ক'ভিড-১৯ৰ নতুন প্ৰকাৰ অ'মিক্ৰনক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু চিকিৎসকমহল৷ দক্ষিণ আফ্ৰিকাৰ চিকিৎসাবিজ্ঞানীয়ে এক প্ৰাথমিক সমীক্ষাত অ'মিক্ৰনৰ সংক্ৰমণ পূৰ্বৰ ডেল্টা আৰু বিটাৰ তুলনাত তিনিগুণ অধিক গতিত হ'ব পাৰে বুলি প্ৰকাশ পাইছে৷ বিশ্বৰ চিকিৎসাবিজ্ঞানীসকল উদ্বিগ্ন কৰি তোলা এই অ’মিক্ৰন ভাৰত পালেহি! কৰ্ণাটকত ক'ভিড-১৯ৰ এই নতুন প্ৰজাতিত দুগৰাকী লোক আক্ৰান্ত হৈছে৷ বাংগালুৰুতো দুগৰাকী লোক অ'মিক্ৰনত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ কিন্তু, শেহতীয়াকৈ দেখা গৈছে জনসাধাৰণে ক'ভিডৰ সজাগতা নামানি অসাৱধানতাৰে জীৱন-নিৰ্বাহ কৰা দেখা গৈছে৷ যদিও ক'ভিডে জনজীৱন জুৰুলা কৰিছে, তথাপিও জনসাধাৰণে এই মহামাৰীৰ পৰা নিজকে বচাই ৰাখিবলৈ নীতি-নিয়মসমূহ মানি চলিব লাগিব৷ ক'ভিডৰ পৰা বাচি থাকিবলৈ এইসমূহ কাম গুৰুত্বসহকাৰে কৰক ---
▶️ মাস্ক পৰিধান কৰক
▶️ ঘনাই চাবোনেৰে হাত ধোৱক, চেনিটাইজাৰ ব্যৱহাৰ কৰক
▶️ সামাজিক দুৰত্ব মানি চলক
দেখা গৈছে যে চৰকাৰে জনসাধাৰণৰ জীৱনচৰ্চা সুচল হ'বলৈ কৰিবলৈ ক'ভিডৰ বাবে বান্ধি দিয়া নীতি-নিয়মবোৰ কিছু শিথিল কৰি দিছিল৷ কিন্তু, জনসাধাৰণে ক'ভিডমুক্ত পৰিৱেশৰ দৰে মাস্ক পৰিধান নকৰাৰ উপৰি অন্যান্য ক'ভিড নীতি-নিয়ম নমনা পৰিলক্ষিত হৈছে৷ সেয়ে ৰাইজলৈ বিনম্ৰ অনুৰোধ- ক'ভিডৰ নীতি-নিয়ম মানি চলি, নিজৰ লগতে নিজৰ পৰিয়াল, সমাজ তথা দেশক বচাই ৰাখক৷ আপোনাৰ জীৱন আপোনাৰ হাতত৷