--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৰাফেল যুঁজাৰু বিমান ক্ৰয়ক লৈ চলি থকা বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। পুনৰ এই বিতৰ্কক নতুন গতি দিছে বিৰোধী দল কংগ্ৰছে। কংগ্ৰেছে ৰাফেল চুক্তিৰ অনিয়মক যুটীয়া সংসদীয় কমিটীৰ জৰিয়তে তদন্ত কৰোঁৱাৰ দাবী তুলিছে। কংগ্ৰেছ এই ক্ষেত্ৰত পুনৰ সৰব হৈ পৰাৰ কাৰণ হৈছে ফ্ৰান্সত এই চুক্তিৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া বুলি বাতৰি সম্প্ৰচাৰ হৈছে।

ফ্ৰান্সৰ এটা নিউজ ৱেবছাইটত প্ৰকাশ পোৱা মতে, দেশখনৰ ন্যায়াধীশে ৫৯হাজাৰ কোটিৰ এই চুক্তিত দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ দৰে অভিযোগৰ তদন্ত কৰাৰ বাবে এক ‘অতি স্পৰ্শকাতৰ’ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। এই বাতৰিৰ আঁত ধৰি কংগ্ৰেছ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই ভাৰততো এই চুক্তিৰ অনিয়ম সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিব বাবে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত দাবী জনাইছে। দিল্লীত সাংবাদিকৰ আগত বিস্ফোৰক অভিযোগ উত্থাপন কৰি সূৰ্যেৱালাই কয়, ‘এতিয়া ৰাফেল চুক্তিত হোৱা অনিয়ম স্পষ্টকৈ পোহৰলৈ আহিছে। এই সন্দৰ্ভত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে গ্ৰহণ কৰি অহা স্থিতি ফ্ৰান্স চৰকাৰে তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতে প্ৰমাণ হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক