--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৰাফেল যুঁজাৰু বিমান ক্ৰয়ক লৈ চলি থকা বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। পুনৰ এই বিতৰ্কক নতুন গতি দিছে বিৰোধী দল কংগ্ৰছে। কংগ্ৰেছে ৰাফেল চুক্তিৰ অনিয়মক যুটীয়া সংসদীয় কমিটীৰ জৰিয়তে তদন্ত কৰোঁৱাৰ দাবী তুলিছে। কংগ্ৰেছ এই ক্ষেত্ৰত পুনৰ সৰব হৈ পৰাৰ কাৰণ হৈছে ফ্ৰান্সত এই চুক্তিৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া বুলি বাতৰি সম্প্ৰচাৰ হৈছে।

ফ্ৰান্সৰ এটা নিউজ ৱেবছাইটত প্ৰকাশ পোৱা মতে, দেশখনৰ ন্যায়াধীশে ৫৯হাজাৰ কোটিৰ এই চুক্তিত দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ দৰে অভিযোগৰ তদন্ত কৰাৰ বাবে এক ‘অতি স্পৰ্শকাতৰ’ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। এই বাতৰিৰ আঁত ধৰি কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই ভাৰততো এই চুক্তিৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিব বাবে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত দাবী জনাইছে। দিল্লীত সাংবাদিকৰ আগত বিস্ফোৰক অভিযোগ উত্থাপন কৰি সূৰ্যেৱালাই কয়, ‘এতিয়া ৰাফেল চুক্তিত হোৱা অনিয়ম স্পষ্টকৈ পোহৰলৈ আহিছে। এই সন্দৰ্ভত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে গ্ৰহণ কৰি অহা স্থিতি ফ্ৰান্স চৰকাৰে তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতে প্ৰমাণ হৈছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement