--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা স্বাস্থ্যসন্মত খাদ্য খালে আমাৰ স্বাস্থ্য ভালে থাকে। পুৱা কোনবোৰ খাদ্য খালে ভাল, ইয়াকে লৈ বহুতৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। 
পুষ্টিযুক্ত খাদ্য খালে আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু আমি গোটেই দিনটো শক্তিশালী হৈ থাকোঁ, গতিকে আজি আমি আপোনালোকক এনে কিছুমান খাদ্যৰ বিষয়ে ক’ম, যিবোৰ পুৱা সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে বৰ ভাল।

১) চিয়া ছীডছঃ পুৱা চিয়া ছীডছ সেৱন কৰিব পাৰে কাৰণ ই আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী লগতে ই ওজন কমোৱাৰ কাম কৰে।

২) দালিয়াঃ দালিয়াত প্ৰচুৰ পৰিমাণে ফাইভাৰ থাকে। এই কাৰণেই বিশেষজ্ঞসকলে কয় যে ইয়াক ৰাতিপুৱা খালে খুবেই ভাল। আন্ত্ৰিক স্বাস্থ্যৰ বাবে দালিয়া অতি উপকাৰী।

৩) পকা অমিতাঃ পকা অমিতাৰ শৰীৰৰ বাবে বহুতো স্বাস্থ্য উপকাৰিতা আছে, যেনে ই হজম ক্ৰিয়া সঠিকভাৱে ৰাখে। সেয়ে পুৱা এই ফল সেৱন কৰিব পাৰিলে ভাল।

৪) দৈঃ দৈক আমাৰ শৰীৰৰ বাবে অমৃত হিচাপে গণ্য কৰা হয়। সেয়েহে ৰাতিপুৱা সেৱন কৰিলে অতি ভাল।

৫) কণীঃ প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই ৰাতিপুৱা কণী খাবলৈ পৰামৰ্শ দিয়ে কাৰণ ই অতি পুষ্টিকৰ ব্ৰেকফাষ্ট।

৬) মৌঃ আমি জানো যে সামগ্ৰিক স্বাস্থ্য উন্নত কৰাৰ বাবে মৌ অতি উপকাৰী। একাংশ বিশেষজ্ঞৰ মতে, ৰাতিপুৱাই খালী পেটত গৰম পানীৰ লগত অলপ মৌ মিহলাই খালে উপকাৰী। ইয়াক গ্ৰহণ কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়া দ্ৰুত হ’ব। যিটো দ্ৰুতভাৱে ওজন কমাবলৈ ভাল।

৭) আমলখিঃ আমলখি এবিধ অতি পুষ্টিকৰ ফল আৰু ইয়াৰ বহু উপকাৰীতা আছে। ই শৰীৰৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৮) বেৰীজঃ বেৰীজত কেলৰি কম, আঁহ বেছি। ইয়াত ৰোগ প্ৰতিৰোধী এন্টিঅক্সিডেন্ট থাকে। সেইবাবেই ব্লুবেৰী, ষ্ট্ৰবেৰী, ৰেপছবেৰী আৰু ব্লেকবেৰীৰ দৰে সকলো ধৰণৰ বেৰীজ পুৱা খাবলৈ একেবাৰেই উপযুক্ত।

৯) কফিঃ কফিয়ে আপোনাক শক্তিশালী কৰি তোলাত সহায় কৰিব পাৰে। গতিকে আপুনি পুৱাৰ কফিৰে দিনটো আৰম্ভ কৰিব পাৰে।

১০) বাদামঃ যদি আপুনি পুৱা দৈনিক ৪ৰ পৰা ৬ টা বাদাম সেৱন কৰে, তেন্তে আপোনাৰ স্মৃতিশক্তি চোকা হ’ব আৰু আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰয়েও সঠিকভাৱে কাম কৰিব। যাৰ ফলত মন সুস্থ হৈ থাকে। আপোনালোকক কওঁ যে তিয়াই থোৱা বাদামে হজম কাৰ্য্যত সহায় কৰে আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰাত উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক