--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যি সময়ত সন্তানে মাক দেউতাকৰ দায়িত্বক বোজা বুলি ভাবে, জীৱনৰ শেষ সময়ছোৱাত মাক দেউতাকক চোৱাচিতা কৰাৰ পৰিৱৰ্তে বৃদ্ধাশ্ৰমত ৰাখি দায়িত্ব সামৰে৷ সততে এনে ধৰণৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এইবিলাকৰ মাজতো এনে কিছুমান নিদৰ্শন দেখিবলৈ পোৱা যায় যি আপোনাৰ হৃদয় চুই যায়। এইবাৰ পিতৃৰ আধৰুৱা সপোন পূৰণ কৰি চৰ্চালৈ আহিছে পাকিস্তানৰ এগৰাকী মহিলা। 

প্ৰাপ্ত তথ্য অনুসৰি পাকিস্তানৰ লাহোৰৰ নিবাসী জেনিথ ইৰফানে পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ অপূৰ্ণ সপোনৰ বিষয়ে জানিব পাৰি; পিতৃৰ প্ৰতি থকা মৰম তাথা আদৰক সাৰোগত কৰি পিতৃৰ আধৰুৱা সপোন পূৰ্ণ কৰিবৰ বাবে সংকল্পবদ্ধ হৈছিল। দেউতাকৰ প্ৰতি থকা আদৰ সন্মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিছে জেনিথ ইৰফানক।  

১২ বছৰ বয়সতে মটৰ চাইকেল চলাবলৈ শিকা জেনিথ ইৰফানে সকলো বাধা অতিক্ৰম কৰি দেশজুৰি মটৰ চাইকেল ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰা জেনিথ ইৰফানে মটৰ চাইকেলৰে বিশ্বভ্ৰমণ কৰি পূৰণ কৰিলে দেউতাকৰ আধৰুৱা সপোন। এগৰাকী পাকিস্তানী চলচিত্ৰ নিৰ্মাতাই জেনিথ ইৰফানৰ জীৱন ভিত্তিত ‘মটৰ চাইকেল গাৰ্ল’ নামেৰে চলচিত্ৰ নিৰ্মান কৰিছিল। তেওঁৰ এই যাত্ৰাই আজি বহুজনক অনুপ্ৰানিত কৰিছে।  

জেনিথ ইৰফানে সদৰি কৰা মতে তেওঁৰ পিতৃয়ে সেনাবাহিনীত কৰ্মৰত থকা বাবে জীৱনক লৈ থকা সপোন আশা আকাংক্ষা পৰিহাৰ কৰিব লগা হৈছিল। মাতৃৰ পৰা দেউতাকৰ সপোনৰ কথা জানৰ পাছত, দেউতাকৰ সপোনে তেওঁক এই যাত্ৰাত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল। পাকিস্তানৰ লাহোৰৰ দৰে ধৰ্মীয় ৰক্ষণশীল অঞ্চলৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ ওলোৱা তেওঁৰ বাবে অতি কঠিন আছিল বুলিও মন্তব্য কৰে জেনিথ ইৰফানে৷ 

তেওঁৰ অদম্য আত্মবিশ্বাস তথা দেউতাকৰ প্ৰতি থকা আদৰ সন্মানে এই সকলো কঠিনতাক নেওচি লক্ষ্যত উপনিত হ’বলৈ উদগণি যোগাইছ্লি বুলি জানিবলৈ দিয়ে৷ উল্লেযোগ্য যে মটৰ চাইকেলৰে বিশ্বভ্ৰমণ কৰা প্ৰথম গৰাকী পাকিস্তানি মহিলা হিচাপে পৰিগণিত হৈছে জেনিথ ইৰফান ৷
   


   


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ