--°C
Loading...
Listen to Article
2 min read
80%

য়াংগুন : ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত পুনৰ ৰাজনৈতিক সংকটৰ সূচনা হৈছে। দেশখনৰ সেনাবাহিনীয়ে ক্ষমতা হস্তগত কৰিছে আৰু দেশখনত এবছৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিছে। আং ছান ছ্যু কীকে ধৰি দেশখনৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আটক কৰিছে সেনাই। সেনাই আটক কৰা নেতাসকলৰ ভিতৰত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিণ্টো আছে। শাসকীয় নেচনেল লীগ অব ডেম’ক্ৰেচীৰ মুখপাত্ৰ ম্যো নায়ুণ্টে ফোনযোগে সংবাদ মাধ্যমৰ আগত এই সংকটপূৰ্ণ অৱস্থাৰ কথা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : প্ৰতিষেধক বিকাশৰ বাবে বাজেটত ধাৰ্য ৩৫,০০০ কোটি টকা

এবছৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা

দেশখনৰ টিভি চেনেল, মোবাইল, ইণ্টাৰনেট সেৱা সকলো বাধাগ্ৰস্ত হৈ পৰাৰ ফলত দেশখনৰ পৰিস্থিতি সম্পৰ্কে বিতং তথ্য লাভ কৰাটো জটিল হৈ পৰিছে। আনহাতে সেনাৰ ফালৰ পৰাও কোনোধৰণৰ বিজ্ঞপ্তি প্ৰকাশ কৰা নাই।প্ৰায় পাঁচ দশক কাল দেশখনত সামৰিক শাসন চলাৰ পাছত গণতন্ত্ৰিক ব্যৱস্থা প্ৰণয়ন হৈছিল যদিও বিগত কিছুদিন ধৰি সেনাৰে সংঘাত চলি আছিল শাসকীয় পক্ষৰ। যোৱা বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ গইনা লৈ সেনাই পুনৰ দেশখনৰ শাসন দখল কৰে। যোৱা সপ্তাহতে সেনাই এনে পদক্ষেপ গ্ৰহণৰ ইংগিত দিছিল।

আৰু পঢ়িব পাৰিব : ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা : আঘাতপ্ৰাপ্ত প্ৰায় ৩০-৪০ জন লোক…

নিৰ্বাচনত ছ্যু কীৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচীয়ে সহজে বিজয়ী হোৱাৰ পাছত নিৰ্বাচনত অস্বচ্ছতাৰ অভিযোগ অনা হৈছিল। গণতান্ত্ৰিক নেতাসকলক আটক কৰাৰ পাছত সেনাই নিজৰ টেলিভিচন চেনেলৰ জৰিয়তে দেশখনত এবছৰৰ জৰুৰী অৱস্থা ঘোষণা কৰে। ইফালে দেশখনত সেনাৰ এই ভূমিকাৰ পাছতে বিশ্বৰ বিভিন্ন দেশে এই পদক্ষেপ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। আমেৰিকা আৰু অষ্ট্ৰেলিয়াই ম্যানমাৰৰ সেনাক বন্দী কৰা নেতাসকলক মুকলি কৰি দিয়াৰ লগতে নিৰ্বাচনৰ ফলাফলক সন্মান জনাবলৈ আহ্বান জনাইছে।

আৰু পঢ়িব পাৰিব : বাকসাৰ বৰিমাখাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

হোৱাইট হাউছৰ মুখপাত্ৰ জেন পিছাকিয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এই বিষয়ে কয় যে, ‘আমেৰিকাই ম্যানমাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফলক নস্যাৎ কৰা বা দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থাক বাধাগ্ৰস্ত কৰাৰ যিকোনে প্ৰচেষ্টাৰ বিৰোধিতা কৰে। আৰু যদিহে এনে পদক্ষেপ প্ৰত্যাহাৰ কৰা নহয় তেন্তে আমি তেনে লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম।’ উল্লেখ্য যে, যোৱা সপ্তাহত দেশখনৰ নিৰ্বাচন আয়োগে এই নিৰ্বাচন নিকা ৰূপত অনুষ্ঠিত হোৱা বুলি স্পষ্ট কৰি দিছিল। আনহাতে আমেৰিকা, ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই সেনাক এই ফলাফলক সন্মান কৰিবলৈ আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ