--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু প্ৰৰোচনামূলক বুলি তেওঁ খাৰিজ কৰে। তেওঁ কয় যে, জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ AI আৰু ফটোশ্বপ ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে মিছা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ এপ্ৰিল ২০২৬ৰ দেওবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়াই। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিশাল সম্পত্তিৰ তথ্য দিছিল পৱন খেড়াই। তেওঁ কৈছিল যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ আছে ৩খন দেশৰ পাছপ’ৰ্ট। কেৱল ইমানেই নহয়, আমেৰিকাৰ কোম্পানীত ৰিণিকিৰ আছে ৫২ হেজাৰ কোটি টকা। 


পৱন খেৰাই এই অভিযোগ অনাৰ পাছতেই গৰম হৈ পৰে ৰাজ্যৰ ৰাজনীতি। তীব্ৰ সমালোচনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীৰ পৰিয়াল। এই অভিযোগৰ পাছতেই  বিশিষ্ট উদ্যোগী তথা মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই নিশা ১২:৩০ বজাত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিবলৈ হাজিৰ হয় ক্ৰাইম ব্ৰাঞ্চত।


তিনিখন ভিন্ন দেশৰ পাছপ’ৰ্ট থকা আৰু বিদেশত যথেষ্ট সম্পত্তিৰ মালিক বুলি খেৰাৰ অভিযোগৰ পাছতে এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু আইনী দলৰ সৈতে আনুষ্ঠানিকভাৱে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে ৰিণিকি ভূঞা শৰ্মাই।


এই দাবীসমূহ সম্পূৰ্ণ মিছা আৰু প্ৰৰোচনামূলক বুলি তেওঁ খাৰিজ কৰে। তেওঁ কয় যে, জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ AI আৰু ফটোশ্বপ ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে মিছা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বিষয়টোৰ তদন্ত কৰি সত্য উলিয়াই অনাৰ দায়িত্ব অসম আৰক্ষীক অৰ্পণ কৰে ৰিণিকি ভূঞা শৰ্মাই।


তেওঁ কয় যে ‘‘৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? এনে কথা হ’লে ৩-৪ খন ৰাজ্য মোৰ অধীনত থাকিবচোন।’’

আইনীভাৱে সকলো আগবাঢ়িব বুলি মন্তব্য কৰি ৰিণিকি ভূঞা শৰ্মাই কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ডা নাই। মোক ছফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে।’’


অসম আৰক্ষীৰ ক্রাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰি ভুৱা পাছপ’ৰ্ট প্ৰচাৰ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই।


আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আইনী মাধ্যমেৰে বিষয়টো আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি প্ৰায় ১:৩০ বজাত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ পৰা ওলাই যায় ৰিণিকি ভূঞা শৰ্মা।


ৰিণিকি ভূঞা শৰ্মাৰ এজাহাৰ দাখিলৰ পাছতেই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হ’ল গোচৰ। 

 

04/26 নম্বৰত ক্ৰাইম ব্ৰাঞ্চে ৰুজু কৰিলে গোচৰ। BNSৰ প্ৰায় ১২টাকৈ ধাৰাৰ অধীনত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ