--°C
Loading...
Listen to Article
2 min read
80%

আগ্ৰা : তাজমহলত বোমাৰ আতংক! তাজমহলত বোমা বিস্ফোৰণ হ’ব বুলি আৰক্ষীলৈ আহিল ফোন। এই ফোনকলৰ পাছতে আতংকৰ সৃষ্টি হ’ল ঐতিহাসিক কীৰ্তিচিহ্নটোত। বন্ধ হৈ পৰিল দুৱাৰ। আঁতৰাই নিয়া হ’ল পৰ্যটককক। ঘটনাৰ বিৱৰণী মতে, উত্তৰপ্ৰদেশ আৰক্ষীয়ে তাজমহলত বোমা থকা বুলি লাভ কৰি এটা ভুৱা ফোনকল লাভ কৰিছিল।

আৰু পঢ়িব পাৰিব : দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ

আজি পুৱা লাভ কৰা ফোন কলৰ পাছতে নিৰাপত্তাজনিত কাৰণত বিশ্ববিখ্যাত পৰ্যটন কেন্দ্ৰটো সাময়িকভাৱে বন্ধ কৰি দিয়ে। তাজমহলত সেই সময়ত থকা পৰ্যটকসকলকো আঁতৰাই নিয়া হয়। আৰক্ষীৰ হেল্পলাইন নম্বৰলৈ বোমাৰ এই ভুৱা খবৰ আহিছিল আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে লগে লগে চিআইএছএফক এই বিষয়ে অৱগত কৰে।

আৰু পঢ়িব পাৰিব : বাছত উদ্ধাৰ দুটা পিষ্টলসহ ১৩ জাই সজীৱ গুলী : ৪জনক গ্ৰেপ্তাৰ…

কেন্দ্ৰীয় সংস্থাটোৱে তাৎক্ষণিকভাৱে পৰ্যটকসকলক তাৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ দিয়ে আৰু তালাচী চলোৱাৰ বাবে তাজমহল কিছুসময় বন্ধ হৈ পৰে। নিৰাপত্তাবাহিনীয়ে তন্ন তন্নকৈ ঐতিহাসিক কীৰ্তিচিহ্নটো পৰীক্ষা কৰাৰ পাছত বোমা থকাৰ খবৰ ভুৱা বুলি নিশ্চিত হয়। দিনৰ ১১বজাৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় তাজমহলৰ দুৱাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ