--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে ।

ডিজিটেল ডেস্ক : ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰ অভিযান আৰম্ভ কৰিছিল । ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।


অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।


আৰক্ষীৰ বিৰামহীন অভিযান অব্যাহত আছে যদিও ৰাজ্যত ড্ৰাগছৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে । সৰবৰাহকাৰীসকলে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে । তাৰ মাজতে কিছুমান ধৰা পৰি আহিছে । শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে ড্ৰাগছৰ সৈতে জড়িত এক খবৰ।


কামপুৰ কাকতিগাঁৱত আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানত ১৬ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এজন সৰবৰাহকাৰী আটক৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো কাকতিগাঁৱৰ ইছাফিল হক ৷ নিজ বাসগৃহৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ইছাফিলে ৷ বৰ্তমান কামপুৰ আৰক্ষীৰ জিম্মাত আছে ড্ৰাগছ সৰবৰাহকাৰী ইছাফিল হক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ