--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে (৮ জুন) দিল্লীৰ গুৰু অৰ্জুন দেৱ গুৰদ্বাৰা ভ্ৰমণ কৰি আফগানিস্তানৰ পৰা ভাৰতলৈ অহা শিখ শৰণাৰ্থীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ কথা শুনিবলৈ চেষ্টা কৰে।শিখ শৰণাৰ্থীৰ সমস্যা সমাধানৰ আশ্বাস দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ কথাও উল্লেখ কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, "সেই আইনখন নথকাহেঁতেন এই লোকসকলৰ কি হ'লহেঁতেন।"

শিখ শৰণাৰ্থীসকলক লগ পোৱাৰ পিছত বৈদেশিক মন্ত্ৰী জয়শংকৰে সংবাদ মাধ্যমৰ আগত কয় যে, "তেওঁলোকে (শিখ শৰণাৰ্থীসকলে) তাত কাবুলত কি হৈছিল তাৰ অতি বিশদ বিৱৰণ দিছিল আৰু তেওঁলোকে যি কৈছিল সেয়া একেবাৰে সঁচা আছিল।"

ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰীগৰাকীয়ে আফগানিস্তানৰ পৰা ভাৰতলৈ অহা শিখসকলক লগ কৰিব বিচাৰিছিল আৰু তেওঁলোকৰ সমস্যাসমূহ বুজিব বিচাৰিছিল বুলিও উল্লেখ কৰে। তেওঁ কয় যে শিখ শৰণাৰ্থীসকলৰ ভিছা আৰু নাগৰিকত্ব সম্পৰ্কে কিছু সমস্যা আছে, সেই সমস্যাসমূহ সমাধান হ’ব।

উল্লেখযোগ্য যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন মোদী চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হ'ল। চৰকাৰৰ কৃতিত্বসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে বিজেপিয়ে অভিযান চলাইছে। ইয়াৰ অধীনত বৃহস্পতিবাৰৰ পৰা (৮ জুন) প্ৰচাৰ আৰম্ভ কৰিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তদুপৰি জয়শংকৰে দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ৰাজনীতিৰ লগত জড়িত বহু প্ৰশ্নৰ উত্তৰ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু