--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ব্ৰহ্মপুত্ৰৰ পাৰৰ কোমল মাটিত তেওঁৰ খোজৰ চিন পোৱা গ'ল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ'ল আজিলৈকে।

ডিজিটেল ডেস্ক : এখন নেদেখা/নদীৰ সিপাৰে/ফুলিছে হাঁহিৰ/শেৱালি/মই চাই থাকোঁ/ ইপাৰৰ পৰা/নোৱাৰোঁ আনিব/বুটলি...। এবছৰ পূৰ্বে এখন নদীৰ পাৰতে হেৰাই গৈছিল 'মুকুতা' ছবিখনৰ এই গীতটিৰ সংগীত পৰিচালকজন। হয়তো তেওঁ এখন নেদেখা নদীৰ সিপাৰে ফুলি থকা শেৱালিৰ সুৱাস বিচাৰি গ'ল। মাত্র ১৯ বছৰ বয়সত জ্যেষ্ঠ ভাতৃৰ সৈতে যুটীয়াভাৱে অসমীয়া বোলছবিত সংগীত পৰিচালনাৰ ক্ষেত্ৰখনত ভৰি দিয়া ব্যক্তিজনে পৰৱৰ্তী পৰ্যায়ত স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰা প্ৰথমখন ছবিৰ সংগীতে অভিলেখ সৃষ্টি কৰিছিল।


সংগীতৰ বাবেই ছবিখন ছুপাৰহিট হোৱাত সহায়ক হোৱা ১৯৬৯ত মুক্তি পোৱা 'ডক্তৰ বেজবৰুৱা'ৰ সুৰীয়া গীতসমূহ চাৰে পাঁচটা দশকৰ পাছতো জনপ্রিয় হৈ আছে। মুঠ ২৭খন ছবিত স্বতন্ত্র ৰূপত সংগীত পৰিচালনা কৰা ব্যক্তিজন সুকণ্ঠী গায়ক হিচাপেও পৰিচিত। ৫খন অসমীয়া ছবিত কণ্ঠদান কৰা ব্যক্তিজন সংগীত পৰিচালক হোৱাৰ পূৰ্বে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পাছলৈ তেওঁ আকাশবাণীৰ মিউজিক কম্প'জাৰ হয়। অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি বহু কণ্ঠশিল্পীক নেপথ্য গায়িকা হোৱাৰ প্রথম সুযোগ দিয়া ব্যক্তিজন হ'ল অসমীয়া বোলছবি জগতখনৰ প্ৰসিদ্ধ সংগীত পৰিচালক ৰমেন বৰুৱা।


কিন্তু বিষ্ণু ৰাভা বঁটা (২০০৩), হেমাংগ বিশ্বাস বঁটা (২০০৮), শিল্পপ্রাণ চন্দ্ৰ ফুকন সোঁৱৰণী বঁটা (২০০৯), তৰুণ দুৱৰা সোঁৱৰণী (অইল ইণ্ডিয়া) বঁটা (২০১১), জীৱন ৰাম মুংগীদেৱী গোৱেংকা সোঁৱৰণী বঁটা (২০১১), অসমীয়া মিউজিক এৱাৰ্ড (২০১১) আদি বহু সন্মান আৰু বঁটাৰে সন্মানিত ৰমেন বৰুৱা বিগত বৰ্ষত তেওঁ আকস্মিকভাৱে সন্ধানহীন হৈ পৰে। সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ কাইলৈ এটা বছৰ সম্পূৰ্ণ হ'ব। ঘৰৰ পৰা থৰক-বৰক খোজেৰে ওলাই অহা লোকজন ক'লৈ গ'ল আজিও কোনো খবৰ নোলাল। আৰক্ষীয়েও আজিলৈকে উলিয়াব নোৱাৰিলে তেওঁৰ সন্ধান। কেৱল ওলাল তেওঁ পুৱা বেলাতে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল।


ব্ৰহ্মপুত্ৰৰ পাৰৰ কোমল মাটিত তেওঁৰ খোজৰ চিন পোৱা গ'ল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ'ল আজিলৈকে। অসমৰ বোলছবি ক্ষেত্রখনলৈ অনৱদ্য অৱদান আগবঢ়াই অহা প্রখ্যাত বৰুৱা পৰিয়ালৰ দশম সন্তান সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ এবছৰ পূৰ্ণ হোৱাৰ দিনটোতে সোমবাৰে তেওঁৰ গুণমুগ্ধসকলে উভতি আহিবৰ বাবে এক সাংগীতিক আহ্বান জনাব। সকলোৰে আদৰৰ ৰমেন বৰুৱা পুনৰ উভতি অহাৰ অপেক্ষাত থকা গুণমুগ্ধসকলে আজি লতাশিল খেলপথাৰত 'যুগমীয়া' শীর্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সকলোৰে গভীৰ আশা- আদৰৰ শিল্পীগৰাকী কুশলে আছে। অধীৰ অপেক্ষা মানুহজন উভতি অহাৰ।


লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি, সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু অনুৰাগী সমাজৰ উদ্যোগত শিল্পীগৰাকী নিৰুদ্দিষ্ট হোৱাৰ এবছৰ পূৰ্ণ হোৱা দিনটোতে লতাশিল খেলপথাৰত সন্ধিয়া ৬-৩০ বজাত তেখেতৰ সুৰাৰোপিত গীতসমূহৰ স্মৃতিৰ সজল ৰোমন্থনৰ 'যুগমীয়া' শীর্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত সমৱেত অনুৰাগীসকলে সংগীত শিল্পীগৰাকীক উভতি আহি সৃষ্টিশীল জীৱনত পুনৰ মনোনিৱেশ কৰিবলৈ আকুল আহ্বান জনাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ