বন বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে গাঁওসমূহলৈ গৈ প্রতিটো পৰিয়ালক মিঠাই বিতৰণ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল