--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; প্ৰতি বছৰে প্ৰভাৱশালী পাছপোৰ্ট থকা দেশসমূহৰ তালিকা প্ৰকাশ কৰা হয়। এই পাছপোৰ্ট ৰেংকিঙৰ আধাৰত জানিব পৰা যায় যে কোনখন দেশৰ পাছপোৰ্ট কিমান শক্তিশালী আৰু প্ৰভাৱশালী। এই বছৰৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট তালিকাৰ শীৰ্ষস্থানত আছে জাপান৷ জাপানৰ পাছপোৰ্ট আটাইতকৈ প্ৰভাৱশালী আৰু শক্তিশালীৰূপে চিহ্নিত হৈছে৷

শেহতীয়াকৈ ২০২৩ৰ বাবে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টৰ ৰেংকিং মুকলি কৰা হৈছে। লণ্ডনস্থিত গোলকীয় নাগৰিকত্ব আৰু আৱাসিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘হেনলী এণ্ড পাৰ্টনাৰ্ছে’ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এছিয়াৰ তিনিখন দেশৰ পাছপোৰ্টে দেশকেইখনৰ পাছপোৰ্টধাৰকসকলক আন যিকোনো দেশতকৈ অধিক বিশ্বৰ ঠাই ভ্ৰমণৰ স্বাধীনতা প্ৰদান কৰে।

সেই অনুসৰি, জাপানৰ নাগৰিকসকলে বিশ্বজুৰি অভিলেখসংখ্যক ১৯৩টা গন্তব্যস্থান/দেশলৈ ভিছা-মুক্ত বা ভিছা-অন-ডিমাণ্ড প্ৰৱেশাধিকাৰ উপভোগ কৰিব পাৰে। জাপানে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টৰ তালিকাত ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াক পিছ পেলাইছে৷ কিয়নো এই দেশসমূহৰ নাগৰিকসকলে ১৯২খন দেশত মুক্তভাৱে ভিছা মুক্ত প্ৰৱেশ লাভ কৰিব পাৰে। জাপানৰ নাগৰিকৰ পাছপোৰ্টখনেৰে জাপানী নাগৰিকে বিশ্বৰ ১৯৩খন দেশলৈ ভিছা-মুক্ত বা ভিছা-অন-এৰাইভেল প্ৰৱেশাধিকাৰ প্ৰদান কৰে। 

২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পাছপোৰ্ট থকা দেশকেইখন এনেধৰণৰ-

১. জাপান (১৯৩ গন্তব্যস্থান)

২. ছিংগাপুৰ, দক্ষিণ কোৰিয়া (১৯২ গন্তব্যস্থান)

৩. জাৰ্মানী, স্পেইন (১৯০ গন্তব্যস্থান)

৪. ফিনলেণ্ড, ইটালী, লাক্সেমবাৰ্গ (১৮৯ গন্তব্যস্থান)

৫. অষ্ট্ৰিয়া, ডেনমাৰ্ক, নেডাৰলেণ্ড, চুইডেন (১৮৮ গন্তব্যস্থান)

৬. ফ্ৰান্স, আয়াৰলেণ্ড, পৰ্তুগাল, যুক্তৰাজ্য (১৮৭ গন্তব্যস্থান)

৭. বেলজিয়াম, নিউজিলেণ্ড, নৰৱে, চুইজাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, চেক গণৰাজ্য (১৮৬ গন্তব্যস্থান)

৮. অষ্ট্ৰেলিয়া, কানাডা, গ্ৰীচ, মাল্টা (১৮৫ গন্তব্যস্থান)

৯. হাংগেৰী, পোলেণ্ড (১৮৪ টা গন্তব্যস্থান)

১০. লিথুৱানিয়া, স্লোভাকিয়া (১৮৩ গন্তব্যস্থান)

এই তালিকাত ৮৫ নং স্থান লাভ কৰিছে ভাৰতে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু