--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিভাশালী তৰুণ প্ৰজন্মৰ বাবে এতিয়া বিভিন্ন ক্ষেত্ৰৰ দুৱাৰ মুকলি হৈছে। মহাকাশ, আনৱিক শক্তি আৰু কৃষিৰ দৰে ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। কিয়নো জ্ঞান আৰু গৱেষণাৰ পৰিসীমা সীমাবদ্ধ কৰাটো দেশৰ সম্ভাৱনীয়তাৰ প্ৰতি বৃহৎ অন্যায়। এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আৰু পঢ়িব পাৰিব :জৰুৰী অৱস্থা আছিল এটা ভুল পদক্ষেপ : ৰাহুল গান্ধী

আজি এখন ৱেবিনাৰত ভাগ লৈ এই মন্তব্য কৰে মোদীয়ে আৰু কেন্দ্ৰীয় চৰকাৰে শিক্ষাখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰে। শিক্ষাখণ্ডত কেন্দ্ৰীয় বাজেটৰ বিভিন্ন সুবিধাৰ ব্যৱহাৰ সম্পৰ্কীয় এই ৱেবিনাৰখনত তেওঁ কয় যে, নতুন শিক্ষানীতিয়ে স্থানীয় ভাষাৰ ব্যৱহাৰত উদগনি দিছে আৰু এতিয়া সকলো শিক্ষাবিদ তথা বিশেষজ্ঞৰে দায়িত্ব হ’ল স্থানীয় ভাষাত ভাৰত তথা বিশ্বৰে বিভিন্ন বিষয়ৰ সৰ্বশ্ৰেষ্ঠ সমল সুলভ কৰি তোলা।

আৰু পঢ়িব পাৰিব :পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন

প্ৰযুক্তিৰ এই যুগ এয়া নিসন্দেহে সম্ভৱ বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, স্বাস্থ্যৰ পাছত, শিক্ষা, দক্ষতা, গৱেষণা আৰু উদ্ভাৱন হৈছে কেন্দ্ৰীয় বাজেটৰ দ্বিতীয় সৰ্ববৃহৎ লক্ষ্য। শিক্ষাক দক্ষতা আৰু ঔদ্যোগিক সক্ষমতাৰ সৈতে সংযোজিত কৰিবলৈ বাজেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চেষ্টা কৰা বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ ফলতে বৈজ্ঞানিক প্ৰকাশনৰ দিশৰ পৰা ভাৰত বিশ্বৰ প্ৰথম তিনিখন দেশৰ এখন হোৱা বুলি মোদীয়ে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ