--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপকতা, স্বচ্ছতা আৰু শক্তিশালী ব্যৱস্থাপনা প্ৰদৰ্শন কৰাৰ লগতে নির্বাচন ব্যৱস্থাপনাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা

ডিজিটেল ডেস্ক: এইবাৰ অসম বিধানসভাৰ নিৰ্বাচন প্রত্যক্ষ কৰিবলৈ আহিব কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি। 


কালি নির্বাচন আয়োগে এই কথা জনাই প্ৰকাশ কৰা মতে আন্তঃৰাষ্ট্ৰীয় নির্বাচন পৰিদৰ্শক কাৰ্যসূচী (IEVP)-ৰ অংশ হিচাপে কেইবাখনো দেশৰ নিৰ্বাচন ব্যৱস্থাপনা সংস্থাৰ বিদেশী প্রতিনিধি দলে অহা ৯ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ ২ নিৰ্বাচনৰ লগত সংগতি ৰাখি ৮ আৰু ৯ এপ্ৰিলত অসম ভ্রমণ কৰিব। 


এংগোলা, ভুটান, ইজিপ্ত, পর্তুগাল, শ্রীলংকা, মেক্সিকো, বেনিন আৰু ক্রোৱেছিয়াৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিব লগীয়া এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পর্যবেক্ষকসকলক ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াসমূহ ওচৰৰ পৰা চাবলৈ আৰু বুজিবলৈ সুযোগ প্রদান কৰা। 


প্রতিনিধিসকলে ৮ এপ্রিলত গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ সৈতে এক বৈঠকত অংশগ্রহণ কৰিব আৰু তাৰ পাছত ক্ষেত্র পর্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নির্বাচনী সামগ্ৰীসমূহৰ বিতৰণ কেন্দ্ৰ আৰু নিয়ন্ত্রণ কক্ষসমূহ পৰিদৰ্শন কৰিব। আনহাতে, ৯ এপ্ৰিলৰ ভোটদানৰ দিনা তেওঁলোকে অসমৰ কেইবাখনো জিলাৰ ভোটগ্রহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ভোটদান প্রক্রিয়া, নিৰাপত্তা ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰযুক্তিৰ ব্যৱহাৰ পৰ্যবেক্ষণ কৰিব। 


উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপকতা, স্বচ্ছতা আৰু শক্তিশালী ব্যৱস্থাপনা প্ৰদৰ্শন কৰাৰ লগতে নির্বাচন ব্যৱস্থাপনাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু সর্বোত্তম অনুশীলনসমূহৰ আদান-প্রদানক উৎসাহিত কৰা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু