--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যি সময়ত সন্তানে মাক দেউতাকৰ দায়িত্বক বোজা বুলি ভাবে, জীৱনৰ শেষ সময়ছোৱাত মাক দেউতাকক চোৱাচিতা কৰাৰ পৰিৱৰ্তে বৃদ্ধাশ্ৰমত ৰাখি দায়িত্ব সামৰে৷ সততে এনে ধৰণৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এইবিলাকৰ মাজতো এনে কিছুমান নিদৰ্শন দেখিবলৈ পোৱা যায় যি আপোনাৰ হৃদয় চুই যায়। এইবাৰ পিতৃৰ আধৰুৱা সপোন পূৰণ কৰি চৰ্চালৈ আহিছে পাকিস্তানৰ এগৰাকী মহিলা। 

প্ৰাপ্ত তথ্য অনুসৰি পাকিস্তানৰ লাহোৰৰ নিবাসী জেনিথ ইৰফানে পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ অপূৰ্ণ সপোনৰ বিষয়ে জানিব পাৰি; পিতৃৰ প্ৰতি থকা মৰম তাথা আদৰক সাৰোগত কৰি পিতৃৰ আধৰুৱা সপোন পূৰ্ণ কৰিবৰ বাবে সংকল্পবদ্ধ হৈছিল। দেউতাকৰ প্ৰতি থকা আদৰ সন্মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিছে জেনিথ ইৰফানক।  

১২ বছৰ বয়সতে মটৰ চাইকেল চলাবলৈ শিকা জেনিথ ইৰফানে সকলো বাধা অতিক্ৰম কৰি দেশজুৰি মটৰ চাইকেল ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰা জেনিথ ইৰফানে মটৰ চাইকেলৰে বিশ্বভ্ৰমণ কৰি পূৰণ কৰিলে দেউতাকৰ আধৰুৱা সপোন। এগৰাকী পাকিস্তানী চলচিত্ৰ নিৰ্মাতাই জেনিথ ইৰফানৰ জীৱন ভিত্তিত ‘মটৰ চাইকেল গাৰ্ল’ নামেৰে চলচিত্ৰ নিৰ্মান কৰিছিল। তেওঁৰ এই যাত্ৰাই আজি বহুজনক অনুপ্ৰানিত কৰিছে।  

জেনিথ ইৰফানে সদৰি কৰা মতে তেওঁৰ পিতৃয়ে সেনাবাহিনীত কৰ্মৰত থকা বাবে জীৱনক লৈ থকা সপোন আশা আকাংক্ষা পৰিহাৰ কৰিব লগা হৈছিল। মাতৃৰ পৰা দেউতাকৰ সপোনৰ কথা জানৰ পাছত, দেউতাকৰ সপোনে তেওঁক এই যাত্ৰাত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল। পাকিস্তানৰ লাহোৰৰ দৰে ধৰ্মীয় ৰক্ষণশীল অঞ্চলৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ ওলোৱা তেওঁৰ বাবে অতি কঠিন আছিল বুলিও মন্তব্য কৰে জেনিথ ইৰফানে৷ 

তেওঁৰ অদম্য আত্মবিশ্বাস তথা দেউতাকৰ প্ৰতি থকা আদৰ সন্মানে এই সকলো কঠিনতাক নেওচি লক্ষ্যত উপনিত হ’বলৈ উদগণি যোগাইছ্লি বুলি জানিবলৈ দিয়ে৷ উল্লেযোগ্য যে মটৰ চাইকেলৰে বিশ্বভ্ৰমণ কৰা প্ৰথম গৰাকী পাকিস্তানি মহিলা হিচাপে পৰিগণিত হৈছে জেনিথ ইৰফান ৷
   


   


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক