--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন পুনৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। বহু আগতেই তেওঁৰ টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। হোৱাইট হাউছে আজি এই বিষয়ে অৱগত কৰে। হোৱাইট হাউছৰ সচিব কাৰিনা জা-পিয়েৰেও কয় যে, বাইডেনৰ লক্ষণসমূহ ইমান উদ্বেগজনক নহয়।

স্বাভাৱিকতে, কৰ’নাক্ৰান্ত হোৱা বাইডেনক আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আছুতীয়া কক্ষৰ পৰাই তেওঁ কাম কৰি যাব আৰু তাৰ পৰাই তেওঁ সকলো প্ৰয়োজনীয় ফোন উত্তৰৰ লগতে প্ৰয়োজনীয় নিৰ্দেশনা দি থাকিব। জুমৰ সহায়ত পৰিয়ালৰ সদস্য সকলৰ সৈতেও যোগাযোগ ৰাখিব পাৰিব তেওঁ।

মঙলবাৰে বাইডেনৰ কৰ’না পৰীক্ষা কৰা হৈছিল। কিন্তু সেইদিনা তেওঁৰ ৰিপৰ্ট নেগেটিভ আহিছিল। খবৰ অনুসৰি, যিহেতু তেওঁৰ সকলো টিকাকৰণ আৰু বুষ্টাৰ ড’জ লোৱা হৈছে, গতিকে অতি শীঘ্ৰে তেওঁ আৰোগ্য লাভ কৰিব বুলি আশাবাদী চিকিত্‍সক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা