--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত নৰসিংহ পাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। নৰসিংহ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো নৰসিংহ বহু লোকৰে প্ৰিয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰা হয়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। 

নৰসিংহৰ জোল খাবলৈ অতি উত্তম। মাছৰ সৈতে নৰসিংহ জোলৰ সোৱাদেই সুকীয়া। নৰসিংহৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰিও খোৱা হয়। ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি । নৰসিংহৰ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ,যেনে-কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি পোৱা যায়। নৰসিংহ পাতৰ পকৰী খাবলৈও বৰ ভাল। নৰসিংহ বহু ঔষধি গুণৰে ভৰপূৰ। 


ফছফৰাছ, কেলচিয়াম, আইৰণ, কপাৰ, ভিটামিন আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান নৰসিংহ পাতত পোৱা যায়। যিয়ে শৰীৰক বহু দিশত উপকৃত কৰে। প্ৰতিদিনে পুৱা ৩ৰ পৰা ৪ টা সেউজীয়া নৰসিংহ পাত চোবাই খালে কেনেদৰে উপকৃত হব পাৰি জানো আহক।

নৰসিংহ পাত খোৱাৰ আচৰিত উপকাৰিতা
 
১/ চকুৰ বাবে ভালঃ নৰসিংহ পাত খালে কুকুৰীকণা ৰোগ, অন্ধতা বা চকুৰ লগত জড়িত আন বহুতো ৰোগ হোৱাৰ আশংকা ৰোধ হয়। কাৰণ ইয়াত অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ ভিটামিন এ পোৱা যায় যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

২/ ডায়েবেটিছত সহায়কঃ ডায়েবেটিছ ৰোগীক প্ৰায়ে নৰসিংহ পাত চোবাই খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ হাইপ’গ্লাইচেমিক গুণ আছে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

৩/ হজম ভাল হয়ঃ এই পাত প্ৰতিদিনে পুৱা খালী পেটত চোবাই খাব লাগে কাৰণ ই হজম শক্তি বৃদ্ধি কৰে আৰু পেটৰ কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলাকে ধৰি সকলো সমস্যাৰ পৰা মুক্তি দিয়ে।

৪/ সংক্ৰমণ প্ৰতিৰোধ কৰাঃ নৰসিংস পাতত এন্টিফাংগেল আৰু এন্টিবায়টিক গুণ পোৱা যায়, যাৰ ফলত বহু ধৰণৰ সংক্ৰমণ ৰোধ হয় আৰু ৰোগৰ আশংকা ৰোধ হয়।

৫/ ওজন কমাব পাৰিঃ নৰসিংহ পাত চোবাই খালে ওজন আৰু পেটৰ চৰ্বি কমোৱাত সহায়ক হয় কাৰণ ইয়াত ইথাইল এচিটেট, মাহানিম্বিন আৰু ডাইক্ল’ৰ’মিথেনৰ দৰে পুষ্টিকৰ উপাদান থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ