--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে খাদ্য কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি সকলোৱে সেই কথা জানো। সকলো বস্তু খোৱাৰে নিৰ্দিষ্ট কিছুমান সময় থাকে। স্বাস্থ্য বিশেষজ্ঞসকলে বিশেষকৈ খালী পেটত কিছুমান বস্তু গ্ৰহণ কৰাটো নিষিদ্ধ কৰিছে। এনে অৱস্থাত ইয়াত আমি আপোনালোকক এনে কিছুমান বস্তুৰ বিষয়ে ক’ম যিবোৰ আপুনি ৰাতিপুৱা খালী পেটত খাব পাৰে। ইয়াৰ লগতে কি কি বস্তু খালী পেটত খাব নালাগে, সেই কথাও আপোনালোকক কম। খালী পেটত যিকোনো এচিডযুক্ত বস্তু খালে পেট আৰু অন্ত্ৰত প্ৰভাৱ পৰে আৰু সংক্ৰমণৰ আশংকা ৰৈ যায়।

খালী পেটত এইবোৰ খাব লাগে

১)কণীঃ কণী প্ৰ'টিনৰ সমৃদ্ধ উৎস আৰু ই ৰাতিপুৱাৰ নিখুঁত ব্ৰেকফাষ্ট। ৰাতিপুৱা কণী খালে গোটেই দিনটো পেটটো ভৰপূৰ অনুভৱ হয়।আৰু লগতে বহুত শক্তিও পোৱা যায়।

২)অমিতাঃ অমিতা এটা ডাঙৰ ছুপাৰ ফুড। প্ৰতিটো ঋতুতে পোৱা অমিতাও আপোনাৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাৰ কলেষ্টেৰল কমায় আৰু হৃদৰোগ বৃদ্ধি হোৱাত বাধা দিয়ে।

৩) তিয়াই থোৱা আলমণ্ডঃ পুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে ৪ টা তিয়াই থোৱা আলমণ্ড খালী পেটত খাব লাগে। যাৰ ফলত আমি বহুতো স্বাস্থ্য উপকাৰিতা পাওঁ। ফাইবাৰ, ওমেগা-৩ আৰু ওমেগা-৬ এচিডযুক্ত আলমণ্ড ৰাতিটো তিয়াই থোৱাৰ পাছত সদায় পুৱা খালী পেটত সেৱন কৰিব লাগে। মনত ৰাখিব যে আলমণ্ডৰ বাকলিটো গুচাই লোৱাৰ পাছতহে তাক পুৱা খালী পেটত সেৱন কৰিব লাগে।

৪)অটছঃ যদি আপুনি কম কেলৰি আৰু অধিক পুষ্টিকৰ খাদ্য খাব বিচাৰে তেন্তে অটছ এটা ভাল ব্ৰেকফাষ্ট। ইয়াৰ উপৰিও ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

এইবোৰ কেতিয়াও খালী পেটত নাখাব

১)বিলাহীঃ বিলাহীৰ বহুতো উপকাৰীতা আছে যদিও খালী পেটত বিলাহী খোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। বিলাহীৰ এচিডিক গুণে পেটত উপস্থিত থকা গেষ্ট্ৰাইটিছ এচিডৰ লগত বিক্ৰিয়া কৰি এটা জেল সৃষ্টি কৰে যিয়ে পেটৰ বিষ, ক্ৰেম্প আদি সমস্যাৰ সৃষ্টি কৰে। সেয়ে ৰাতিপুৱা খালী পেটত ইয়াক সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে।

২)দৈঃ যদিও দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ভোকাতুৰ পেটত খাব নালাগে। ইয়াত লেক্টিক এচিড থাকে, যাৰ বাবে ৰাতিপুৱাই দৈ খালে আপোনাৰ স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

৩)ছ’ডাঃ ছ’ডাত উচ্চমানৰ কাৰ্বনেট এচিড পোৱা যায়। পেটত উপস্থিত থকা এচিডৰ লগত এই বস্তু মিহলি হ’লে পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়। সেয়ে ৰাতিপুৱা তাক খোৱাৰ পৰা বিৰত থাকিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক