--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধাসিজা মাংস খাই বিপদত পৰিল এজন ব্যক্তি। মূৰৰ বিষৰ সৈতে জড়িত এটা ঘটনা পোহৰলৈ আহিছে, যাৰ বিষয়ে আপুনি নিশ্চিতভাৱে জনা উচিত। আমেৰিকাৰ ফ্ল’ৰিডাৰ ৫২ বছৰীয়া এজন ব্যক্তিয়ে প্ৰায় ৪ মাহ ধৰি তীব্ৰ মূৰৰ বিষত ভুগি আছিল আৰু যেতিয়া বিষটো অসহ্যকৰ হৈ পৰিল, তেতিয়াই মানুহজন ততাতৈয়াকৈ চিকিৎসালয়লৈ দৌৰি গ’ল। 

মূৰৰ বিষৰ কাৰণ জানিলে আপুনি হতভম্ব হৈ পৰিব। চিকিৎসকে এই ব্যক্তিজনক পৰীক্ষা কৰি গম পালে যে তেওঁৰ পৰজীৱী সংক্ৰমণ Neurocysticercosis ৰোগ হৈছে। যিটো আধা সিজোৱা বেকন (গাহৰিৰ পিঠিৰ মাংস) খোৱাৰ ফলত হয়।

তেওঁৰ মগজুত প্ৰৱেশ কৰিছিল পেলুৱে। এই চিকিৎসাজনিত অৱস্থাক নিউৰ’চিষ্টিচাৰক’ছিছ বুলি কোৱা হয়, যিটো স্নায়ুতন্ত্ৰৰ সংক্ৰমণৰ লগত জড়িত এক গুৰুতৰ অৱস্থা। কমকৈ সিজোৱা বা কেঁচা মাংস খালে এই ধৰণৰ সংক্ৰমণ দেখা যায়।

এই পেলুৱে কেৱল মগজুতে নহয়, শৰীৰৰ পেশীতো বেয়া প্ৰভাৱ পেলাব পাৰে।

ডাক্তৰে তেওঁৰ মগজুত পেলু পাইছিল। পেলুৱে ব্যক্তিজনৰ মগজুত কণীও পাৰিছিল। ই এবিধ পৰজীৱী পেলু যিয়ে মানুহ আৰু জীৱ-জন্তুক আক্ৰান্ত কৰে। সাধাৰণতে ইয়াক অন্ত্ৰত পোৱা যায় যদিও কিছুমান পৰিস্থিতিত ই মগজুলৈকেও যায়। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এইজন ব্যক্তিয়ে সৰুৰে পৰা কমকৈ সিজোৱা বেকন খাই আহিছিল। তথ্যৰ বাবে কওঁ যে এই ব্যঞ্জন গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা হয়। কমকৈ সিজোৱা বেকনত বহুতো বেক্টেৰিয়া থাকে, যিবোৰ অন্ত্ৰত প্ৰৱেশ কৰি মগজুলৈ যায়। কেৱল এয়াই নহয়, ইহঁতে দ্ৰুতগতিত মগজুত কণী পাৰি সংখ্যা বৃদ্ধি কৰে।

সেয়েহে যি মাংস খালেও ভালকৈ নিসিজোৱাকৈ কেতিয়াও খাব নালাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন