--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই পাচলিবিধ সুস্বাদু হোৱাৰ লগতে প্ৰ’টিনসমৃদ্ধও হয়। সেইবাবে ভাত কেৰেলাক স্বাস্থ্যকৰ পাচলি বুলি গণ্য কৰা হয়।

ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত এক জনপ্ৰিয় পাচলি ভাত কেৰালা। ভাত কেৰেলা খাই আপুনি কেনে পায়? এই পাচলিবিধ খাই বেয়া পোৱা মানুহো আছে, কিন্তু ইয়াৰ নানা উপকাৰিতাৰ বিষয়ে জানিলে বেয়া পোৱা সকলেও খাবলৈ বাধ্য হ’ব। ভাত কেৰেলা বহুত উপকাৰী আৰু শক্তিশালী পাচলি। ই মানৱ শৰীৰত বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে। এই পাচলিৰ ইমান গুণ আছে যে মাত্ৰ কেইদিনমান খালেই আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ উঠিব।


ইয়াৰ ইংৰাজী নাম Spiny Gourd। ইয়াক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে ই আমাৰ শৰীৰৰ আন আন উপাদানৰ লগতে ফাইবাৰৰ অভাৱো পূৰ্ণ কৰে। এই পাচলিবিধ সুস্বাদু হোৱাৰ লগতে প্ৰ’টিনসমৃদ্ধও হয়। সেইবাবে ভাত কেৰেলাক স্বাস্থ্যকৰ পাচলি বুলি গণ্য কৰা হয়। ভাত কেৰেলা ভাজি, দাইলত দি খাব পাৰি। ভাত কেৰালাৰ থুপথুপীয়া ব্যঞ্জনো ৰান্ধিব পাৰি। ভাত কেৰালাৰ পিটিকা, পূৰ দিয়া ভাত কেৰালা খাবলৈ অতি সোৱাদ।  


ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ই এণ্টিঅক্সিডেণ্টসমৃদ্ধ পাচলি। ভাতকেৰেলাত পোৱা যায় অধিক প্ৰটিন- বিশেষ প্ৰতিদিন অনুসৰি, মাংসতকৈও ভাতকেৰেলাত অধিক শক্তি আৰু প্ৰটিন পোৱা যায়। যি ৫০গুণ বেছি। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰে সু-স্বাস্থ্যৰ বাবে যথেষ্ট প্ৰয়োজনীয়।


ভাতকেৰেলাৰ ঔষধি গুণসমূহ-


১) যদি কোনোবাই ওজন হ্রাস কৰিব বিচাৰে তেন্তে ভাত কেৰেলা খাওক। ওজন হ্ৰাস কৰাৰ বাবে ভিটামিন ‘C’ আৰু কম কেলৰি থকা খাদ্য অতি বেছি প্ৰয়োজনীয় আৰু ভাত কেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ আকৌ ভাত কেৰেলাত অতি কম পৰিমাণৰ কেলৰি থাকে। গতিকে ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে এইটো এটা ভাল বিকল্প। 


২) ই প্ৰটিন আৰু লো সমৃদ্ধ আৰু ইয়াত কেলৰি কম থাকে। আঁহ আৰু এণ্টিঅক্সিডেণ্টো থাকে। সেয়হে ভাতকেৰেলা খোৱাৰ ফলত কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আঁতৰ হয়।


৩) এই পাচলিয়ে বাৰিষাৰ সময়ত হোৱা নানান সংক্ৰমণ হ্ৰাস কৰাতো সহায়ক হয়। 


৪) উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ভাতকেৰেলা যথেষ্ট উপকাৰী হয়। সতেজ ভাতকেৰেলাৰ ৰস উলিয়াই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায়তা কৰে। 


৫) ছালত সতেজ ভাতকেৰেলাৰ ৰস প্ৰয়োগ কৰিলে মুখৰ শালমইনা সমস্যাৰ পৰা মুক্ত হব পাৰি। 


৬) ভাত কেৰেলাত থকা লুইটেইনৰ (Lutein) দৰে কেৰোটোনইডবোৰে বিভিন্ন চকুৰ ৰোগ, হৃদৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


৭) হজম উন্নত কৰাতো ভাত কেৰেলাই ভাল ভূমিকা পালন কৰে। আয়ুৰ্বেদত, ইয়াক এক ঔষধ বুলি গণ্য কৰা হয়, যাক বহুতো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।


৮) এই পাচলিয়ে মল আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থ আঁতৰাই দিয়ে। ইয়াৰ ফলত শৰীৰ সতেজ আৰু শক্তিশালী হৈ থাকে। ই দীৰ্ঘদিনীয়া ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। লগতে উচ্চ ৰক্তচাপ ,মধুমেহ (ডায়েবেটিছ) নিয়ন্ত্ৰণত সহায় কৰে ভাত কেৰেলাই।


৯) ভাত কেৰেলাই মানসিক স্থিৰতা বজাই ৰাখে। নতুন জীৱন আৰম্ভ কৰা দম্পতীৰ বাবে মানসিক শান্তি অতি প্ৰয়োজনীয়। সেই বাবে বিশেষজ্ঞসকলে ভাত কেৰেলাক খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে।


গতিকে প্ৰতিদিনে নহ’লেও মাজে সময়ে ইয়াক খালে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান