--°C
Loading...
Listen to Article
2 min read
80%

য়াংগুন : ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত পুনৰ ৰাজনৈতিক সংকটৰ সূচনা হৈছে। দেশখনৰ সেনাবাহিনীয়ে ক্ষমতা হস্তগত কৰিছে আৰু দেশখনত এবছৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিছে। আং ছান ছ্যু কীকে ধৰি দেশখনৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আটক কৰিছে সেনাই। সেনাই আটক কৰা নেতাসকলৰ ভিতৰত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিণ্টো আছে। শাসকীয় নেচনেল লীগ অব ডেম’ক্ৰেচীৰ মুখপাত্ৰ ম্যো নায়ুণ্টে ফোনযোগে সংবাদ মাধ্যমৰ আগত এই সংকটপূৰ্ণ অৱস্থাৰ কথা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : প্ৰতিষেধক বিকাশৰ বাবে বাজেটত ধাৰ্য ৩৫,০০০ কোটি টকা

এবছৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা

দেশখনৰ টিভি চেনেল, মোবাইল, ইণ্টাৰনেট সেৱা সকলো বাধাগ্ৰস্ত হৈ পৰাৰ ফলত দেশখনৰ পৰিস্থিতি সম্পৰ্কে বিতং তথ্য লাভ কৰাটো জটিল হৈ পৰিছে। আনহাতে সেনাৰ ফালৰ পৰাও কোনোধৰণৰ বিজ্ঞপ্তি প্ৰকাশ কৰা নাই।প্ৰায় পাঁচ দশক কাল দেশখনত সামৰিক শাসন চলাৰ পাছত গণতন্ত্ৰিক ব্যৱস্থা প্ৰণয়ন হৈছিল যদিও বিগত কিছুদিন ধৰি সেনাৰে সংঘাত চলি আছিল শাসকীয় পক্ষৰ। যোৱা বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ গইনা লৈ সেনাই পুনৰ দেশখনৰ শাসন দখল কৰে। যোৱা সপ্তাহতে সেনাই এনে পদক্ষেপ গ্ৰহণৰ ইংগিত দিছিল।

আৰু পঢ়িব পাৰিব : ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা : আঘাতপ্ৰাপ্ত প্ৰায় ৩০-৪০ জন লোক…

নিৰ্বাচনত ছ্যু কীৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচীয়ে সহজে বিজয়ী হোৱাৰ পাছত নিৰ্বাচনত অস্বচ্ছতাৰ অভিযোগ অনা হৈছিল। গণতান্ত্ৰিক নেতাসকলক আটক কৰাৰ পাছত সেনাই নিজৰ টেলিভিচন চেনেলৰ জৰিয়তে দেশখনত এবছৰৰ জৰুৰী অৱস্থা ঘোষণা কৰে। ইফালে দেশখনত সেনাৰ এই ভূমিকাৰ পাছতে বিশ্বৰ বিভিন্ন দেশে এই পদক্ষেপ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। আমেৰিকা আৰু অষ্ট্ৰেলিয়াই ম্যানমাৰৰ সেনাক বন্দী কৰা নেতাসকলক মুকলি কৰি দিয়াৰ লগতে নিৰ্বাচনৰ ফলাফলক সন্মান জনাবলৈ আহ্বান জনাইছে।

আৰু পঢ়িব পাৰিব : বাকসাৰ বৰিমাখাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

হোৱাইট হাউছৰ মুখপাত্ৰ জেন পিছাকিয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এই বিষয়ে কয় যে, ‘আমেৰিকাই ম্যানমাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফলক নস্যাৎ কৰা বা দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থাক বাধাগ্ৰস্ত কৰাৰ যিকোনে প্ৰচেষ্টাৰ বিৰোধিতা কৰে। আৰু যদিহে এনে পদক্ষেপ প্ৰত্যাহাৰ কৰা নহয় তেন্তে আমি তেনে লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম।’ উল্লেখ্য যে, যোৱা সপ্তাহত দেশখনৰ নিৰ্বাচন আয়োগে এই নিৰ্বাচন নিকা ৰূপত অনুষ্ঠিত হোৱা বুলি স্পষ্ট কৰি দিছিল। আনহাতে আমেৰিকা, ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই সেনাক এই ফলাফলক সন্মান কৰিবলৈ আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ