--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে (৮ জুন) দিল্লীৰ গুৰু অৰ্জুন দেৱ গুৰদ্বাৰা ভ্ৰমণ কৰি আফগানিস্তানৰ পৰা ভাৰতলৈ অহা শিখ শৰণাৰ্থীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ কথা শুনিবলৈ চেষ্টা কৰে।শিখ শৰণাৰ্থীৰ সমস্যা সমাধানৰ আশ্বাস দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ কথাও উল্লেখ কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, "সেই আইনখন নথকাহেঁতেন এই লোকসকলৰ কি হ'লহেঁতেন।"

শিখ শৰণাৰ্থীসকলক লগ পোৱাৰ পিছত বৈদেশিক মন্ত্ৰী জয়শংকৰে সংবাদ মাধ্যমৰ আগত কয় যে, "তেওঁলোকে (শিখ শৰণাৰ্থীসকলে) তাত কাবুলত কি হৈছিল তাৰ অতি বিশদ বিৱৰণ দিছিল আৰু তেওঁলোকে যি কৈছিল সেয়া একেবাৰে সঁচা আছিল।"

ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰীগৰাকীয়ে আফগানিস্তানৰ পৰা ভাৰতলৈ অহা শিখসকলক লগ কৰিব বিচাৰিছিল আৰু তেওঁলোকৰ সমস্যাসমূহ বুজিব বিচাৰিছিল বুলিও উল্লেখ কৰে। তেওঁ কয় যে শিখ শৰণাৰ্থীসকলৰ ভিছা আৰু নাগৰিকত্ব সম্পৰ্কে কিছু সমস্যা আছে, সেই সমস্যাসমূহ সমাধান হ’ব।

উল্লেখযোগ্য যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন মোদী চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হ'ল। চৰকাৰৰ কৃতিত্বসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে বিজেপিয়ে অভিযান চলাইছে। ইয়াৰ অধীনত বৃহস্পতিবাৰৰ পৰা (৮ জুন) প্ৰচাৰ আৰম্ভ কৰিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তদুপৰি জয়শংকৰে দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ৰাজনীতিৰ লগত জড়িত বহু প্ৰশ্নৰ উত্তৰ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব