--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে ।

ডিজিটেল ডেস্ক : ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰ অভিযান আৰম্ভ কৰিছিল । ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।


অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।


আৰক্ষীৰ বিৰামহীন অভিযান অব্যাহত আছে যদিও ৰাজ্যত ড্ৰাগছৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে । সৰবৰাহকাৰীসকলে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে । তাৰ মাজতে কিছুমান ধৰা পৰি আহিছে । শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে ড্ৰাগছৰ সৈতে জড়িত এক খবৰ।


কামপুৰ কাকতিগাঁৱত আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানত ১৬ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এজন সৰবৰাহকাৰী আটক৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো কাকতিগাঁৱৰ ইছাফিল হক ৷ নিজ বাসগৃহৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ইছাফিলে ৷ বৰ্তমান কামপুৰ আৰক্ষীৰ জিম্মাত আছে ড্ৰাগছ সৰবৰাহকাৰী ইছাফিল হক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ