--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু প্ৰৰোচনামূলক বুলি তেওঁ খাৰিজ কৰে। তেওঁ কয় যে, জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ AI আৰু ফটোশ্বপ ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে মিছা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ এপ্ৰিল ২০২৬ৰ দেওবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াই। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিশাল সম্পত্তিৰ তথ্য দিছিল পৱন খেড়াই। তেওঁ কৈছিল যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ আছে ৩খন দেশৰ পাছপ’ৰ্ট। কেৱল ইমানেই নহয়, আমেৰিকাৰ কোম্পানীত ৰিণিকিৰ আছে ৫২ হেজাৰ কোটি টকা। 


পৱন খেৰাই এই অভিযোগ অনাৰ পাছতেই গৰম হৈ পৰে ৰাজ্যৰ ৰাজনীতি। তীব্ৰ সমালোচনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীৰ পৰিয়াল। এই অভিযোগৰ পাছতেই  বিশিষ্ট উদ্যোগী তথা মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই নিশা ১২:৩০ বজাত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিবলৈ হাজিৰ হয় ক্ৰাইম ব্ৰাঞ্চত।


তিনিখন ভিন্ন দেশৰ পাছপ’ৰ্ট থকা আৰু বিদেশত যথেষ্ট সম্পত্তিৰ মালিক বুলি খেৰাৰ অভিযোগৰ পাছতে এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু আইনী দলৰ সৈতে আনুষ্ঠানিকভাৱে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে ৰিণিকি ভূঞা শৰ্মাই।


এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু প্ৰৰোচনামূলক বুলি তেওঁ খাৰিজ কৰে। তেওঁ কয় যে, জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ AI আৰু ফটোশ্বপ ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে মিছা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বিষয়টোৰ তদন্ত কৰি সত্য উলিয়াই অনাৰ দায়িত্ব অসম আৰক্ষীক অৰ্পণ কৰে ৰিণিকি ভূঞা শৰ্মাই।


তেওঁ কয় যে ‘‘৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? এনে কথা হ’লে ৩-৪ খন ৰাজ্য মোৰ অধীনত থাকিবচোন।’’

আইনীভাৱে সকলো আগবাঢ়িব বুলি মন্তব্য কৰি ৰিণিকি ভূঞা শৰ্মাই কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ডা নাই। মোক ছফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে।’’


অসম আৰক্ষীৰ ক্রাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰি ভুৱা পাছপ’ৰ্ট প্ৰচাৰ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই।


আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আইনী মাধ্যমেৰে বিষয়টো আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি প্ৰায় ১:৩০ বজাত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ পৰা ওলাই যায় ৰিণিকি ভূঞা শৰ্মা।


ৰিণিকি ভূঞা শৰ্মাৰ এজাহাৰ দাখিলৰ পাছতেই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হ’ল গোচৰ। 

 

04/26 নম্বৰত ক্ৰাইম ব্ৰাঞ্চে ৰুজু কৰিলে গোচৰ। BNSৰ প্ৰায় ১২টাকৈ ধাৰাৰ অধীনত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু