--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; প্ৰতি বছৰে প্ৰভাৱশালী পাছপোৰ্ট থকা দেশসমূহৰ তালিকা প্ৰকাশ কৰা হয়। এই পাছপোৰ্ট ৰেংকিঙৰ আধাৰত জানিব পৰা যায় যে কোনখন দেশৰ পাছপোৰ্ট কিমান শক্তিশালী আৰু প্ৰভাৱশালী। এই বছৰৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট তালিকাৰ শীৰ্ষস্থানত আছে জাপান৷ জাপানৰ পাছপোৰ্ট আটাইতকৈ প্ৰভাৱশালী আৰু শক্তিশালীৰূপে চিহ্নিত হৈছে৷

শেহতীয়াকৈ ২০২৩ৰ বাবে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টৰ ৰেংকিং মুকলি কৰা হৈছে। লণ্ডনস্থিত গোলকীয় নাগৰিকত্ব আৰু আৱাসিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘হেনলী এণ্ড পাৰ্টনাৰ্ছে’ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এছিয়াৰ তিনিখন দেশৰ পাছপোৰ্টে দেশকেইখনৰ পাছপোৰ্টধাৰকসকলক আন যিকোনো দেশতকৈ অধিক বিশ্বৰ ঠাই ভ্ৰমণৰ স্বাধীনতা প্ৰদান কৰে।

সেই অনুসৰি, জাপানৰ নাগৰিকসকলে বিশ্বজুৰি অভিলেখসংখ্যক ১৯৩টা গন্তব্যস্থান/দেশলৈ ভিছা-মুক্ত বা ভিছা-অন-ডিমাণ্ড প্ৰৱেশাধিকাৰ উপভোগ কৰিব পাৰে। জাপানে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টৰ তালিকাত ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াক পিছ পেলাইছে৷ কিয়নো এই দেশসমূহৰ নাগৰিকসকলে ১৯২খন দেশত মুক্তভাৱে ভিছা মুক্ত প্ৰৱেশ লাভ কৰিব পাৰে। জাপানৰ নাগৰিকৰ পাছপোৰ্টখনেৰে জাপানী নাগৰিকে বিশ্বৰ ১৯৩খন দেশলৈ ভিছা-মুক্ত বা ভিছা-অন-এৰাইভেল প্ৰৱেশাধিকাৰ প্ৰদান কৰে। 

২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পাছপোৰ্ট থকা দেশকেইখন এনেধৰণৰ-

১. জাপান (১৯৩ গন্তব্যস্থান)

২. ছিংগাপুৰ, দক্ষিণ কোৰিয়া (১৯২ গন্তব্যস্থান)

৩. জাৰ্মানী, স্পেইন (১৯০ গন্তব্যস্থান)

৪. ফিনলেণ্ড, ইটালী, লাক্সেমবাৰ্গ (১৮৯ গন্তব্যস্থান)

৫. অষ্ট্ৰিয়া, ডেনমাৰ্ক, নেডাৰলেণ্ড, চুইডেন (১৮৮ গন্তব্যস্থান)

৬. ফ্ৰান্স, আয়াৰলেণ্ড, পৰ্তুগাল, যুক্তৰাজ্য (১৮৭ গন্তব্যস্থান)

৭. বেলজিয়াম, নিউজিলেণ্ড, নৰৱে, চুইজাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, চেক গণৰাজ্য (১৮৬ গন্তব্যস্থান)

৮. অষ্ট্ৰেলিয়া, কানাডা, গ্ৰীচ, মাল্টা (১৮৫ গন্তব্যস্থান)

৯. হাংগেৰী, পোলেণ্ড (১৮৪ টা গন্তব্যস্থান)

১০. লিথুৱানিয়া, স্লোভাকিয়া (১৮৩ গন্তব্যস্থান)

এই তালিকাত ৮৫ নং স্থান লাভ কৰিছে ভাৰতে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক