--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপকতা, স্বচ্ছতা আৰু শক্তিশালী ব্যৱস্থাপনা প্ৰদৰ্শন কৰাৰ লগতে নির্বাচন ব্যৱস্থাপনাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা

ডিজিটেল ডেস্ক: এইবাৰ অসম বিধানসভাৰ নিৰ্বাচন প্রত্যক্ষ কৰিবলৈ আহিব কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি। 


কালি নির্বাচন আয়োগে এই কথা জনাই প্ৰকাশ কৰা মতে আন্তঃৰাষ্ট্ৰীয় নির্বাচন পৰিদৰ্শক কাৰ্যসূচী (IEVP)-ৰ অংশ হিচাপে কেইবাখনো দেশৰ নিৰ্বাচন ব্যৱস্থাপনা সংস্থাৰ বিদেশী প্রতিনিধি দলে অহা ৯ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ ২ নিৰ্বাচনৰ লগত সংগতি ৰাখি ৮ আৰু ৯ এপ্ৰিলত অসম ভ্রমণ কৰিব। 


এংগোলা, ভুটান, ইজিপ্ত, পর্তুগাল, শ্রীলংকা, মেক্সিকো, বেনিন আৰু ক্রোৱেছিয়াৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিব লগীয়া এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পর্যবেক্ষকসকলক ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াসমূহ ওচৰৰ পৰা চাবলৈ আৰু বুজিবলৈ সুযোগ প্রদান কৰা। 


প্রতিনিধিসকলে ৮ এপ্রিলত গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ সৈতে এক বৈঠকত অংশগ্রহণ কৰিব আৰু তাৰ পাছত ক্ষেত্র পর্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নির্বাচনী সামগ্ৰীসমূহৰ বিতৰণ কেন্দ্ৰ আৰু নিয়ন্ত্রণ কক্ষসমূহ পৰিদৰ্শন কৰিব। আনহাতে, ৯ এপ্ৰিলৰ ভোটদানৰ দিনা তেওঁলোকে অসমৰ কেইবাখনো জিলাৰ ভোটগ্রহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ভোটদান প্রক্রিয়া, নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰযুক্তিৰ ব্যৱহাৰ পৰ্যবেক্ষণ কৰিব। 


উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপকতা, স্বচ্ছতা আৰু শক্তিশালী ব্যৱস্থাপনা প্ৰদৰ্শন কৰাৰ লগতে নির্বাচন ব্যৱস্থাপনাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু সর্বোত্তম অনুশীলনসমূহৰ আদান-প্রদানক উৎসাহিত কৰা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ