--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিনত বাঁহগছত বিশ্রাম লৈ থকা আৰু নিশা খাদ্যৰ সন্ধানত ওলাই যোৱা এই বাদুলিসমূহে এই অঞ্চলটো নিজৰ স্থায়ী আশ্রয়স্থলী হিচাপে গ্রহণ কৰিছে। দুষ্ট প্ৰকৃতিৰ লোকৰ বিৰুদ্ধে গাঁৱৰ একত্ৰিত প্রতিৰোধে যিকোনো ভাল প্রচেষ্টাৰ দৰে এই সংৰক্ষণ প্রয়াসো নানা বাধাৰ সম্মুখীন হৈছে।

ডিজিটেল ডেস্ক: প্ৰকৃতি আৰু বন ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ আশ্রয়স্থলী সংকুচিত হোৱাৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাৰ মাজতে জোনাইত দেখা গৈছে প্রকৃতি সুৰক্ষাৰ এক ব্যতিক্রমী আৰু প্ৰশংসনীয় পদক্ষেপ। বিগত প্রায় চাৰিটা দশক ধৰি দুষ্প্রাপ্য বাদুলি সুৰক্ষা প্রদান কৰি সমগ্ৰ জোনাই অঞ্চললৈ এক অনুকৰণীয় আদর্শ গঢ়ি তুলিছে জোনাইৰ অমৃতপুৰ গাঁৱৰ বলেন পেগু আৰু তেওঁৰ পৰিয়ালটোৱে। 


কালিৰে পৰা প্ৰায় চাৰিটা দশক আগেয়ে, যেতিয়া বন্যপ্রাণী সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা ইমান গুৰুত্ব নাছিল, তেতিয়াই বলেন পেগুৰ পিতৃ-পুৰুষে প্ৰকৃতিৰ লগত সহাৱস্থানৰ পথ বাছি লৈছিল। অমৃতপুৰ গাঁৱৰ নিজৰ প্ৰায় ২০ বিঘা পৰিমাণৰ বাঁহবাৰীত তেতিয়াৰ পৰা আজিলৈকে হাজাৰ হাজাৰ বাদুলিক আশ্রয় প্রদান কৰি অহা হৈছে। 


এই বাঁহবাৰী কেৱল পৰিয়ালটোৰ জীৱিকাৰ উৎসই নহয়, বৰঞ্চ ই পৰিণত হৈছে এক প্রাকৃতিক সংৰক্ষণ ক্ষেত্ৰত। প্রাকৃতিকভাৱে গঢ় লৈ উঠা এই বাদুলিৰ আশ্রয়স্থলীয়ে সমগ্র জোনাই অঞ্চলত বিশেষ গুৰুত্ব লাভ কৰিছে। দুষ্প্রাপ্য বাদুলিৰ সুৰক্ষিত আশ্রয় বাদুলি প্ৰকৃতিৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। বীজ বিস্তাৰ, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু বনাঞ্চল পুনৰুজ্জীৱনৰ ক্ষেত্ৰত বাদুলিৰ ভূমিকা অপৰিসীম। কিন্তু সময়ৰ সৈতে বন ধ্বংস যজ্ঞ, গছ কটা, বিদ্যুৎ লাইন আৰু মানৱীয় হস্তক্ষেপৰ ফলত এই প্রাণীবোৰ বিপন্ন হোৱাৰ দিশে আগবাঢ়িছে। এই পৰস্থিতিত বলেন পেগুৰ এই বাঁহবাৰীটো যেন বাদুলিৰ বাবে এক নিৰাপদ স্বৰ্গ হৈ পৰিছে। 


দিনত বাঁহগছত বিশ্রাম লৈ থকা আৰু নিশা খাদ্যৰ সন্ধানত ওলাই যোৱা এই বাদুলিসমূহে এই অঞ্চলটো নিজৰ স্থায়ী আশ্রয়স্থলী হিচাপে গ্রহণ কৰিছে। দুষ্ট প্ৰকৃতিৰ লোকৰ বিৰুদ্ধে গাঁৱৰ একত্ৰিত প্রতিৰোধে যিকোনো ভাল প্রচেষ্টাৰ দৰে এই সংৰক্ষণ প্রয়াসো নানা বাধাৰ সম্মুখীন হৈছে। মাজে মাজে একাংশ দুষ্ট প্রকৃতিৰ লোকে এই বাদুলিসমূহ নিধন কৰা বা ক্ষতি সাধনৰ চেষ্টা চলাই আহিছে। কোনোবাই বিনোদনৰ বাবে, কোনোবাই অজ্ঞতাৰ বশৱৰ্তী হৈ আকৌ আন কোনোবাই ভ্রান্ত বিশ্বাসৰ আধাৰত বাদুলিৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰা বুলি জানিবলৈ দিছে বলেন পেগুৱে। কিন্তু এই সকলো প্রচেষ্টাক প্রতিহত কৰি আহিছে বলেন পেগুৰ লগতে তেওঁৰ পৰিয়ালে। 


অৱশ্যে দুষ্প্রাপ্য বাদুলিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত গাঁৱৰ একাংশ লোকে তেওঁৰ পৰিয়ালক সম্পূর্ণ সহায় সহযোগিতা আগবঢ়াই অহা বুলি উল্লেখ কৰে বলেন পেগুৱে। পৰিয়ালটোৰ দায়িত্ববোধ আৰু মানসিক দৃষ্টিভংগীত বলেন পেগুৱে উল্লেখ কৰি কয় যে, 'এই বাদুলিবোৰ আমাৰ অতিথি। ইহঁতে আমাৰ কোনো ক্ষতি নকৰে, বৰঞ্চ প্ৰকৃতিক সহায় কৰে। সেয়ে আমি ইহঁতক সুৰক্ষা দিয়া আমাৰ দায়িত্ব বুলি ভাবোঁ।' এই মানসিক দৃষ্টিভংগীয়েই পেগু পৰিয়ালটোক সমাজত পৃথক কৰি তুলিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ