--°C
Loading...
Listen to Article
2 min read
80%

ক'ভিড-১৯ৰ নতুন প্ৰকাৰ অ'মিক্ৰনক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু চিকিৎসকমহল৷ দক্ষিণ আফ্ৰিকাৰ চিকিৎসাবিজ্ঞানীয়ে এক প্ৰাথমিক সমীক্ষাত অ'মিক্ৰনৰ সংক্ৰমণ পূৰ্বৰ ডেল্টা আৰু বিটাৰ তুলনাত তিনিগুণ অধিক গতিত হ'ব পাৰে বুলি প্ৰকাশ পাইছে৷ বিশ্বৰ চিকিৎসাবিজ্ঞানীসকল উদ্বিগ্ন কৰি তোলা এই অ’মিক্ৰন ভাৰত পালেহি! কৰ্ণাটকত ক'ভিড-১৯ৰ এই নতুন প্ৰজাতিত দুগৰাকী লোক আক্ৰান্ত হৈছে৷ বাংগালুৰুতো দুগৰাকী লোক অ'মিক্ৰনত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ কিন্তু, শেহতীয়াকৈ দেখা গৈছে জনসাধাৰণে ক'ভিডৰ সজাগতা নামানি অসাৱধানতাৰে জীৱন-নিৰ্বাহ কৰা দেখা গৈছে৷ যদিও ক'ভিডে জনজীৱন জুৰুলা কৰিছে, তথাপিও জনসাধাৰণে এই মহামাৰীৰ পৰা নিজকে বচাই ৰাখিবলৈ নীতি-নিয়মসমূহ মানি চলিব লাগিব৷ ক'ভিডৰ পৰা বাচি থাকিবলৈ এইসমূহ কাম গুৰুত্বসহকাৰে কৰক ---

▶️ মাস্ক পৰিধান কৰক

▶️ ঘনাই চাবোনেৰে হাত ধোৱক, চেনিটাইজাৰ ব্যৱহাৰ কৰক

▶️ সামাজিক দুৰত্ব মানি চলক

দেখা গৈছে যে চৰকাৰে জনসাধাৰণৰ জীৱনচৰ্চা সুচল হ'বলৈ কৰিবলৈ ক'ভিডৰ বাবে বান্ধি দিয়া নীতি-নিয়মবোৰ কিছু শিথিল কৰি দিছিল৷ কিন্তু, জনসাধাৰণে ক'ভিডমুক্ত পৰিৱেশৰ দৰে মাস্ক পৰিধান নকৰাৰ উপৰি অন্যান্য ক'ভিড নীতি-নিয়ম নমনা পৰিলক্ষিত হৈছে৷ সেয়ে ৰাইজলৈ বিনম্ৰ অনুৰোধ- ক'ভিডৰ নীতি-নিয়ম মানি চলি, নিজৰ লগতে নিজৰ পৰিয়াল, সমাজ তথা দেশক বচাই ৰাখক৷ আপোনাৰ জীৱন আপোনাৰ হাতত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া