--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিভাশালী তৰুণ প্ৰজন্মৰ বাবে এতিয়া বিভিন্ন ক্ষেত্ৰৰ দুৱাৰ মুকলি হৈছে। মহাকাশ, আনৱিক শক্তি আৰু কৃষিৰ দৰে ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। কিয়নো জ্ঞান আৰু গৱেষণাৰ পৰিসীমা সীমাবদ্ধ কৰাটো দেশৰ সম্ভাৱনীয়তাৰ প্ৰতি বৃহৎ অন্যায়। এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আৰু পঢ়িব পাৰিব :জৰুৰী অৱস্থা আছিল এটা ভুল পদক্ষেপ : ৰাহুল গান্ধী

আজি এখন ৱেবিনাৰত ভাগ লৈ এই মন্তব্য কৰে মোদীয়ে আৰু কেন্দ্ৰীয় চৰকাৰে শিক্ষাখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰে। শিক্ষাখণ্ডত কেন্দ্ৰীয় বাজেটৰ বিভিন্ন সুবিধাৰ ব্যৱহাৰ সম্পৰ্কীয় এই ৱেবিনাৰখনত তেওঁ কয় যে, নতুন শিক্ষানীতিয়ে স্থানীয় ভাষাৰ ব্যৱহাৰত উদগনি দিছে আৰু এতিয়া সকলো শিক্ষাবিদ তথা বিশেষজ্ঞৰে দায়িত্ব হ’ল স্থানীয় ভাষাত ভাৰত তথা বিশ্বৰে বিভিন্ন বিষয়ৰ সৰ্বশ্ৰেষ্ঠ সমল সুলভ কৰি তোলা।

আৰু পঢ়িব পাৰিব :পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন

প্ৰযুক্তিৰ এই যুগ এয়া নিসন্দেহে সম্ভৱ বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, স্বাস্থ্যৰ পাছত, শিক্ষা, দক্ষতা, গৱেষণা আৰু উদ্ভাৱন হৈছে কেন্দ্ৰীয় বাজেটৰ দ্বিতীয় সৰ্ববৃহৎ লক্ষ্য। শিক্ষাক দক্ষতা আৰু ঔদ্যোগিক সক্ষমতাৰ সৈতে সংযোজিত কৰিবলৈ বাজেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চেষ্টা কৰা বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ ফলতে বৈজ্ঞানিক প্ৰকাশনৰ দিশৰ পৰা ভাৰত বিশ্বৰ প্ৰথম তিনিখন দেশৰ এখন হোৱা বুলি মোদীয়ে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement