--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত নৰসিংহ পাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। নৰসিংহ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো নৰসিংহ বহু লোকৰে প্ৰিয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰা হয়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। 

নৰসিংহৰ জোল খাবলৈ অতি উত্তম। মাছৰ সৈতে নৰসিংহ জোলৰ সোৱাদেই সুকীয়া। নৰসিংহৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰিও খোৱা হয়। ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি । নৰসিংহৰ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ,যেনে-কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি পোৱা যায়। নৰসিংহ পাতৰ পকৰী খাবলৈও বৰ ভাল। নৰসিংহ বহু ঔষধি গুণৰে ভৰপূৰ। 


ফছফৰাছ, কেলচিয়াম, আইৰণ, কপাৰ, ভিটামিন আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান নৰসিংহ পাতত পোৱা যায়। যিয়ে শৰীৰক বহু দিশত উপকৃত কৰে। প্ৰতিদিনে পুৱা ৩ৰ পৰা ৪ টা সেউজীয়া নৰসিংহ পাত চোবাই খালে কেনেদৰে উপকৃত হব পাৰি জানো আহক।

নৰসিংহ পাত খোৱাৰ আচৰিত উপকাৰিতা
 
১/ চকুৰ বাবে ভালঃ নৰসিংহ পাত খালে কুকুৰীকণা ৰোগ, অন্ধতা বা চকুৰ লগত জড়িত আন বহুতো ৰোগ হোৱাৰ আশংকা ৰোধ হয়। কাৰণ ইয়াত অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ ভিটামিন এ পোৱা যায় যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

২/ ডায়েবেটিছত সহায়কঃ ডায়েবেটিছ ৰোগীক প্ৰায়ে নৰসিংহ পাত চোবাই খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ হাইপ’গ্লাইচেমিক গুণ আছে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

৩/ হজম ভাল হয়ঃ এই পাত প্ৰতিদিনে পুৱা খালী পেটত চোবাই খাব লাগে কাৰণ ই হজম শক্তি বৃদ্ধি কৰে আৰু পেটৰ কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলাকে ধৰি সকলো সমস্যাৰ পৰা মুক্তি দিয়ে।

৪/ সংক্ৰমণ প্ৰতিৰোধ কৰাঃ নৰসিংস পাতত এন্টিফাংগেল আৰু এন্টিবায়টিক গুণ পোৱা যায়, যাৰ ফলত বহু ধৰণৰ সংক্ৰমণ ৰোধ হয় আৰু ৰোগৰ আশংকা ৰোধ হয়।

৫/ ওজন কমাব পাৰিঃ নৰসিংহ পাত চোবাই খালে ওজন আৰু পেটৰ চৰ্বি কমোৱাত সহায়ক হয় কাৰণ ইয়াত ইথাইল এচিটেট, মাহানিম্বিন আৰু ডাইক্ল’ৰ’মিথেনৰ দৰে পুষ্টিকৰ উপাদান থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক