--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াত ৰাষ্ট্রপতি নিৰ্বাচন। আজিৰে পৰা দেশখনত আৰম্ভ হৈছে ৰাষ্ট্রপতি নিৰ্বাচন। প্ৰথমবাৰলৈ দেশখনত এদিনৰ পৰিৱৰ্তে ৩দিন ধৰি চলিব ৰাষ্ট্রপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া। ১৭ মাৰ্চত ঘোষণা কৰা হ’ব দেশখনৰ ৰাষ্ট্রপতিৰ নিৰ্বাচনৰ ফলাফল। অৱশ্যে নিৰ্বাচন অনুষ্ঠিত হ’লেও ভ্লাডিমিৰ পুটিনে দেশখনৰ পৰৱৰ্তী ৰাষ্ট্রপতি হোৱাটো একপ্ৰকাৰ নিশ্চিত। বিগত ২৪ বছৰ ধৰি ৰাছিয়াৰ সৰ্বোচ্চ ক্ষমতাশালী পদটোৰ অধিকাৰী হৈ আহিছে পুটিন। যাৰ বাবে নিজৰ অধিকাংশ প্ৰতিদ্বন্দ্বীকে হত্যা অথবা কাৰাগাৰলৈ প্ৰেৰণ কৰাটো নিয়মত পৰিণত হৈছে পুটনৰ বাবে। অন্যথা পুটিনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নেতাসকলক নিৰ্বাচনৰ পূৰ্বে অযোগ্য ঘোষণা কৰি আহিছে ৰাছিয়াৰ নিৰ্বাচন আয়োগে। 

আনহাতে , ২০২১ চনত এইগৰাকী একনায়ক ভ্লাডিমিৰ পুটিনে ৰাছিয়াত প্ৰৱৰ্তন কৰিছিল এক নতুন আইন। যাৰ জৰিয়তে ২০৩৬ চন পৰ্যন্ত ৰাছিয়াৰ ৰাষ্ট্রপতি হৈ থকাৰ ক্ষেত্ৰত নিজৰ পথ প্ৰখস্ত কৰিছিল পুটিনে। দৰাচলতে ৰাছিয়াৰ নিয়ম অনুসৰি ২০১৮ চন পৰ্যন্ত কোনো এজন ব্যক্তি দুবাৰতকৈ অধিককাল ৰাষ্ট্রপতি হিচাপে চলাব নোৱাৰিব কাৰ্যকাল। কিন্তু এইক্ষেত্ৰত দেশৰ আইন সংশোধনেৰে ২০৩৬ পৰ্যন্ত নিজৰ পথ সুগম কৰি তুলিছিল পুটিনে। যাৰ বাবে ষষ্ঠবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্রপতিৰূপে নিৰ্বাচিত হোৱাৰ পথত পুটিন। 

আনহাতে, এইবাৰৰ ৰাষ্ট্রপতি নিৰ্বাচনত ইউক্ৰেইনত ৰাছিয়াই দখল কৰা অঞ্চলসমূহতো হ’ব ভোটগ্ৰহণ। অনলাইনৰ জৰিয়তে ৰাছিয়াৰ ১১.২৩ কোটি ভোটাৰে অংশ ল’ব ৰাষ্ট্রপতি নিৰ্বাচনৰ। এইবাৰৰ ৰাছিয়াৰ ৰাষ্ট্রপতি নিৰ্বাচনত পুটিনে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। 

আনহাতে, পুটিনৰ বিৰুদ্ধে আছে ৩গৰাকী পুতলা প্ৰাৰ্থী। দৰাচলতে নিয়মমাফিক ৰাষ্ট্রপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তিনিও গৰাকী প্ৰাৰ্থী হৈছে পুটিনৰ সমৰ্থক। তেনেস্থলত পুটিন পুনৰবাৰ ৰাছিয়াৰ ৰাষ্ট্রপতি হোৱাটো একপ্ৰকাৰ হৈ পৰিছে নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক