--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী ৰক্তাক্ত কৰাৰ পৰিকল্পনা ৰচনা কৰিছে আৰক্ষীয়ে! ফাদিল হৈছে ভয়ংকৰ ষড়যন্ত্ৰ! তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ প্ৰতিবাদত প্ৰায় দুমাহে দিল্লী-হাৰিয়ানা সীমাত অৱস্থান কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে। চৰকাৰ তথা উচ্চতম ন্যায়ালয়ে পৃথকে পৃথকে প্ৰতিবাদী কৃষকসকলক সৈমান কৰিবলৈ চেষ্টা কৰিছে যদিও নিজৰ স্থিতিত অটল হৈ আছে কৃষকসকল। এনে পৰিস্থিতিত কৃষক নেতাক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

আৰু পঢ়িব পাৰিব : ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক

সিংঘু সীমাত অৱস্থান কৰি থকা কৃষকসকলে দাবী কৰা মতে এই ষড়যন্ত্ৰৰ অংশ এজন লোকক তেওঁলোকে আটক কৰিছে। লোকজনে সদৰী কৰা মতে তেওঁকে ধৰি দহজন লোকৰ এটা দলক কৃষকৰ প্ৰতিবাদৰ সময়ত হিংসা বিয়পাবলৈ প্ৰশিক্ষণ দিছে আৰক্ষীয়ে। ২৬ জানুৱাৰীৰ দিনা কৃষকসকলে উলিয়াবলগীয়া ট্ৰেক্টৰ সমদলৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰি কৃষক নেতাক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ কৰা প্ৰকাশ কৰিছে লোকজনে।

এজন আৰক্ষী বিষয়াই কৃষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীত হিংসা বিয়পোৱাৰ জৰিয়তে বাধাগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰৰে লোককেইজনক প্ৰশিক্ষণ দিয়া বুলি আটকাধীন লোকজনে স্বীকাৰ কৰিছে। লোকজনক ইতিমধ্যে হাৰিয়ানা আৰক্ষীৰ হাতত গটাই দিয়া হৈছে। কালি সন্ধিয়া কৃষকৰ হাতত ধৰা পৰা দুষ্কৃতিকাৰীজনে স্বীকাৰ কৰিছে যে, ট্ৰেক্টৰ সমদলক আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়ত প্ৰথম ভাগৰ পৰা গুলী চলোৱাৰ ষড়যন্ত্ৰ তেওঁলোকে কৰিছিল।

আৰু পঢ়িব পাৰিব : হিমন্তক আজমলৰ মুকলি প্ৰত্যাহ্বান: ‘বাধা দিলেও অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ’

তাৰ পাছতে পৰিস্থিতিৰ অৱনতিৰ সুযোগ লৈ কৃষক নেতাক হত্যাৰ পৰিকল্পনা যুগুত কৰা হৈছিল। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ সমদল উলিওৱাৰ সিদ্ধান্তত অটল হৈ থকা কৃষকসকলৰ দৃঢ় স্থিতিয়ে চৰকাৰৰ অস্বস্তি এতিয়া বঢ়াই তুলিছে। দুয়োপক্ষৰ মাজত ১০ লানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কমিটীখনেও এই অচলাৱস্থাৰ অৱসান ঘটোৱাৰ চেষ্টা আৰম্ভ কৰিছে। তাৰ মাজতে এই ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্যই এক অশনি বাৰ্তা কঢ়িয়াই আনিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ