--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে খাদ্য কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি সকলোৱে সেই কথা জানো। সকলো বস্তু খোৱাৰে নিৰ্দিষ্ট কিছুমান সময় থাকে। স্বাস্থ্য বিশেষজ্ঞসকলে বিশেষকৈ খালী পেটত কিছুমান বস্তু গ্ৰহণ কৰাটো নিষিদ্ধ কৰিছে। এনে অৱস্থাত ইয়াত আমি আপোনালোকক এনে কিছুমান বস্তুৰ বিষয়ে ক’ম যিবোৰ আপুনি ৰাতিপুৱা খালী পেটত খাব পাৰে। ইয়াৰ লগতে কি কি বস্তু খালী পেটত খাব নালাগে, সেই কথাও আপোনালোকক কম। খালী পেটত যিকোনো এচিডযুক্ত বস্তু খালে পেট আৰু অন্ত্ৰত প্ৰভাৱ পৰে আৰু সংক্ৰমণৰ আশংকা ৰৈ যায়।

খালী পেটত এইবোৰ খাব লাগে

১)কণীঃ কণী প্ৰ'টিনৰ সমৃদ্ধ উৎস আৰু ই ৰাতিপুৱাৰ নিখুঁত ব্ৰেকফাষ্ট। ৰাতিপুৱা কণী খালে গোটেই দিনটো পেটটো ভৰপূৰ অনুভৱ হয়।আৰু লগতে বহুত শক্তিও পোৱা যায়।

২)অমিতাঃ অমিতা এটা ডাঙৰ ছুপাৰ ফুড। প্ৰতিটো ঋতুতে পোৱা অমিতাও আপোনাৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে। ই আপোনাৰ কলেষ্টেৰল কমায় আৰু হৃদৰোগ বৃদ্ধি হোৱাত বাধা দিয়ে।

৩) তিয়াই থোৱা আলমণ্ডঃ পুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে ৪ টা তিয়াই থোৱা আলমণ্ড খালী পেটত খাব লাগে। যাৰ ফলত আমি বহুতো স্বাস্থ্য উপকাৰিতা পাওঁ। ফাইবাৰ, ওমেগা-৩ আৰু ওমেগা-৬ এচিডযুক্ত আলমণ্ড ৰাতিটো তিয়াই থোৱাৰ পাছত সদায় পুৱা খালী পেটত সেৱন কৰিব লাগে। মনত ৰাখিব যে আলমণ্ডৰ বাকলিটো গুচাই লোৱাৰ পাছতহে তাক পুৱা খালী পেটত সেৱন কৰিব লাগে।

৪)অটছঃ যদি আপুনি কম কেলৰি আৰু অধিক পুষ্টিকৰ খাদ্য খাব বিচাৰে তেন্তে অটছ এটা ভাল ব্ৰেকফাষ্ট। ইয়াৰ উপৰিও ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

এইবোৰ কেতিয়াও খালী পেটত নাখাব

১)বিলাহীঃ বিলাহীৰ বহুতো উপকাৰীতা আছে যদিও খালী পেটত বিলাহী খোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। বিলাহীৰ এচিডিক গুণে পেটত উপস্থিত থকা গেষ্ট্ৰাইটিছ এচিডৰ লগত বিক্ৰিয়া কৰি এটা জেল সৃষ্টি কৰে যিয়ে পেটৰ বিষ, ক্ৰেম্প আদি সমস্যাৰ সৃষ্টি কৰে। সেয়ে ৰাতিপুৱা খালী পেটত ইয়াক সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে।

২)দৈঃ যদিও দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ভোকাতুৰ পেটত খাব নালাগে। ইয়াত লেক্টিক এচিড থাকে, যাৰ বাবে ৰাতিপুৱাই দৈ খালে আপোনাৰ স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

৩)ছ’ডাঃ ছ’ডাত উচ্চমানৰ কাৰ্বনেট এচিড পোৱা যায়। পেটত উপস্থিত থকা এচিডৰ লগত এই বস্তু মিহলি হ’লে পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়। সেয়ে ৰাতিপুৱা তাক খোৱাৰ পৰা বিৰত থাকিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু