--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধাসিজা মাংস খাই বিপদত পৰিল এজন ব্যক্তি। মূৰৰ বিষৰ সৈতে জড়িত এটা ঘটনা পোহৰলৈ আহিছে, যাৰ বিষয়ে আপুনি নিশ্চিতভাৱে জনা উচিত। আমেৰিকাৰ ফ্ল’ৰিডাৰ ৫২ বছৰীয়া এজন ব্যক্তিয়ে প্ৰায় ৪ মাহ ধৰি তীব্ৰ মূৰৰ বিষত ভুগি আছিল আৰু যেতিয়া বিষটো অসহ্যকৰ হৈ পৰিল, তেতিয়াই মানুহজন ততাতৈয়াকৈ চিকিৎসালয়লৈ দৌৰি গ’ল। 

মূৰৰ বিষৰ কাৰণ জানিলে আপুনি হতভম্ব হৈ পৰিব। চিকিৎসকে এই ব্যক্তিজনক পৰীক্ষা কৰি গম পালে যে তেওঁৰ পৰজীৱী সংক্ৰমণ Neurocysticercosis ৰোগ হৈছে। যিটো আধা সিজোৱা বেকন (গাহৰিৰ পিঠিৰ মাংস) খোৱাৰ ফলত হয়।

তেওঁৰ মগজুত প্ৰৱেশ কৰিছিল পেলুৱে। এই চিকিৎসাজনিত অৱস্থাক নিউৰ’চিষ্টিচাৰক’ছিছ বুলি কোৱা হয়, যিটো স্নায়ুতন্ত্ৰৰ সংক্ৰমণৰ লগত জড়িত এক গুৰুতৰ অৱস্থা। কমকৈ সিজোৱা বা কেঁচা মাংস খালে এই ধৰণৰ সংক্ৰমণ দেখা যায়।

এই পেলুৱে কেৱল মগজুতে নহয়, শৰীৰৰ পেশীতো বেয়া প্ৰভাৱ পেলাব পাৰে।

ডাক্তৰে তেওঁৰ মগজুত পেলু পাইছিল। পেলুৱে ব্যক্তিজনৰ মগজুত কণীও পাৰিছিল। ই এবিধ পৰজীৱী পেলু যিয়ে মানুহ আৰু জীৱ-জন্তুক আক্ৰান্ত কৰে। সাধাৰণতে ইয়াক অন্ত্ৰত পোৱা যায় যদিও কিছুমান পৰিস্থিতিত ই মগজুলৈকেও যায়। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এইজন ব্যক্তিয়ে সৰুৰে পৰা কমকৈ সিজোৱা বেকন খাই আহিছিল। তথ্যৰ বাবে কওঁ যে এই ব্যঞ্জন গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা হয়। কমকৈ সিজোৱা বেকনত বহুতো বেক্টেৰিয়া থাকে, যিবোৰ অন্ত্ৰত প্ৰৱেশ কৰি মগজুলৈ যায়। কেৱল এয়াই নহয়, ইহঁতে দ্ৰুতগতিত মগজুত কণী পাৰি সংখ্যা বৃদ্ধি কৰে।

সেয়েহে যি মাংস খালেও ভালকৈ নিসিজোৱাকৈ কেতিয়াও খাব নালাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক