--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগৰ পিছত নতুন প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে ভাৰতীয় মূলৰ ঋষি সুনক। ভাৰতৰ সৈতে ঋষিৰ সম্পৰ্ক গভীৰ। তেওঁ নিজে ভাৰতৰ সৈতে যিদৰে জড়িত, তেওঁৰ প্ৰেম কাহিনীতো আছে ভাৰতৰে স্পৰ্শ।

ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তি ঋষি সুনকৰ পত্নী। ঋষি সুনক প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনাৰ লগে লগে পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দুত আছে অক্ষতা আৰু ঋষিৰ প্ৰেম কাহিনী।

ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক তথা ভাৰতৰ অন্যতম বিশিষ্ট ব্যৱসায়ী এন আৰ নাৰায়ণ মূৰ্তি আৰু সুধা মূৰ্তিৰ দুই সন্তান। এজন অক্ষতা আৰু আনজন ৰোহন। ১৯৮০ চনত হুবলীত জন্ম হৈছিল অক্ষতা মূৰ্তিৰ।

স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত অক্ষতাই উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সিদ্ধান্ত লয়। কেলিফৰ্ণিয়াত অৰ্থনীতি আৰু ফৰাচী বিষয়ত অধ্যয়ন কৰাৰ লগতে লছ এঞ্জেলছৰ ফেশ্বন ইনষ্টিটিউট অৱ ডিজাইন এণ্ড মাৰ্চেণ্ডাইজিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰে অক্ষতাই।

ইয়াৰোপৰি, ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ উত্তীৰ্ণ অক্ষতা। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়তে অক্ষতাই ঋষি সুনকক লগ পাইছিল। ফুলব্ৰাইট বৃত্তি লাভেৰে অধ্যয়নৰ সুযোগ পাইছিল ঋষি সুনকেও। ইউনিভাৰ্চিটীত  পঢ়ি থকা সময়তে দুয়ো প্ৰেমত পৰে আৰু বিয়াৰ সিদ্ধান্ত লয়। চাৰি বছৰীয়া সম্পৰ্কৰ অন্তত ২০০৯ চনত বাংগালুৰুত বিবাহপাশত আবদ্ধ হৈছিল অক্ষতা-ঋষি।

নাৰায়ণ মূৰ্তিয়ে এবাৰ কৈছিল, ‘অক্ষতাই যেতিয়া প্ৰথমবাৰৰ বাবে মোক তেওঁৰ নতুন জীৱন সংগীৰ কথা কৈছিল, তেতিয়া মোৰ বৰ বেয়া লাগিছিল। ঈৰ্ষা হৈছিল। কিন্তু ঋষিক লগ পাই বুজিলোঁ যে, তেওঁ অতি সৎ, বুদ্ধিমান আৰু সুদৰ্শন।’ বিয়াৰ পিছত ব্ৰিটেইনত থাকিবলৈ লয় অক্ষতা। ইনফ'ছিছত অক্ষতাৰ ০.৯১ শতাংশ অংশীদাৰিত্ব আছে। ইয়াৰ মূল্য প্ৰায় ৯০০ মিলিয়ন ডলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন