--°C
Loading...
Listen to Article
2 min read
80%

মণিপুৰ : ঘৰৰ চোতালত হুকহুকাই কান্দি উঠিল টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানু। টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা একাংশ ট্ৰাকচালকৰ সন্ধানত আছিল মীৰাবাঈ। মণিপুৰত উপস্থিত হৈয়ে সেই ট্ৰাকচালকসকলক লগ পাবলৈ বিচাৰিছিল অলিম্পিক পদক জয়ীগৰাকীয়ে। অৱশেষত বৃহস্পতিবাৰে একাংশ চালক নংপক কাকচিঙত থকা মীৰাবাঈৰ ঘৰৰ সন্মুখত উপস্থিত হ’লহি।

ট্ৰাকচালকৰ মাজত উপহাৰ আৰু মিঠাই বিতৰণ কৰি হুকহুকাই কান্দিলে মীৰাবায়ে। তেওঁ ক’লে, 'এই ট্ৰাকচালকসকলৰ বাবেই দেশে অলিম্পিকত এটা পদক লাভ কৰিলে।' এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান মীৰাবায়ে আৰম্ভণিৰ সময়ছোৱাত অনুশীলনৰ বাবে নিতৌ ২৫ কিলোমিটাৰ দূৰৈৰ খুমান লাম্পাক ক্ৰীড়া প্ৰকল্পলৈ আহিবলগীয়া হৈছিল।

মীৰাবাঈৰ গাঁৱৰ ফালে বালি কঢ়িয়াবলৈ গৈছিল ট্ৰাকসমূহ। সেয়াই আছিল যোগাযোগৰ একমাত্ৰ মাধ্যম। অনুশীলন সামৰি এই ট্ৰাকবোৰতে সদায় ঘৰলৈ উভতিছিল মীৰাবাঈ। অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ সেই অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল তেওঁ। ইয়াৰ বাবে ৰাজহুৱাকৈ আহ্বান জনাইছিল মীৰাবায়ে। অৱশেষত ট্ৰাকচালকসকল তেওঁৰ ঘৰলৈ আহিল। কাষৰ পৰা মীৰাবাঈক চালেহি, চুই চালে অলিম্পিকৰ পদকটো। যিটো পদকৰ ভেটি প্ৰতিষ্ঠা কৰাত তেওঁলোকৰো আছে অৰিহনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ